ETV Bharat / bharat

উত্তৰ প্ৰদেশত বান : ২৩ খন ক্ষতিগ্ৰস্ত, নিহত ৩ জন; প্ৰধানমন্ত্ৰীয়ে লৈছে পৰিস্থিতিৰ বুজ

উত্তৰ প্ৰদেশৰ বানত কেইবাহাজাৰ লোক ক্ষতিগ্ৰস্ত । প্ৰধানমন্ত্ৰীৰ সমষ্টি বাৰাণসীও পানীত বুৰ গৈছে ।

Inundated areas due to the floods
উত্তৰ প্ৰদেশত বান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 3, 2026 at 1:12 PM IST

5 Min Read
Choose ETV Bharat

লক্ষ্ণৌ (উত্তৰ প্ৰদেশ) : এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে উত্তৰ প্ৰদেশ । অসমৰ পিছত এইবাৰ উত্তৰ ভাৰতৰ ৰাজ্যখনত বানৰ কবলত পৰিছে ।

ৰাজ্যখনৰ ২৩ খন জিলা প্ৰভাৱিত হোৱাৰ লগে লগে প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ৩ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ইফালে প্ৰায় ১৬০০০ লোক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

চৰকাৰী তথ্য অনুসৰি বুধবাৰে ৩০৪২ গৰাকী লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

বানত মৃত্যু হোৱা লোকসকল প্ৰতাপগড় আৰু আমৰোহৰ বুলি জানিব পৰা গৈছে । প্ৰতাপগড়ত প্ৰিয়াংশ নামৰ এটি ১৮ মহীয়া শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আমৰোহৰ গজৰৌলাৰ শ্বেৰা (৩২) আৰু সুৰেশ (৫৫) নামৰ দুজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিছে ।

বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে অযোধ্যা, আজমগড়, বালিয়া, বাৰাবংকি, বদৌন, চণ্ডাউলী, ফাৰুখাবাদ, গাজীপুৰ, গোৰখপুৰ, হৰদোয়, কাছগঞ্জ, লখিমপুৰ খেৰী, মিৰ্জাপুৰ, মোৰাদাবাদ, পিলিভীত, প্ৰয়াগৰাজ, ৰায়বৰেলী, সন্ত কবিৰ নগৰ, শ্বাহজাহানপুৰ, সীতাপুৰ, সোণভদ্ৰ, উন্নাও আৰু বাৰাণসী ।

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ১৪৯৯ খন নাও আৰু মটৰচালিত নাও যোগান ধৰাৰ বিপৰীতে ১০৬৭ টা চিকিৎসা কৰ্মীৰ দল প্ৰেৰণ কৰিছে । তদুপৰি ১৩১১ টা বান আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ।

ইয়াৰে ২০১ টা বৰ্তমান কাৰ্যক্ষম হৈ আছে বুলি জানিব পৰা গৈছে । বানত প্ৰায় ৪৪২ টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৩৬,২৮৭ টা পশুধনৰ ক্ষতি হৈছে ।

প্ৰধানমন্ত্ৰীয়ে বানৰ খবৰ লৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে বাৰাণসী জিলা দণ্ডাধীশ সত্যেন্দ্ৰ কুমাৰৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লৈছে । বাৰাণসীৰ সাংসদ হিচাপে মোদীয়ে গংগা নদীৰ জলস্তৰ বৃদ্ধিৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য শিবিৰৰ ব্যৱস্থাৰ বিষয়ে তথ্য বিচাৰিছিল বুলি জানিব পৰা গৈছে ।

ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় সকলো সা-সুবিধা যাতে তৎকালীনভাৱে তেওঁলোকৰ ওচৰলৈ যায় তাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিছে ।

একেদৰে অতিৰিক্ত সাহায্য সামগ্ৰীৰ প্ৰয়োজন হোৱা স্থানত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই জনাইছে, "প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ মেয়ৰ আৰু কালেক্টৰৰ সৈতে কথা পাতিছে আৰু মহানগৰীৰ বান সম্পৰ্কীয় পৰিস্থিতিৰ বুজ লৈছে । তেওঁক সাহায্য ব্যৱস্থাৰ বিষয়ে অৱগত কৰা হৈছে ।"

ছিত্ৰকুটত প্ৰাদেশিক সশস্ত্ৰ কনিষ্টবলৰ ৪২ নং বেটেলিয়নৰ দ্বাৰা পৰিচালিত মটৰচালিত নাওৰ সহায়ত মন্দাকিনী নদীৰ পাৰৰ চৌৰা গাঁৱৰ পৰা প্ৰায় ১৫০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ কৰাসকলক খাদ্য, সাহায্য সামগ্ৰী আৰু চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে ।

বালিয়াত গংগা আৰু সৰযু নদীৰ বাঢ়নী পানীয়ে প্ৰায় ২০,৫০০ লোক প্ৰভাৱিত কৰিছে । জিলাখনত প্ৰশাসনে ৮৩ খন নাওৰ জৰিয়তে ৬৫০০ টা ৰেচনৰ টোপোলা, ৩৩,৮৪৩ টা ঔষধৰ টোপোলা আৰু ৮৩,০৯২ পেকেট ৰন্ধা খাদ্য বিতৰণ কৰিছে ।

মুঠ ১৬,৬২৯ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ৯৬৫ কুইণ্টল পশুধনৰ যোগান ধৰা হৈছে । ফ্লাড প'ষ্ট, এনডিআৰএফ আৰু পিএচিৰ দলো মোতায়েন কৰা হৈছে । লগতে গোপালনগৰ তাড়ী আৰু ভোজপুৰোৱাত সাহায্য আশ্ৰয় শিবিৰ আৰু সামূহিক পাকঘৰ স্থাপন কৰা হৈছে ।

বিভিন্ন শিক্ষানুষ্ঠানো বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । খকৰা দলংখন ডুব যোৱাৰ ফলত প্ৰায় ১৮ খন গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ বিপৰীতে পৰিস্থিতি উন্নত নোহোৱালৈকে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান বন্ধ কৰি দিয়া হৈছে ।

একেদৰে নামনি অঞ্চলৰ লোকসকলক সুৰক্ষিত স্থানলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে । ২০০ খন বিছনাযুক্ত এখন চিকিৎসা মহাবিদ্যালয়ো কৃত্ৰিম বানৰ কবলত পৰিছে । যাৰ ফলত ৩৪ ঘণ্টাৰো অধিক সময় ধৰি বিদ্যুৎ যোগান বিঘ্নিত হৈ থাকে । অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ বাবে জেনেৰেটৰ ব্যৱহাৰ কৰা হয় ।

লখিমপুৰ খেৰীত জিলা দণ্ডাধীশ অঞ্জনী কুমাৰ সিঙে গিৰিজা বেৰেজ এফ্লাক্স বাণ্ড আৰু মোহনা নদীৰ কাষৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । ২৪ ঘণ্টাই কাম চলি থকাৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত অঞ্চলটোৰ কেইবাটাও পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । বিষয়াসকলে কয় যে পালিয়াৰ শাৰদা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে । যাৰ ফলত কৃষিভূমি আৰু বহু গাঁৱৰ ওচৰৰ পথবোৰ প্লাৱিত হৈছে ।

এই পৰ্যন্ত চৰকাৰে সাহায্যৰ অংশ হিচাপে ৬৮,৯৫৩ টা খাদ্য শস্যৰ পেকেট আৰু ৩.৩৬ লাখৰো অধিক দুপৰীয়াৰ আহাৰৰ পেকেট বিতৰণ কৰিছে । বানৰ সময়ত হ'ব পৰা ৰোগ প্ৰতিৰোধৰ বাবে ৫.০২ লাখতকৈ অধিক টেবলেট আৰু ১.৭৭ লাখৰো অধিক অ'আৰএছ পেকেটো বিতৰণ কৰা হৈছে ।

গাজিয়াবাদত ৪ ছেপ্টেম্বৰলৈকে য়েল' এলাৰ্ট (Yellow alert) বলবৎ থাকিব । প্ৰবল বৰষুণৰ সময়ত বাসিন্দাসকলক সাৱধান হৈ থাকিবলৈ আৰু পানীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক :

পাঠদানৰ সময়তে খহি পৰিল চৰকাৰী বিদ্যালয়ৰ ছাদ, আহত ৬ শিক্ষাৰ্থী