নাম সলনি হ'ল কেৰালাৰ, নতুন নাম 'কেৰালাম'
২০২৪ চনৰ ২৪ জুনত কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰক আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নাম কেৰালামলৈ সলনি কৰিবলৈ আহ্বান জনাইছিল ।

Published : February 24, 2026 at 4:26 PM IST
নতুন দিল্লী: দক্ষিণৰ ৰাজ্য কেৰালাই আজিৰে পৰা পালে নতুন নাম ৷ এতিয়াৰে পৰা কেৰালাক জনা যাব কেৰালাম নামেৰে ৷ কেন্দ্ৰীয় কেবিনেটে আজি এই সিদ্ধান্ত অনুমোদন জনায় ৷ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে কেৰালা চৰকাৰে ৰাজ্যখনৰ নাম সলনি কৰাৰ প্ৰস্তাৱত মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় । আগন্তুক এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰাটো তাৎপৰ্যপূৰ্ণ । ২০২৪ চনৰ ২৪ জুনত কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰক আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নাম কেৰালামলৈ সলনি কৰিবলৈ আহ্বান জনাইছিল ।
এই প্ৰস্তাৱ উত্থাপন কৰা কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বিচাৰিছিল যে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত সকলো ভাষাতে দক্ষিণৰ ৰাজ্যখনৰ নাম কেৰালাৰ পৰা কেৰালামলৈ সলনি কৰক ।
এই প্ৰস্তাৱ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজ্যখনক মালয়ালম ভাষাত ‘কেৰালাম’ বুলি কোৱা হয় আৰু মালয়ালমভাষী জনগোষ্ঠীসমূহৰ বাবে এক ঐক্যবদ্ধ কেৰালা গঠনৰ দাবী জাতীয় স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই শক্তিশালীভাৱে উত্থাপন হৈছে ।
আনহাতে আজিৰ কেন্দ্ৰীয় কেবিনেটে ইয়াৰ উপৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি মৰাপাটৰ খেতিয়কসকলক উপকৃত কৰিব পৰাকৈ কেন্দ্ৰীয় কেবিনেটে আজি মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ কৰে ৷ ২০২৬-২৭ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল মৰাপাটত ৫,৯২৫ টকা ন্যূনতম সমৰ্থন মূল্য ধাৰ্য কৰা হৈছে ৷
লগতে পঢ়ক: মাজ আকাশত কাৰিকৰী বিজুতি, ১৫০ গৰাকী যাত্ৰীক লৈ উৰা মৰা বিমান উভতিল দিল্লীলৈ

