মোৰ শুকুলা ঘোঁৰা... ! ঘোঁৰাত উঠি কাৰ্যালয়লৈ আহিল বেংক কৰ্মচাৰী
তেল ডিপোত তেল নাই ! এজন বেংক কৰ্মচাৰীয়ে নিজৰ বুলেটত তেল ভৰাব নোৱাৰি বাচি ল'লে বিকল্প ব্যৱস্থা ৷

Published : March 26, 2026 at 4:42 PM IST
দেৱাস (মধ্যপ্ৰদেশ): দেশজুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যক লৈ উৰাবাতৰি প্ৰচাৰ হোৱাৰ ফলত তেল ডিপোসমূহত গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । নিজৰ বাহনত ইন্ধন ভৰোৱাৰ বাবে বহু লোকে পেট্ৰ’ল পাম্পত ভিৰ কৰাৰ ফলত তেল ডিপোসমূহত ইন্ধনৰ নাটনিয়ে দেখা দিছে ।
ইফালে দেৱাসৰ এজন বেংকৰ কৰ্মচাৰীয়েও নিজৰ বুলেটত তেল ভৰাবলৈ গৈছিল তেল ডিপোলৈ, কিন্তু যেতিয়া তেওঁ তেল ভৰাব নোৱাৰিলে তেতিয়া এক বিকল্প ব্যৱস্থা কৰি লয় ৷ ঘোঁৰাত উঠি পৰম্পৰাগত ধৰণেৰে ঘৰৰ পৰা নিজৰ অফিচলৈ যোৱা দেখ গ’ল কৰ্মচাৰীগৰাকীক ।
ঘোঁৰাত উঠি অফিচলৈ
দেৱাসৰ পেট্ৰ’ল পাম্পত দীঘলীয়া শাৰীৰ মাজতে এক অনন্য দৃশ্য উন্মোচিত হ’ল । ৰাধাগঞ্জৰ এটা ব্যক্তিগত বেংকৰ কৰ্মচাৰী গোপাল ঠাকুৰ ঘোঁৰাত উঠি বেংকত উপস্থিত হয়গৈ । যেতিয়া গোপাল ঠাকুৰে বুলেটৰ বাবে পেট্ৰল বিচাৰি নাপালে, ঘোঁৰাত উঠি ৩ কিলোমিটাৰ যাত্ৰা কৰি বেংকলৈ গ’ল । ঘোঁৰাত উঠি গোপাল বেংক আহি পোৱাৰ লগে লগে বহুতে তেওঁৰ ভিডিঅ’ কৰিবলৈ আৰম্ভ কৰে ।
বুলেটতকৈও বেগত আহিল ঘোঁৰা
বেংকৰ কৰ্মচাৰী গোপালে দেৱাসৰ এ ইউ ফাইনেন্স বেংকত কাম কৰে । তেওঁ প্ৰতিদিনে পুৱা নিজৰ বুলেটত বেংকলৈ অহা-যোৱা কৰে । কিন্তু বহু পেট্ৰ’ল পাম্পৰ মজুত শেষ হৈ পৰাত তেওঁৰ অহা-যোৱাত পলম হয় । গোপালে নিজৰ বুলেটখন ঘৰত থৈ তাৰ পৰিৱৰ্তে ঘোঁৰাত উঠি অফিচলৈ যাত্ৰা কৰিলে । গোপালে সংবাদ মাধ্যমক কয়, "মই জৱাহৰ নগৰ শাখাত সময়মতে মোৰ ডিজিটেল উপস্থিতি (পাঞ্চ ইন) দিবলগীয়া হৈছিল, কিন্তু বুলেটত পেট্ৰ'ল কম আছিল আৰু পাম্পবোৰত ভিৰ আছিল । গতিকে, মই ঘোঁৰাটো লৈ যোৱাৰ সিদ্ধান্ত লৈছিলো । জৰুৰীকালীন অৱস্থাত ঘোঁৰাটোৱে মোক বুলেটতকৈ আগতেই অফিচ পোৱাইছিল, যাৰ ফলত মই সময়মতে পাঞ্চ ইন কৰিব পাৰিছিলোঁ ।"
ডিজেল আৰু পেট্ৰ’লৰ নাটনিক লৈ উৰাবাতৰিৰ বাবে দেৱাসৰ কেইবাটাও পেট্ৰ’ল পাম্পৰ মজুত বন্ধ হৈ পৰিছে । ইফালে গোপালে ঘোঁৰাত উঠি নিজৰ অফিচলৈ যোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হ’বলৈ ধৰে, যাৰ ফলত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইৰাণ যুদ্ধৰ ফলত সৃষ্টি হোৱা সংকটৰ কথা উল্লেখ কৰি গোপালে কয় যে এনে বহু জৰুৰী অৱস্থাত পৰম্পৰাগত পদ্ধতি গ্ৰহণ কৰিব পৰা যায় ।
উৰাবাতৰিৰ প্ৰভাৱ বিভিন্ন স্থানত
ইন্দোৰ, দেৱাস, উজ্জয়িনী, বুৰহানপুৰৰ পিছত সাগৰ অঞ্চলতো পেট্ৰ’ল আৰু ডিজেলৰ নাটনিৰ উৰাবাতৰি বিয়পি পৰে, যাৰ ফলত পেট্ৰ’ল পাম্পত ব্যাপক ভিৰ হয় । সাগৰ জিলাৰ বিনা আৰু খুৰাইত পেট্ৰ’ল-ডিজেলৰ নাটনিৰ উৰাবাতৰিৰ ফলত যোৱানিশা হঠাতে জনসমাগমৰ সৃষ্টি হয় । মাজনিশালৈকে বহু পেট্ৰ’ল পাম্পত দীঘলীয়া শাৰী দেখা গৈছিল । পেট্ৰ’ল-ডিজেল ভৰাবলৈ বহু লোকে গেলন আদিও লৈ আহিছিল । কেইবাটাও পেট্ৰ’ল পাম্পত বিবাদৰো সৃষ্টি হয়, যাৰ ফলত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য হয় ।
লগতে পঢ়ক:
পি এন জিৰ ব্যৱস্থা থকা গ্ৰাহকে এল পি জি চিলিণ্ডাৰ ক্ৰয় কৰিব নোৱাৰিব : কেন্দ্ৰৰ কঠোৰ নিৰ্দেশনা

