নিৰ্বাচনৰ সময়ত আলফা(স্বা)কে ধৰি বিভিন্ন বিদ্ৰোহী সংগঠনৰ লক্ষ্য হ'ব নেকি অসম ?
বাংলাদেশী বিদ্ৰোহী সংগঠনৰ সহায়ত অসম বিধানসভা নিৰ্বাচনৰ সময়ত কূটাঘাত সংঘটিত কৰিব পাৰে আলফা স্বাধীনে !

Published : March 5, 2026 at 2:43 PM IST
নতুন দিল্লী : সমাগত অসমৰ বিধানসভা নিৰ্বাচন । দিন ঘোষণা হোৱা নাই যদিও ব'হাগ বিহুৰ আশে-পাশে নিৰ্বাচন অনুষ্ঠিত হ'ব । প্ৰতিটো ৰাজনৈতিক দলেই প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে একাংশ দলে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে । কিন্তু তাৰ মাজতে এক চিন্তনীয় খবৰ পোহৰলৈ আহিছে ।
অসম কেইবাটাও বিদ্ৰোহী সংগঠনৰ লক্ষ্য হ'ব পাৰে ! আলফা (স্বাধীন)কে ধৰি কেইবাটাও বিদ্ৰোহী সংগঠনে ৰাজ্যত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব পাৰে ! চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ইণ্ডিয়া ছিকিউৰিটী ষ্টাডিজ (চি এন ই আই এছ এছ) নামৰ থিংক টেংকে এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰিছে । বিবৃতিটোত উল্লেখ কৰিছে যে আলফা স্বাধীন, বাংলাদেশী জনজাতীয় সশস্ত্ৰ সংগঠন পাৰ্বত্য চট্টগ্ৰাম জন সংহতি সমিতি (পি চি জে এছ এছ), আৰ্কান ৰোহিংগীয়া ছেলভেচন আৰ্মী (এ আৰ এছ এ) আৰু ৰোহিংগীয়া ছলিডাৰিটী অৰ্গেনাইজেচন (আৰ এছ অ') আদি বিদ্ৰোহী সংগঠন একত্ৰিত হৈ অসমত অশান্ত পৰিৱেশৰ সৃষ্টি কৰিব পাৰে ।
চি এন ই আই এছ এছৰ স্বপন দেৱবৰ্মাই কৈছে, "২০২৫ চনৰ ৯-১১ ডিচেম্বৰত বাংলাদেশৰ ডি জি এফ আই (Directorate General of the Forces Intelligence) আৰু পাকিস্তানৰ আই এছ আইয়ে (ISI) ক্ৰমে এ আৰ এছ এ, আৰ এছ অ', আলফা (স্বাধীন), পাৰ্বত্য চট্টগ্ৰাম জন সংহতি সমিতি (ছাণ্টু)ৰ দৰে বিদ্ৰোহী সংগঠনৰ সৈতে কক্স বজাৰত দুদিনীয়া মাৰাথন বৈঠকৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে । বৰ্তমান ৰোহিংগীয়া বিদ্ৰোহী সংগঠনৰ জৰিয়তে অস্ত্ৰৰ যোগান ধৰা হৈছে আৰু উত্তৰ-পূবত কূটাঘাতৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে কক্স বজাৰৰ পি চি জে এছ এছৰ প্ৰতিনিধি বিধায়ক চাকমাই ২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত ৫০ টা অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে । পি চি জে এছ এছ (ছান্টু)য়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহীসকলক চট্টগ্ৰামত পশ্চিমীয়া এজেন্সীৰ পৰা ক্ৰয় কৰা ভয়ংকৰ ৰকেট ইন্ধন যোগান ধৰিছে বুলি জানিব পৰা গৈছে । এই ৰকেট ইন্ধন দলংবোৰত আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে ।"
ত্ৰিপুৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে ২০২৫ চনৰ ২১ জানুৱাৰীত আগৰতলাত ৯ এম এম পিষ্টলসহ সমাজ প্ৰিয় চাকমাকে ধৰি পি চি জে এছ এছ (ছাণ্টু)ৰ কেইটামান অস্ত্ৰধাৰী কেডাৰ, ২০২৫ চনৰ ৪ জুনত আগৰতলাত ১৩ টা কেডাৰ আৰু ২০২৬ চনৰ ২৩ ফেব্ৰুৱাৰীত এপ'ল' চাকমাক গ্ৰেপ্তাৰ কৰে । মিজোৰামৰ পৰা ২০১৩ চনৰ ৭ মাৰ্চত বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ফৌজদাৰী আপীল নং ১/২০১৯ৰ আধাৰত ২০২৪ চনৰ ৫ ছেপ্টেম্বৰত পি চি জে এছ এছক উগ্ৰপন্থী সংগঠন হিচাপে অভিহিত কৰিছিল ।
দেৱবৰ্মাই লগতে উল্লেখ কৰিছে, "উগ্ৰপন্থী বা সন্ত্ৰাসবাদীৰ পৰা উদ্ভৱ হ'ব পৰা নিৰাপত্তাজনিত ভাবুকিৰ মোকাবিলা কৰিবলৈ ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ কাৰ্যকলাপ অপৰ্যাপ্ত যেন লাগিছে ৷ কাৰণ অৰুণাচল প্ৰদেশৰ চাকমাসকলক নাগৰিকত্ব প্ৰদান নকৰা আৰু মিজোৰামত চাকমাসকলৰ বিৰুদ্ধে বৈষম্যৰ প্ৰতি লক্ষ্য ৰাখি পি চি জে এছ এছ (ছাণ্টু)-এ পুঁজি যোগান ধৰি ভাৰতীয় চাকমাসকলক অনুপ্ৰৱেশ কৰাইছে । ইয়াৰ ফলত ২০২৫ চনৰ জুলাই আৰু আগষ্ট মাহত ত্ৰিপুৰাত পি চি জে এছ এছ (ছাণ্টু)ৰ বিৰুদ্ধে প্ৰতিবাদৰ সৃষ্টি হৈছিল যেতিয়া অসম ৰাইফলছে ১০.৪৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল । ২০২৫ চনৰ ১৯ জুনত পি চি জে এছ এছ (ছাণ্টু)ৰ নেতা বিধায়ক চাকমাৰ দুই ঘনিষ্ঠ ক্ৰমে স্বপনা চাকমা আৰু পুন্যাসুৰ চাকমাৰ পৰা এই ধন জব্দ কৰা হৈছিল ।"
বিবৃতিত লগতে উল্লেখ কৰা হৈছে, "পি চি জে এছ এছৰ (ছাণ্টু) ভাবুকি দিনক দিনে বৃদ্ধি পাইছে । কাৰণ পি চি জে এছ এছৰ শীৰ্ষ নেতা ছাণ্টু লাৰ্মাই চি এইচ টি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত বিগত ২৭ বছৰ ধৰি নিৰ্বাচন নোহোৱাকৈ চি এইচ টি আঞ্চলিক পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । অৱশ্যে বাংলাদেশৰ নতুন চৰকাৰে ছাণ্টুক একে দায়িত্বতে ৰাখিব নে নাই সেয়া নিশ্চিত নহয় । সেয়ে ছাণ্টু লাৰ্মাই যিকোনো কাম কৰিবলৈ আগ্ৰহী । ইয়াৰ সুযোগ লৈছে আলফা-ৰোহিংগীয়া সংগঠনে । লাৰ্মাৰ সহায়ত এই সংগঠনবোৰে উত্তৰ পূৰ্বাঞ্চলত কূটাঘাত সংঘটিত কৰিব পাৰে বিশেষকৈ অসম বিধানসভা নিৰ্বাচনৰ সময়ত । পি চি জে এছ এছ (ছাণ্টু)ৰ জ্যেষ্ঠ নেতা গৌতম কুমাৰ চাকমা আৰু চি এইচ টি আঞ্চলিক পৰিষদৰ এজন সদস্যই চিকিৎসা ভিছা লৈ ভাৰতত প্ৰৱেশ কৰি হোলীৰ সময়ত হোৱা শিথিলতাৰ সুযোগ লৈ চি এইচ টিৰ পৰা আগৰতলালৈ অস্ত্ৰ সৰবৰাহকাৰীক আমন্ত্ৰণ জনাইছে আৰু তেওঁলোকে গুৰুতৰ ক্ষতি কৰিব পাৰে ।"
লগতে পঢ়ক :
নিৰ্বাচনৰ সময়ত বিৰোধী দলৰ নেতা বিজেপিত আৰু বিজেপি নেতা কংগ্ৰেছত: মুখ্যমন্ত্ৰী

