প্ৰেমৰ শক্তি ! আঢ়ৈফুটীয়া প্ৰেমিকক জীৱন লগৰী কৰিবলৈ ঘৰ এৰিলে টিনাই
এক অনন্য যুটি । ভালপোৱাৰ এক আদৰ্শনীয় কাহিনী । সঁচা প্ৰেমৰ বাবে ঘৰ এৰি আঢ়ৈফুটীয়া প্ৰেমিকক জীৱন লগৰী কৰিলে সুন্দৰী যুৱতীয়ে ।

Published : October 30, 2025 at 5:18 PM IST
উজ্জয়িনী : এগৰাকী ৩৫ বছৰীয়া যুৱক । যাৰ উচ্চতা মাত্ৰ আঢ়ৈ ফুট । শৰীৰৰ হাড়বোৰ ভাঁজলগা, কিন্তু গাঁঠিবোৰ খোলা । এনে এগৰাকী ব্যক্তি যিয়ে ঘূৰা-ফুৰা কৰিব নোৱাৰে । কোনো সামগ্ৰীও ডাঙিব নোৱাৰে । কিন্তু এইগৰাকী যুৱক মানসিকভাৱে সম্পূৰ্ণ সুস্থ আৰু তীক্ষ্ণ বুদ্ধিৰ ।
এনে অৱস্থাৰেই জীৱন-যুঁজ আগবঢ়াই নিয়া এইগৰাকী যুৱকে এনে এগৰাকী জীৱন সংগী লাভ কৰিলে, যাৰ বয়স তেওঁতকৈ ১০ বছৰ সৰু । এইগৰাকী সুস্থ-সুঠাম সুন্দৰী যুৱতীয়ে নিজৰ জীৱন সংগী হিচাপে নিৰ্বাচন কৰে বিশেষভাৱে সক্ষম যুৱকগৰাকীক । ৪ বছৰ পূৰ্বে প্ৰেম বিবাবহত আবদ্ধ হয় আৰু এতিয়া এখন সুখৰ সংসাৰ আগবঢ়াই নিছে । তেওঁলোকৰ প্ৰেমৰ সাক্ষী হিচাপে এটি শিশুও আছে ।
সামাজিক মাধ্যমত চিনাকিৰ পৰা প্ৰেমৰ অংকুৰণ
এই যুটিটোৱে সামাজিক তাচ্ছিল্যকো পৰোৱা নকৰি নিজৰ প্ৰেমৰ মূল্য ৰাখিলে । পত্নীয়ে নিজৰ স্বামীৰ সেৱা-শুশ্ৰূষা কৰাৰ লগতে ঘৰুৱা কাম-কাজতো হাত উজান দি এক সুখৰ জীৱন কটাই আছে । এনে এক অনন্য দম্পতীৰ সৈতে তেওঁলোকৰ সুখ-দুখৰ সমভাগী হয় ইটিভি ভাৰতৰ প্ৰতিনিধি । আমাৰ প্ৰতিনিধিৰ আগত দুয়োৰে মন্তব্য, "সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ মিলন হয় । কিন্তু এই সম্পৰ্কক যেতিয়া ঘৰৰ মানুহে স্বীকৃতি নিদিলে তেতিয়া বন্ধু-বান্ধৱৰ সহযোগত ঘৰৰ পৰা পলাই আহি বিবাহপাশত আবদ্ধ হওঁ । আজি আমাৰ বিয়াৰ ৪ বছৰ । আমাৰ ডেৰ বছৰ বয়সৰ এটি ল'ৰা আছে ।"


পৰিয়াল দুটাৰ পটভূমি
উজ্জয়িনীৰ নতুন পৈঠস্থিত ছুট মাৰ্কেটৰ বাসিন্দা ৩৫ বছৰীয়া ৰোহিত নাগমোতিয়া আৰু তেওঁৰ ২৫ বছৰীয়া পত্নী টিনা নাগমোতিয়াৰ এই কাহিনী সঁচা প্ৰেমৰ ত্যাগ আৰু সমৰ্পণৰ এক উল্লেখনীয় দৃষ্টান্ত । ৰোহিত নাগমোতিয়াই কয়, "মোৰ উচ্চতা মাত্ৰ আঢ়ৈ ফুট । সৰুৰে পৰাই মই এনেকুৱা । মোৰ পিতৃ পুৰোষোত্তমে শ্ৰী মহাকাল মন্দিৰৰ বাহিৰত ফুল আৰু প্ৰসাদৰ দোকান দিয়ে । মায়ে দেউতাক সহায়ৰ হাত আগবঢ়ায় । মোৰ কনিষ্ঠ ভাতৃ আৰু ভগ্নীও আছে ।"


ৰোহিতে কয়, "পৰিয়ালটোৰ ৰোজগাৰ কিবা প্ৰকাৰে হৈ যায় ।" আনহাতে, ৰোহিতৰ পত্নী টিনা নাগমোতিয়াই কয়, "মোৰ ঘৰ উজ্জয়িনীত । মোৰ ঘৰত এজন জ্যেষ্ঠ আৰু এজন কনিষ্ঠ ভাতৃ আছে । দেউতা আছে, কিন্তু কেন্সাৰত আক্ৰান্ত হৈ মাৰ ২০০৭ চনত মৃত্যু হৈছে । আমাৰ দুয়োৰে প্ৰথমতে সামাজিক মাধ্যমত বন্ধুত্ব হয় । তাৰ পিছত প্ৰেম । যেতিয়া এই প্ৰেমে পূৰ্ণতা লাভ কৰে তেতিয়া বিয়াত বহোঁ ।"


ঘৰতে প্ৰসাধনৰ দোকান দিয়ে টিনাই
ৰোহিত আৰু টিনাই কয়, "আমি সাধাৰণ জীৱন যাপন কৰি আছোঁ । দিন অতিবাহিত কৰাত কিছু সমস্যা হয় । কিন্তু প্ৰেম কৰিছোঁ যেতিয়া সেয়া হাঁহি হাঁহি আগবঢ়াই লৈ গৈছোঁ ।"


ৰোহিতে কয়, "বিয়াৰ পূৰ্বে দেউতাই মোৰ চোৱাচিতা কৰিছিল । গা ধুওৱাৰ পৰা খাদ্য খুওৱালৈকে, ক'ৰবালৈ লৈ যোৱা সকলো দেউতাই কৰিছিল । কিন্তু বৰ্তমান টিনা অহাৰ পিছত দেউতাই অলপ আৰাম পাইছে । কিন্তু টিনাৰ সংগ্ৰাম চলি আছে ।"
তেওঁ লগতে কয়, "তেৱেঁই মোৰ সকলো কাম কৰে । প্ৰথমতে তেওঁৰ এখন ৰেষ্টুৰেণ্ট আছিল, তাত তেওঁ পৰিচালনাৰ কাম কৰিছিল । তাৰ পূৰ্বে এখন সৰু দোকান আছিল । কিন্তু বৰ্তমান সকলো বন্ধ হৈ গৈছে । বৰ্তমান টিনায়ে ঘৰৰ খৰচ উপাৰ্জন কৰে । টিনাই এতিয়া ঘৰতে এখন প্ৰসাধন সামগ্ৰীৰ দোকান খুলিছে । ইয়াৰ পৰাই জীৱন নিৰ্বাহ হৈ আছে ।"

পৰিয়ালৰ সন্মতি অবিহনে বিয়া কৰাইছিল
ৰোহিত আৰু টিনাই কয়, ২০১৭-২০১৮ চনৰ মাজভাগত সামাজিক মাধ্যমৰ জৰিয়তে দুয়োৱে সান্নিধ্যলৈ আহে । সময়ৰ লগে লগে তেওঁলোকৰ বন্ধুত্বই প্ৰেমৰ ৰূপ পায় । তেওঁলোকে কয়, "আমি দুয়ো একেখন সমাজৰে । সেইবাবে ইজনে সিজনৰ ঘৰলৈ অহা-যোৱা আৰম্ভ হয় । আমি ২০২২ চনলৈকে প্ৰেমৰ সম্পৰ্কত আছিলোঁ । তাৰ পিছত বিয়া পতাৰ সিদ্ধান্ত লওঁ । ২০২২ চনত পৰিয়ালৰ সন্মতি অবিহনেই বিয়া পাতো ।"

তেওঁলোকে কয়, "পৰিয়ালক প্ৰথমতে সোধাত ৰোহিতৰ পিতৃয়ে কয় যে কিয় এগৰাকী ছোৱালীৰ জীৱন ধ্বংস কৰিবলৈ ওলাইছোঁ । টিনাৰ পৰিয়ালেও একেই কথা কয় । কেনেদৰে আমি এনেকুৱা এজন ল'ৰাৰ সৈতে বিয়া দিম । ইয়াৰ পিছত জীৱনটোত কেৱল সংঘৰ্ঘ আৰু সংঘৰ্ষ ।"

ইয়াৰ পিছত দুয়োৱে বন্ধু-বান্ধৱৰ সহায়ত আদালতত বিয়া পাতে । তাৰ পিছত চিন্তামন গণেশ মন্দিৰত বিয়া পাতে । দুয়োটা পৰিয়ালে তেওঁলোকক বিয়াৰ ১০ দিন পিছতহে স্বীকৃতি দিয়ে । আজি তেওঁলোক এতি সুখী । দুয়োৰে এটি ল'ৰা সন্তান আছে ।
সামাজিক উপলুঙাক সহিবলৈ প্ৰেমে দিয়ে শক্তি
ৰোহিত আৰু টিনা দুয়ো সামাজিক মাধ্যমত অতি সক্ৰিয় । একেলগে বলীউডৰ গানত ৰীল বনায় । দুয়োৰে এই অসাধাৰণ যুটিয়ে অতি কম সময়তে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে । ৰোহিতৰ সমাজিক মাধ্যমৰ আই ডি হৈছে rohit_teena_nagmotiya । আনহাতে, টিনাৰ আই ডি হৈছে teena_rohit_nagmotiya ।

তেওঁলোক দুয়ো সকলো সামাজিক মাধ্যমতে আছে । কিন্তু ইনষ্টাগ্ৰামত অধিক সক্ৰিয় । ৰোহিত আৰু টিনাই কয়, "সামাজিকভাৱে যি মনোকষ্ট পাইছোঁ তাক সহিবলৈ আমাৰ প্ৰেমেই শক্তি দিয়ে । মানুহে সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি বাস্তৱ জীৱনলৈকে নানাধৰণৰ উপলুঙা কৰে । পৰিয়ালৰ মানুহেও কথা শুনায় । কিন্তু আমি এইবোৰৰ পৰা বহিৰ ওলাই এক সুন্দৰ আৰু সুখী জীৱন কটাই আছোঁ ।"

ৰোহিতৰ এই অৱস্থা কিয়
অস্থি ৰোগ বিশেষজ্ঞই জনোৱা মতে, "সাধাৰণতে এনে অৱস্থা অষ্টিঅ'পৰ'ছিছ (osteoporosis) ৰোগত আক্ৰান্ত ব্যক্তিৰ হয় ।" আনহাতে, এই ৰোগত আক্ৰান্ত ৰোহিতে কয়, "এয়া কোনো ৰোগ নহয় । ইন্দোৰত পৰিয়ালৰ লোকে চিকিৎসা কৰায় । ইয়াত অনুষ্ঠিত চিকিৎসা শিবিৰত বিদেশৰ পৰা অহা চিকিৎককো দেখুৱাওঁ । কিন্তু তেওঁলোকে কোনো ৰোগৰ কথা ক'ব নোৱাৰিলে ।"

