অৱসৰৰ দিনাই শিক্ষকে মৰণোত্তৰ নেত্ৰ-দেহদান কৰি দেখুৱালে আদৰ্শ
শৈলেন্দ্ৰ ব্যাস নামৰ শিক্ষকগৰাকীৰ পত্নী,পুত্ৰ আৰু কন্য়ায়ো কৰিব মৰণোত্তৰ দেহদান ।

Published : July 6, 2026 at 5:10 PM IST
উজ্জয়িনী (মধ্য় প্ৰদেশ): মানৱ সম্পদ গঢ়াৰ বাবে ৩৯ বছৰে সেৱা আগবঢ়োৱা এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণৰ দিনটো আন এক মহান কাৰ্যৰে স্মৰণীয় কৰিলে । মধ্য় প্ৰদেশৰ উজ্জয়িনীৰ শৈলেন্দ্ৰ ব্যাস নামৰ শিক্ষকগৰাকীয়ে চৰকাৰী সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰা দিনটোত সম্পাদন কৰা আন এক মানৱ সেৱাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
৬২ বছৰীয়া শিক্ষকগৰাকীয়ে গ্ৰহণ কৰা এই সিদ্ধান্তক তেওঁৰ পৰিয়ালেও সমৰ্থন জনাইছে । কেৱল সমৰ্থনেই নহয়, শৈলেন্দ্ৰ ব্যাসৰ পত্নী, পুত্ৰ আৰু কন্যাইও তেওঁ গ্ৰহণ এই সিদ্ধান্তৰেই এখোজ আগুৱাই গৈছে । শৈলেন্দ্ৰ ব্যাসৰ লগতে তেওঁৰ পৰিয়ালটোৱে মৰণোত্তৰ দেহদান আৰু নেত্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শৈলেন্দ্ৰ ব্যাসে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতি, মধ্যপ্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন মঞ্চত সম্বৰ্ধনা জ্ঞাপন কৰিছে । মূলতঃ উজ্জয়িনী জিলাৰ বদনগৰৰ এইগৰাকী শিক্ষকে নিজৰ ব্য়তক্ৰমী শৈলীৰে মানুহক হাঁহিবলৈ সক্ষম হোৱা বাবে তেওঁক 'স্বামী মুস্কুৰাকে' নামেৰে পৰিচিত হৈছে ।
৪২০ নম্বৰৰ বাহন :
কেৱল কথাৰ বাবেই নহয়, সাজ-পোচাক আৰু জীৱনশৈলীৰ বাবেও তেওঁ সকলোৰে মাজত পৰিচিত। তেওঁৰ বাহনখনত ৪২০ নম্বৰ আৰু তেওঁৰ ঘৰখন ভাৰতীয় সংস্কৃতিৰ প্ৰতি গৌৰৱ প্ৰদৰ্শন কৰা শিল্পকৰ্মৰ সংগ্ৰহালয় ।
একাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত ১৯৮০ চনত উজ্জয়িনীলৈ আহে । তেওঁ ১৯৮৯ চনৰ ২৬ জানুৱাৰীত বিবাহপাশত আবদ্ধ হয় আৰু ২০২৬ চনৰ ৩০ জুনত নলিয়া বাখালৰ চৰকাৰী বালিকা মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ।
এই সন্দৰ্ভত তেওঁ ইটিভি ভাৰতৰ আগত কয়," যিজনৰ হৃদয় থাকে, অসহায়ৰ প্ৰতি প্ৰেম আৰু প্ৰতিটো যন্ত্ৰণাদায়ক কণ্ঠত দুখ অনুভৱ কৰে তেৱেই হৈছে মানুহ । প্ৰায় এবছৰ পূৰ্বে মোৰ মনলৈ এটা চিন্তা আহিছিল যে যেতিয়া আমি গোটেই জীৱনত হাঁহি, জ্ঞান আৰু মূল্যবোধৰ ভাগ বতৰা কৰি আহিছো, তেতিয়া আমিও মৃত্যুৰ পিছত আমাৰ শৰীৰটোক উপযোগী কৰি তুলিব লাগে । এই কথা মই পৰিয়ালৰ আগত ব্য়ক্ত কৰিছিলো । মোৰ পত্নী হেমলতা ব্যাসে বিনাপ্ৰতিবাদেই সন্মতি জনাইছিল । মোৰ পুত্ৰ স্বামী আৰু কন্য়া চাহিবাও ইতিমধ্য়ে মৰণোত্তৰ দেহদান আৰু নেত্ৰদান কৰিবলৈ সন্মতি প্ৰদান কৰিছে ।
কাৰোবাৰ মুখত হাঁহি বিৰিঙিব :
এই সন্দৰ্ভত তেওঁ কয়, "মৃতদেহ দাহ কৰিলে বিপুল পৰিমাণৰ কাঠৰ প্ৰয়োজনৰ লগতে পৰিৱেশতো প্ৰভাৱ পৰে । আনহাতে, শৰীৰ দান কৰিলে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ সুযোগ লাভ কৰে । ইয়াৰ দ্বাৰা গৱেষণাৰ এক নতুন দিশ পোৱা যায় । ইয়াৰ সমান্তৰালভাৱে নেত্ৰদানে দৃষ্টিহীন ব্যক্তিৰ জগতখন উজ্জ্বল কৰি তুলিব পাৰে । আমি হেৰাই যোৱাৰ পিছতো কাৰোবাৰ মুখত হাঁহি বিৰিঙিব পাৰো ।"
প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ শৈলেন্দ্ৰ ব্যাস এই সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁ কয়," ২০০৪ চনত যেতিয়া মই ৰাষ্ট্ৰপতি কালামৰ পৰা এই বঁটা লাভ কৰিছিলো তেতিয়া তেওঁৰ ব্যক্তিত্ব আৰু চিন্তাধাৰাৰ দ্বাৰা মই গভীৰভাৱে প্ৰভাৱিত হৈছিলো । এই প্ৰেৰণাই শেষত মোৰ দেহদান কৰাৰ সিদ্ধান্তক শক্তিশালী কৰে ।"
তেওঁৰ শিক্ষয়িত্ৰী পত্নী হেমলতাই ২০২৭ চনৰ ৩০ জুনত অৱসৰ গ্ৰহণ কৰিব । শৈলেন্দ্ৰ ব্যাস আৰু হেমলতাই কয় "শিশুসকলে পিতৃ-মাতৃয়ে কৰা কামৰ পৰা শিকে । যদি পৰিয়ালে নিজেই সমাজৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়া পৰৱৰ্তী প্ৰজন্ময়ো একেখিনি মূল্যবোধক নোকোৱাকৈ আগুৱাই লৈ যায় ।"
লগতে পঢ়ক:কোচিত ব্ৰিকছৰ চাৰিদিনীয়া মহিলা কৰ্মগোটৰ বৈঠক আৰম্ভ
৭৫ বছৰ বয়সতো ৩২টা ডিগ্ৰীৰ গৰাকী, পুনৰবাৰ ‘আচাৰ্য’ৰ পৰীক্ষাত বহিল মিলখীৰাম

