প্ৰথম শ্ৰেণীৰ পৰা একেলগে পঢ়ি দুয়ো বান্ধৱী গুচিও গ'ল একেলগে
আমেৰিকাত পথ দুৰ্ঘটনাত মৃত্যু তেলেংগানাৰ দুই যুৱতীৰ । দুয়োৰে আছে এক বন্ধুত্বৰ গাথা ।

Published : December 30, 2025 at 6:22 PM IST
হায়দৰাবাদ: জন্ম, মৃত্যু, বিবাহ ৷ ইয়াত হাত নাই কাৰোৰে । কিন্তু এনে কিছু মৃত্যু আছে যি জোকাৰি যায় সকলোকে । তেনে এক কাহিনীৰে এই প্ৰতিবেদন । দুগৰাকী যুৱতী, যি শৈশৱৰ পৰাই একেলগে আৰম্ভ কৰিছিল পঢ়া-শুনা, একেলগে দেখিছিল সপোন আৰু একেলগেই বিদায় মাগিলে এই পৃথিৱীৰ পৰা । তেলেংগানাৰ দুই যুৱতীয়ে আমেৰিকাত পথ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ ।
প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি আমেৰিকাত স্নাতকোত্তৰ ডিগ্ৰীলৈকে একেলগে পঢ়া-শুনা কৰা যুৱতী দুগৰাকীয়ে দেওবাৰে আমেৰিকাৰ পথ দুৰ্ঘটনাত শেষ নিশ্বাস ত্যাগ কৰে । দুই যুৱতীৰ মৃত্যুৰ খবৰে গভীৰ শোকৰ ছাঁ পেলাইছে তেলেংগানাৰ মেহবুবাবাদ জিলাৰ গৰলা আৰু মুল্কুনুৰ গাঁৱত ।
শোকসন্তপ্ত পৰিয়ালৰ লোকে জনোৱা অনুসৰি, গৰলা মণ্ডল হেডকোৱাটাৰৰ পুল্লাখণ্ডম মেঘনাৰাণী আৰু মুল্কুনুৰ গাঁৱৰ কাদিয়ালা ভাৱনাই গৰলা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি হায়দৰাবাদ অভিযান্ত্ৰিকলৈকে একেলগে শিক্ষা সম্পন্ন কৰিছিল । তিনিবছৰ পূৰ্বে দুয়ো স্নাতোকোত্তৰ ডিগ্ৰী লাভৰ বাবে গৈছিল আমেৰিকালৈ ।

আমেৰিকাৰ অহিঅ' ডেটনত থাকি ডেটন বিশ্ববিদ্যালয়ৰ পৰা এম এছ সম্পূৰ্ণ কৰে দুয়ো । বৰ্তমান দুয়োৱে চাকৰিৰ সন্ধানত আছিল । ইয়াৰ মাজতে দুয়োৱে ৮ গৰাকী বন্ধুৰ সৈতে দুখন বাহনত অলবামা হিল্চলৈ ফুৰিবলৈ গৈছিল দেওবাৰে । সেই যাত্ৰা পথতে তেওঁলোকৰ বাহনখন দ' খাৱৈত বাগৰি পৰে । ফলত থিতাতে প্ৰাণ হেৰুৱাই দুয়োগৰাকীয়ে । ইয়াৰোপৰি এই দুৰ্ঘটনাত দুগৰাকী লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ।
মেঘনাৰাণীৰ পিতৃ-মাতৃ নাগেশ্বৰ ৰাও আৰু শিৰিষাই গড়াত মী-সেৱা (চৰকাৰী সেৱা) কেন্দ্ৰ চলায় । মেঘনাৰাণীৰ জন্মদিনলৈ মাজত মাত্ৰ এসপ্তাহ বাকী আছিল । এনে সময়তে এই খবৰ লাভ কৰি তেওঁলোকে এতিয়া চকুলোৰে বাট নেদেখা হৈছে । সোমবাৰে পুৱা ৩:৩০ বজাত এই খবৰ লাভ কৰিছিল পৰিয়ালটোৱে । ইফালে কাদিয়ালা ভাৱনাৰ পিতৃ কোটেশ্বৰ ৰাও মুল্কুনুৰ গাঁৱৰ উপ-চৰপঞ্চ । তেওঁৰ মাতৃ ৰেনুকা এগৰাকী গৃহিণী । তেওঁলোকৰ দুগৰাকী কন্যা সন্তান ।

ভাৱনা আৰু মেঘনাৰাণীৰ দুখজনক খবৰে শোকস্তব্ধ কৰি তুলিছে গড়লা আৰু মুল্কুনৰৰ লোকসকলক । পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে শোক সন্তপ্ত পৰিয়ালটোক সান্ত্বনা দিবলৈ তেওঁলোকৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । কোনেও দুই বাল্যবন্ধুৰ মৃত্যুৰ ঘটনাক সাধাৰণভাৱে ল'ব পৰা নাই ।
মৃতদেহৰ অপেক্ষাত পৰিয়াল:
প্ৰাৰম্ভিক তথ্য অনুসৰি মেঘনাৰাণী আৰু ভাৱনাৰ নশ্বৰদেহ তেওঁলোকৰ জন্মভূমি আহি পাবলৈ প্ৰায় এসপ্তাহৰ প্ৰয়োজন হ'ব । তেওঁলোকক অনাৰ ব্যৱস্থা কৰা হৈছে । একেদৰে শোকসন্তপ্ত পৰিয়াল দুটিও আমেৰিকালৈ যাবলৈ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে ।

