ETV Bharat / bharat

নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰি জম্মুৰ পৰা পলায়ন দুই পাকিস্তানী কয়দীসহ তিনিজন

জম্মুৰ আৰ এছ পুৰৰ পৰ্যবেক্ষণ গৃহত সংঘটিত হয় এক অঘটন, য’ত তিনিজন কয়দীয়ে পলায়ন কৰে । ইয়াৰে দুজন পাকিস্তানী বুলি জানিব পৰা গৈছে ।

Two Pakistani nationals among 3 escape from Observation home in Jammu, investigation underway
প্ৰতিকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 11:32 AM IST

1 Min Read
Choose ETV Bharat

জম্মু : জম্মুৰ আৰ এছ পুৰাৰ পৰ্যবেক্ষণ গৃহত নিৰাপত্তাত বিসংগতি ঘটিছে । সোমবাৰে বিয়লি প্ৰায় ৫:১৫ বজাত পৰ্যবেক্ষণ ঘৰৰ পৰা তিনি কয়দীয়ে পলায়ন কৰে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, ইতিমধ্যে চিনাক্ত কৰা হৈছে পলায়ন কৰা কয়দীকেইটাক ৷

জম্মু-কাশ্মীৰ আৰক্ষীয়ে সদৰী কৰা মতে, নিৰাপত্তাৰক্ষীক আহত কৰি উক্ত স্তানৰ পৰা কয়দীকেইটাই পলায়ন কৰে ৷ ইফালে কয়দীৰ আক্ৰমণত আহত হোৱা নিৰাপত্তাৰক্ষীকেইজন হয় ৷ বৰ্তমান আহত নিৰাপত্তাৰক্ষীকেইজন চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

পলায়ন কৰা কয়দীকেইটাৰ ভিতৰত এটা হৈছে জম্মু-কাশ্মীৰৰ আৰ. এছ. পুৰাৰ দবলেহৰৰ বাসিন্দা কাৰাজিৎ সিং আৰু আন দুজন হৈছে পাকিস্তানৰ নাগৰিক ক্ৰমে মহম্মদ ছুনা-উল্লাহ আৰু আহছান আনোৱাৰ ।

মহকুমা চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ সানোৱাৰ সিঙে জনোৱা মতে, আহত দুজন আৰক্ষী বিষয়াক প্ৰথমে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতেই উন্নত চিকিৎসাৰ বাবে জিএমচি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

সিঙে ANI-ৰ আগত সদৰী কৰা মতে, "মোক জনোৱা হৈছে যে পৰ্যবেক্ষণ গৃহত এক ঘটনা সংঘটিত হৈছে, য'ত দুজন ব্যক্ত আঘাতপ্ৰাপ্ত হৈছে ।’’ জম্মু আৰক্ষীয়ে এই বিষয়ে আনুষ্ঠানিকভাৱে কয় যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । তদুপৰি পলাতক কেইটাক বিচাৰি উলিয়াবলৈ বিশেষ দল গঠন কৰা হৈছে আৰু পুনৰ পলাতক কয়দীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ বিভিন্ন স্থানত অভিযানো চলা থকা হৈছে ৷"

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পইণ্ট ব্লেংক ভিডিঅ’ক লৈ আৱেদনৰ শুনানি ল'বলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ