সৈনিকৰ গাঁও হিচাপে পৰিচিত ভাৰতৰ দুখন বিশেষ গাঁও...
কিহৰ বাবে গাঁও দুখন সৈনিকৰ গাঁও হিচাপে পৰিচিত ? ভাৰতৰ ক’ত আছে এই গাঁও দুখন ? পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

Published : April 16, 2026 at 5:01 PM IST
নালন্দা(বিহাৰ): বিশ্বৰ প্ৰতিটো প্ৰান্তৰ অন্তৰালত থাকে কিছু অকথিত কাহিনী ৷ কোনো এখন ঠাই, কোনো খাদ্য, কোনো সাজ-পোছাক আদি সকলোৰে আছে কিছু বিশেষ বৈশিষ্ট্য ৷ এই বৈশিষ্ট্যবোৰৰ সৈতে বান্ধ খাই থাকে ঠাই বা খাদ্যৰ ওতঃপ্ৰোত সম্পৰ্ক ৷
বিহাৰৰ নালন্দাৰ নাম সকলোৱে শুনিছে ৷ নালন্দা জিলাৰ শক্ৰৌধ আৰু মকাৰমপুৰ গাঁও পৰিচিত সৈনিকৰ গাঁও হিচাপে ৷ নুৰচৰাই ব্লকৰ অংশ এই গাঁৱসমূহে দেশৰ সশস্ত্ৰ বাহিনীলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে । গাঁও দুখনৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়ে সামৰিক পোছাক পৰিধান কৰি দেশমাতৃৰ সেৱা কৰাৰ সপোন দেখে ।
এই গাঁওবোৰৰ প্ৰতিটো পুৱাৰ আৰম্ভণি ঘটে বুটজোতাৰ দপদপনি আৰু দস্তুৰ খেলপথাৰৰ পৰা ভাঁহি অহা শক্তিশালী কণ্ঠৰে ৷ য’ত যুৱক-যুৱতীসকলে নিয়মীয়াকৈ দৌৰৰ লগতে হাই জাম্পৰ অনুশীলন কৰিবলৈ গোট খায় ৷ ইয়াত গোট খোৱা সকলোৱে সেনাত নিযুক্তি হ’বলৈ এনেদৰে কষ্টকৰ অনুশীলন চলায় ৷
পূৰ্বে সেনাবাহিনীত ভৰ্তি হোৱা লোকৰ পৰিসংখ্যাই এই গাঁওবোৰৰ কাহিনী কয় । শক্ৰৌধত বাস কৰা ৬০০ টা পৰিয়ালৰ ভিতৰত প্ৰায় ১২৫ টা পৰিয়ালৰ সদস্যই সামৰিক বা আৰক্ষীত ভৰ্তি হৈ সেৱা আগবঢ়াই আহিছে । আনহাতে, মকাৰমপুৰৰ ৬৫ টা পৰিয়ালৰ ভিতৰত ৩৫ টা পৰিয়ালৰ সদস্যই সামৰিক বাহিনীত সেৱা আগবঢ়াই আছে ।
গাঁওবাসীয়ে কয় যে সশস্ত্ৰ বাহিনীত যোগদানৰ পৰম্পৰা ৮৩ বছৰীয়া অৱসৰপ্ৰাপ্ত কেপ্তেইন কৌশল কিশোৰ প্ৰসাদৰ দৰে প্ৰবীণ সৈনিকে আৰম্ভ কৰিছিল ৷ ১৯৬১ চনত সেনাবাহিনীত যোগদান কৰাৰ পিছত ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত তেওঁ সেৱা আগবঢ়াইছিল । সামৰিক পোছাক পৰিধান কৰা সৈনিকসকলক দেখি দেখিয়েই তেওঁ এই সেৱাৰ প্ৰতি উৎসাহিত হয় ৷ প্ৰসাদৰ পিছত তেওঁৰ কৰ্ণেল পুত্ৰই সেনাবাহিনীত ভৰ্তি হৈ দেশৰ বাবে সেৱা আগবঢ়াই আছে ৷
কেপ্তেইন(অৱসৰপ্ৰাপ্ত) কৌশল কিশোৰে কয়, ‘‘মই গয়াৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আই টি আই) ত পঢ়ি আছিলো ৷ তেতিয়া তাত থকা সেনা শিবিৰত জোৱানসকলৰ আকৰ্ষণীয় পোছাকবোৰ দেখিছিলো । মই ইমানেই অনুপ্ৰাণিত হৈছিলো যে মই পঢ়া-শুনা এৰি সেনাবাহিনীত যোগদান কৰিলোঁ । আজি মোৰ এজন পুত্ৰই বৰেলীত কৰ্ণেল হিচাপে সেৱা আগবঢ়াই আছে ।’’
গাঁওখনৰ অভিজ্ঞ বয়োজ্যেষ্ঠসকলৰ গৌৰৱময় কাহিনীয়েই যুৱক-যুৱতীসকলৰ প্ৰেৰণাৰ উৎস । মকাৰমপুৰৰ বিপিন কুমাৰ সিঙে কয় যে সেনা জোৱানসকলে যেতিয়া সামৰিক পোছাক পৰিধান কৰিয়েই ছুটীত ঘৰলৈ যায়, তেতিয়া তেওঁলোকে কণ কণ ল’ৰা-ছোৱালীৰ দুচকুত সেই একে সপোনৰ বীজ ৰোপণ কৰে ৷
অৱসৰপ্ৰাপ্ত আন এগৰাকী জোৱান শিবেন্দ্ৰ কুমাৰ সিঙে কয় যে তেওঁৰ ককায়েক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত কৰ্মৰত আছিল । তেওঁ কয় যে গাঁওখনৰ প্ৰায় ৯৫ শতাংশ যুৱকে সামৰিক বা আৰক্ষীত যোগদান কৰাৰ সপোন দেখে । লক্ষণীয় কথা এয়ে যে গাঁওখনৰ অৱসৰপ্ৰাপ্ত জোৱানসকলে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়ে ।
শিবেন্দ্ৰই কয়, ‘‘আমাৰ মনত দেশপ্ৰেমৰ প্ৰতি গভীৰ অনুভূতি আছে । বৰ্তমান বহু গাঁৱৰ লোকে সেনাবাহিনীত সেৱা আগবঢ়াই আছে ৷ আনহাতে, বহু যুৱকে সেনাবাহিনীত যোগদানৰ বাবে সাজু হৈছে । আমাৰ দৰে অৱসৰপ্ৰাপ্ত জোৱানসকলে এই যুৱকসকলক প্ৰশিক্ষণ দি তেওঁলোকক সেনাবাহিনীত ভৰ্তি হোৱাৰ বাবে প্ৰস্তুত কৰি তোলে ।’’
প্ৰায় ২৩ বছৰ সেনাবাহিনীত কৰ্মৰত শক্ৰৌধৰ প্ৰমোদ সিঙে কয়, ‘‘বিশ্বৰ একাংশ অত্যন্ত দুৰ্গম অঞ্চল যেনে - ছিয়াচেন হিমবাহত সেৱা আগবঢ়োৱাৰ অভিজ্ঞতাই তেওঁক আজিও গৌৰৱেৰে উদ্বুদ্ধ তোলে । গাঁওখনৰ কেইবাজনো যুৱকক সেনাবাহিনীত বাছনি কৰাৰ দিনটো সমগ্ৰ গাঁৱৰ বাবেই এক ডাঙৰ খবৰ আছিল ।’’
তেওঁ লগতে কয়, ‘‘প্ৰবীণ সৈনিকসকলক দিয়া সন্মান দেখি মোৰ মনত দেশসেৱাৰ ইচ্ছা জাগ্ৰত হৈ পৰে । সামৰিক পোছাক পৰিধান কৰা আৰু সীমান্ত ৰক্ষাৰ প্ৰতি থকা মোৰ আবেগে মোক সেনাবাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিলে । ছাত্ৰাৱস্থাত মই দনাপুৰত হোৱা এক নিযুক্তি অনুষ্ঠানৰ কথা জানিব পাৰিলোঁ । যিহেতু মই সেনাবাহিনীত ভৰ্তি হ’বলৈ ইতিমধ্যে কঠোৰ প্ৰস্তুতি চলাইছিলো, সেয়েহে মই তালৈ গৈছিলো আৰু নিৰ্বাচিত হৈছিলো ।’’
আনহাতে, নিজৰ অভিজ্ঞতা সুঁৱৰি মকাৰমপুৰৰ অৰবিন্দ পাণ্ডেই কয়, ‘‘২০১৭ চনৰ পৰা চৰকাৰী চাকৰিৰ প্ৰতি বিশেষকৈ প্ৰতিৰক্ষা বাহিনীত যোগদান কৰিবলৈ গাঁওখনৰ যুৱক-যুৱতীসকলে অতিশয় উৎসাহ প্ৰকাশ কৰে । তেওঁলোকৰ গাঁৱৰ পৰা প্ৰতি বছৰে প্ৰায় ৫-৬ জন যুৱক-যুৱতীয়ে সেনাবাহিনীত নিযুক্তি লাভ কৰে ।’’
সেনাবাহিনীত যোগদানৰ সপোন দেখা যুৱক ৰঘুবীৰ কুমাৰে প্ৰকাশ কৰে যে দস্তুৰ ফিল্ডে অগ্নিবীৰ হ’ব বিচৰা বা সেনা অথবা আৰক্ষীত যোগদান কৰিব বিচৰাসকলৰ বাবে প্ৰশিক্ষণৰ মঞ্চ হিচাপে কাম কৰি আহিছে ।
ৰঘুবীৰে পুনৰ কয়, ‘‘আমি ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা সেনাবাহিনীত যোগদানৰ প্ৰস্তুতি চলাইছো । আমাৰ গাঁৱৰ অধিকাংশ মানুহ সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ) আৰু সেনাবাহিনীত কৰ্মৰত । মোৰ এজন বন্ধুৱে অগ্নিবীৰত ভৰ্তি হৈছে ৷ আমি সেনাবাহিনীত যোগদান কৰি দেশৰ সেৱা আগবঢ়োৱাৰ লগতে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব বিচাৰো ।’’
এয়া মাথোঁ এক সৰু উদাহৰণে ৷ দেশত এনেধৰণৰ বহু গাঁও আছে যিবোৰ সেনাবাহিনীত সেৱা আগবঢ়োৱাৰ বাবেহে পৰিচিত ৷ দেশবাসীয়ে এইসকল লোকক লৈ সদায়ে গৌৰৱ অনুভৱ কৰি আহিছে আৰু কৰি থাকিব ৷
লগতে পঢ়ক: তোমাৰ ল'ৰাটো দেখাত তোমাৰ দৰে নহয় ! ঠাট্টা-মস্কৰাৰ চৰম পৰিণতি

