ETV Bharat / bharat

গেছৰ চৌকা জ্বলাই অগ্নিক সাক্ষী কৰি সাতপাক ঘূৰি বিয়া পাতিলে দুই যুৱতীয়ে

ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰথমে বন্ধুত্ব-প্ৰেম ৷ এতিয়া দুয়ো দুয়োৰে জীৱন লগৰী ৷ সমলিংগীয় বিয়াক লৈ সৰ্বত্ৰে চৰ্চা ।

BIHAR GIRLS MARRIAGE
প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি, তাৰ পিছত প্ৰেম: দুই যুৱতীয়ে কৰিলে এই কাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 4:21 PM IST

4 Min Read
Choose ETV Bharat

সুপৌল (বিহাৰ) : বিহাৰৰ সুপৌলত সংঘটিত হৈছে এক আমোদজনক ঘটনা । দুগৰাকী যুৱতীয়ে মন্দিৰলৈ গৈ বিবাহপাশত আবদ্ধ হয় । আনহাতে, তেওঁলোকৰ বিয়াৰ ভিডিঅ'ও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । তেওঁলোকে কয়, "এই পদক্ষেপ আমি দুয়োগৰাকীৰ সন্মতিক্ৰমে গ্ৰহণ কৰিছোঁ ।" আনহাতে, এই সমলিংগীয় বিয়াই এতিয়া অঞ্চলটোত চাঞ্চল্য তথা বিতৰ্কৰ সৃষ্টি কৰিছে ।

ইনষ্টাগ্ৰামত চিনাকি, তাৰ পিছত প্ৰেম

প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি, তাৰ পিছত প্ৰেম: দুই যুৱতীয়ে কৰিলে এই কাণ্ড (ETV Bharat)

স্থানীয় লোকে জনোৱা মতে, দুয়োগৰাকী যুৱতী ত্ৰিবেণীগঞ্জ নগৰ পৰিষদ অঞ্চলৰ এটা মলত কৰ্মৰত আছিল । দুবছৰ ধৰি তেওঁলোক একেলগে আছিল । ইয়াৰ পূৰ্বে দুয়োগৰাকী যুৱতীৰ মাজত প্ৰথম চিনাকি হয় ইনষ্টাগ্ৰামৰ জৰিয়তে । অনলাইন কথা-বতৰাৰ পৰা আৰম্ভ হোৱা বন্ধুত্ব লাহে লাহে আৱেগিক সম্পৰ্কলৈ পৰিণত হয় । দীৰ্ঘদিন ধৰি সম্পৰ্কত থকাৰ পিছত দুয়োৱে দুয়োৰে মনৰ কথা বুজি পোৱা আৰু সময় অতিবাহিত কৰাৰ পিছত দুয়োৱে জীৱন সংগী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

গেছৰ চৌকা জ্বলাই অগ্নিক সাক্ষী কৰি পাতে বিয়া

আনন্দি (ছদ্মনাম) নামৰ যুৱতীগৰাকীয়ে মঙলবাৰে নিশা মেলা গ্ৰাউণ্ডস্থিত কালী মন্দিৰত উপস্থিত হয় । তাৰ পিছত তেওঁলোকে পৰম্পৰাগত ৰীতি অনুসৰি বিয়া সম্পন্ন কৰে । স্থানীয় লোকে জনোৱা মতে, বিয়াৰ সময়ত মন্দিৰ চৌহদত অতি কমসংখ্যক লোক উপস্থিত আছিল । সেই কাৰণে মানুহে ঘটনাটোৰ বিষয়ে লগে লগে জানিব পৰা নাছিল । বিয়াৰ সময়ত দুয়োৱে গেছৰ চৌকা জ্বলাই তাৰ চাৰিওফালে সাতপাক ঘূৰি সাত জনমৰ বান্ধোনেৰে বান্ধ খায় ।

দুই যুৱতীৰ বিয়াক লৈ ব্যাপক চৰ্চা

যুৱতী দুগৰাকীয়ে জনোৱা মতে, বিগত প্ৰায় দুমাহ ধৰি দুয়োৱে ১৮ নং ৱাৰ্ডত এটা ঘৰ ভাৰা কৰি একেলগে আছিল । তেওঁলোকে ব্লক চকস্থিত এটা মলত কাম কৰিছিল । বিয়া সম্পন্ন কৰি যেতিয়া বুধবাৰে পুৱা নিজৰ ঘৰলৈ উভতি আহে তেতিয়া ওচৰ-পাজৰৰ লোকসকলে এই বিষয়ে জানিব পাৰে । লগে লগে সমগ্ৰ অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হয় । প্ৰকৃত কথাটো জানিবলৈ তেওঁলোকৰ ঘৰৰ ওচৰত মানুহ গোট খাবলৈ আৰম্ভ কৰে ।

সামাজিক মাধ্যমত বিয়াৰ ভিডিঅ' শ্বেয়াৰ

ইফালে দুয়ো নৱবিবাহিতা যুৱতীয়ে তেওঁলোকৰ বিয়াৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰে । লগে লগে এই ভিডিঅ' ভাইৰেল হৈ পৰে । ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত এই ঘটনা সম্পৰ্কে নগৰ পৰিষদ এলেকাৰ লগতে ওচৰ-পাজৰৰ অঞ্চলবোৰতো চৰ্চাৰ বিষয় হৈ পৰে । নৱবিবাহিতা দুয়োগৰাকী যুৱতী মাধেপুৰা জিলাৰ বাসিন্দা ।

আমাৰ ল'ৰা ভাল নালাগে

আনহাতে, যুৱতী দুগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ এই সম্পৰ্ক সম্পূৰ্ণৰূপে নিজস্ব বুজাবুজিত আৰু আন্তৰিক তথা আৱেগিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি হৈছে । তেওঁলোকে এই সিদ্ধান্ত কোনো ধৰণৰ হেঁচা অবিহনে সম্পূৰ্ণ নিজস্ব সন্মতিত গ্ৰহণ কৰিছে । তেওঁলোকে নিজৰ জীৱন নিজৰ মতে অতিবাহিত কৰিব বিচাৰে ।

"মোৰ ল'ৰাৰ প্ৰতি কোনো ধৰণৰ আকৰ্ষণ নাই । আমি দুয়োৱে দুয়োকো অতি ভালদৰে বুজি পাওঁ । আমাৰ সম্পৰ্ক আৱেগিক । সেয়ে আমাৰ ওপৰত কাৰো চাপ বা হেঁচা নাই । আমি আমাৰ জীৱন নিজৰ ধৰণে অতিবাহিত কৰিব বিচাৰোঁ ।" আনন্দিয়ে (ছদ্মনাম) কয় ।

সমলিংগীয় বিবাহ এতিয়া চৰ্চাৰ বিষয়

ইফালে এই অস্বাভাৱিক বিয়াক লৈ স্থানীয়ভাৱে এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কোনোৱে যদি ইয়াক ব্যক্তিগত স্বাধীনতা আৰু নিজস্ব সিদ্ধান্ত বুলি কৈছে, আন কোনোৱে আকৌ সামাজিক পৰম্পৰা আৰু ৰীতিন-নীতিৰ বিৰুদ্ধে এক পদক্ষেপ বুলি সমালোচনা কৰিছে । বৰ্তমান এই বিষয়টো সৰ্বত্ৰে চৰ্চাত আছে ।

লগতে পঢ়ক :পদপথৰ ১০০ কুকুৰৰ বাবে প্ৰতিমাহে নিৰ্ধাৰণ ৩.৩৩ লাখ টকা
লগতে পঢ়ক :সাগৰ তীৰত ১৫০০ কেজি আপেল আৰু বালিৰ ছাণ্টাক্ল’জৰ বলুকা ভাস্কৰ্য