ETV Bharat / bharat

পৰিয়ালৰ বাবে চিন্তাৰ কাৰণ দীপাংকৰলৈ ফেচবুকত ৰৈ আছিল নন্দিনী

স্বাভাৱিকতে চুটি-চাপৰ ল’ৰা এটালৈ কোনে ছোৱালী বিয়া দিব বুলি ভাবি চিন্তিত হৈ পৰিছিল সমগ্ৰ পৰিয়াল ৷ পিছে কাহিনীয়ে পালে নতুন ৰূপ ৷

DWARF MAN FINDS LIFE PARTNER
এতিয়া তেওঁলোকৰ সুখৰ সংসাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 11:52 PM IST

4 Min Read
Choose ETV Bharat

বেলুৰঘাট(পশ্চিমবংগ): গাঁৱৰ মাজত সৰু ল’ৰা হিচাপে পৰিচিত দীপাংকৰৰ এতিয়া সুখৰ সংসাৰ । কইনা বিচাৰি হাবাথুৰি খোৱা পৰিয়ালক পতিয়ন নিয়াইছিল দীপাংকৰে । মাক-দেউতাকে অৱশ্যে পুত্ৰক তেনেকৈয়ে এৰি দিয়া নাছিল ।

শাস্ত্ৰমতেই সাত জনমৰ বান্ধোনত বান্ধ খাই পৰিছিল দীপাংকৰ ৷ দীপাংকৰৰ দৰে পত্নী নন্দিনীও গাঁৱত পৰিচিত সৰু বোৱাৰী হিচাপে । নাই নাই, আমি কোনো ধৰণৰ বাল্যবিবাহৰ কথা ক’বলৈ বিচৰা নাই ৷ আনহাতে, তেওঁলোক কণমানি ল’ৰা-বোৱাৰীও নহয় ।

আচলতে বয়স নহয়, শাৰিৰীক আকাৰত চুটি-চাপৰ এটা মৰমলগা দম্পতীৰ কথাহে আমি জনাবলৈ বিচাৰিছো । তেওঁলোকে হৈছে দীপাংকৰ আৰু নন্দিনী ৷ দীপাংকৰ মাত্ৰ ডেৰ ফুট ওখ, আনহাতে পত্নী নন্দিনী তেওঁৰ তুলনাত সামান্য ওখ অৰ্থাৎ প্ৰায় তিনি ফুট ।

বেলুৰঘাট ব্লকৰ ভাটপাৰা অঞ্চলৰ আমতালি গাঁৱৰ ৰাইজে দীপাংকৰে বৈবাহিক জীৱন আৰম্ভ কৰাত সুখী । ২.৫ ফুট ওখ দীপাংকৰ আৰু ৩ ফুট ওখ নন্দিনীৰ বিবাহ এতিয়া গাঁৱৰ অন্যতম চৰ্চিত অনুষ্ঠান । দীপাংকৰৰ বয়স ২১ বছৰ আৰু নন্দিনীৰ বয়স ২০ বছৰ । বয়সত বেছি সৰু নহ’লেও উচ্চতাৰ দিশৰ পৰা সমগ্ৰ গাঁৱৰ ভিতৰতে সৰু ল’ৰা দীপাংকৰ বৰ্মন ওৰফে চোটন ।

DWARF MAN FINDS LIFE PARTNER
দীপাংকৰ-নন্দিনী (ETV Bharat)

তিৰপাল আৰু টিনেৰে নিৰ্মিত ঘৰত বাস কৰা দীপাংকৰে মাতৃ-পিতৃ আৰু ককায়েকৰ সৈতে বাদ্যযন্ত্ৰ বজাই জীৱিকা নিৰ্বাহ কৰে । ইমান কম উচ্চতাৰ ল’ৰা এটাই কেনেকৈ কইনা বিচাৰি পাব সেই লৈ পৰিয়ালটো বাৰুকৈয়ে চিন্তাত পৰিছিল । আনহাতে, নন্দিনীহঁতৰ ঘৰতো একেই চিন্তা । জীয়েকৰ ভৱিষ্যত কি হ’ব সেই কথা ভাবি মাক-দেউতাকে কেতিয়াবাই টোপনি হেৰুৱাইছিল । অৱশ্যে সকলোৰে চিন্তা পিছ পেলাই সামাজিক মাধ্যমত নিজৰ আকাংক্ষিত জীৱনসংগী বিচাৰি পালে দম্পতীটোৱে ।

কইনাৰ নাম নন্দিনী, দুৰ্গাপুৰৰ নিবাসী চণ্ডী কৰ্মোদকৰ কন্যা ৷ ফেচবুকৰ জৰিয়তে নন্দিনীক বিচাৰি পালে দীপাংকৰে । দুমাহমান আগতে মেচেঞ্জাৰত ভিডিঅ’ কলত প্ৰথমবাৰৰ বাবে সাক্ষাৎ হৈছিল দুয়োগৰাকীৰে আৰু ডেৰ-দুই ফুট ওখ দীপাংকৰ আৰু তিনিফুট ওখ নন্দিনীৰ প্ৰথম দৃষ্টিতেই প্ৰেম হৈছিল ।

পাছলৈ এই কথা জানিব পৰাত দুয়োটা পৰিয়ালে তেওঁলোকৰ প্ৰেমক সন্মান জনাই বিবাহত সন্মতি দিয়ে । শাস্ত্ৰ অনুসৰিয়েই বিবাহ সম্পন্ন হৈছিল দীপাংকৰ-নন্দিনীৰ । নন্দিনীৰ সৈতে দীপাংকৰৰ এতিয়া আছে এখন সুখৰ সংসাৰ ৷

দীপাংকৰে কয়, ‘‘মই ফেচবুকৰ মেচেঞ্জাৰৰ জৰিয়তে নন্দিনীক বিচাৰি পাইছিলোঁ । ঘটকৰ লগতো যোগাযোগ কৰিছিলোঁ । বহুদিন ধৰিও মোৰ উচ্চতাৰ ছোৱালী এজনী বিচাৰি নাপালোঁ । তাৰপিছত ফেচবুকত নন্দিনীক বিচাৰি পাই ফোনযোগে যোগাযোগ কৰিলোঁ । তাই দক্ষিণ দিনাজপুৰৰ বাউল অঞ্চলত থকা ককাকৰ ঘৰলৈ বিয়াৰ বাবে আহিছিল । মই তাত গৈ তাৰ পৰাই তাইক আনি বিয়া কৰাইছিলো ।’’

DWARF MAN FINDS LIFE PARTNER
দীপাংকৰে ফেচবুকত পালে কইনা বিচাৰি (ETV Bharat)

দীপাংকৰৰ পত্নী নন্দিনীয়ে কয়, ‘‘আমি ফেচবুকত ইজনে-সিজনৰ লগত যোগাযোগ কৰিছিলো । ভিডিঅ’ কলত কথা পাতিছিলো । মই যেতিয়া ককাৰ ঘৰৰ বিয়ালৈ আহিছিলো, তেতিয়া তেওঁ মোক চাবলৈ আহিছিল । ময়ো তেওঁক দেখি ভাল পাইছিলোঁ । তাৰপিছত তেওঁ মোক আনি বিয়া কৰাইছিল । আমি দুয়ো এতিয়া আমাৰ বিবাহিত জীৱনত সুখী ।’’

আনহাতে, দীপাংকৰৰ মাতৃ কল্পনা ৰায় বৰ্মনে কয়, ‘‘জন্মৰ পৰাই তেওঁ এনেকুৱা আছিল । তেওঁক ভেকুলীৰ দৰে দেখা গৈছিল, হাত-ভৰি সৰু সৰু । আমি কেতিয়াও ভবা নাছিলো যে আমাৰ ল’ৰাটোৰ সৈতে কোনোবাই বিয়াত বহিব ৷ ল’ৰাটোৱে নিজৰ ইচ্ছামতে ছোৱালীজনী বাছি লৈ বিয়া পাতিলে । আমি বহুত সুখী ।’’

এই বিয়াৰ পিছৰে পৰা গাঁৱৰ ৰাইজে ‘সৰু’ দম্পতীটোক চাবলৈ দীপাংকৰৰ ঘৰত ভিৰ কৰি আহিছে । যদিও তেওঁলোকে শান্তিপূৰ্ণ জীৱন কটাইছে, তথাপিও নৱবিবাহিত দম্পতীয়ে জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে । প্ৰেমৰ বান্ধোনৰে বান্ধ খোৱা নতুন জীৱনটো আগুৱাই নিবলৈ তেওঁলোকে বিচাৰিছে চৰকাৰী সহায় ৷ কিয়নো আজিকোপতি কোনো ধৰণৰ চৰকাৰী সহায়-সাহায্য লাভ কৰা নাই অতি দুখীয়া পৰিয়ালটোৱে ৷

লগতে পঢ়ক: দাম ১০ টকাৰ পৰা ২০০ টকালৈ... ১৯০ বিধ কিচিম কিচিম চাহেৰে ৰাম ভাই এতিয়া চেলিব্ৰেটী