দিল্লী বিস্ফোৰণ: আল ফালাহ বিশ্ববিদ্যালয়ৰ দুই চিকিৎসকক আটক
বিশ্ববিদ্যালয়খনৰ দুগৰাকী চিকিৎসক মহম্মদ আৰু মুস্তাকিমক আটক কৰে আৰক্ষীয়ে ।

Published : November 15, 2025 at 4:52 PM IST
নতুন দিল্লী: দিল্লীৰ বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত আল ফালাহ বিশ্ববিদ্যালয়ৰ দুগৰাকী চিকিৎসকসহ আন এগৰাকীক জিম্মাত লৈছে দিল্লী আৰক্ষীয়ে । তেওঁলোক লালকিল্লাৰ সমীপত বিস্ফোৰণ ঘটোৱা বাহনখনৰ চালক ডাঃ ওমৰ নবীৰ চিনাকী বুলি আৰক্ষীয়ে সদৰী কৰিছে । শুকুৰবাৰে নিশা দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু কেন্দ্ৰীয় সংস্থাসমূহে হাৰিয়ানাৰ ধৌজ, নুহ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত অভিযান চলাই তিনিওজনক আটক কৰিবলৈ সক্ষম হয় ।
সূত্ৰ অনুসৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দলৰ সহযোগত বিশেষ কোষে আল ফালাহ বিশ্ববিদ্যালয়ৰ দুজন চিকিৎসক মহম্মদ আৰু মুস্তাকিমক নুহৰ পৰা আটক কৰে । ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউলৰ তদন্তৰ সময়ত গ্ৰেপ্তাৰ কৰা ডাঃ মুজাম্মিলৰ সৈতে দুয়োৰে যোগাযোগ আছিল বুলি অভিযোগ উত্থাপন হৈছে । দুয়ো ডাঃ ওমৰ নবীৰো ঘনিষ্ঠ বন্ধু আছিল বুলি সূত্ৰই জানিবলৈ দিয়ে ।
প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ দিনা জিম্মাত লোৱা দুজন চিকিৎসকৰ এজন দিল্লীত আছিল । তেওঁ জনাই যে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ তেওঁ দিল্লীলৈ আহিছিল । ডাঃ মুজাম্মিলৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ আৰু তদন্তত পোহৰলৈ অহা ষড়যন্ত্ৰত তেওঁলোকৰ কোনো ভূমিকা আছিল নে নাই সেই বিষয়ে জানিবলৈ মহম্মদ আৰু মুস্তাকিমক জেৰা চলাই থকা হৈছে বুলি সূত্ৰই সদৰী কৰে ।
ইফালে তদন্তকাৰী সংস্থাই অনুজ্ঞাপত্ৰ অবিহনে সাৰ বিক্ৰী কৰাৰ অপৰাধত নুহৰ পৰা দীনেশ ওৰফে ‘ডাবু’ নামৰ আন এজন লোকক আটক কৰে । অবৈধ ব্যৱসায়ৰ উপৰিও তেওঁ আন কোনো অপৰাধতো জড়িত নেকি সেই সন্দৰ্ভত তদন্ত চলাই থকা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদী মডিউলৰ সদস্যসকলে প্ৰায় ২৬ লাখ টকা একত্ৰিত কৰি ৩ লাখ টকা ব্যয় কৰি আই ই ডি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা এন পি কে সাৰ ক্ৰয় কৰাৰ কথা পোহৰলৈ আহিছে । দীনেশে অভিযুক্তক সেই সাৰ বিক্ৰী কৰিছিল নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
বিষয়াসকলে কয় যে সন্ত্ৰাসবাদী মডিউল গোচৰৰ সৈতে জড়িত আল ফালাহ বিশ্ববিদ্যালয়ৰ আন এজন চিকিৎসক ডাঃ শ্বাহিন ছায়েদে শেহতীয়াকৈ পাছপ’ৰ্টৰ বাবে আবেদন কৰিছে । যোৱা ৩ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ২৯ নম্বৰ কোঠাত তেওঁৰ পাছপ’ৰ্টৰ আবেদনৰ পৰীক্ষণ কৰা হৈছিল আৰু বিষয়াসকলেও ফটো সংগ্ৰহ কৰে বুলি তেওঁলোকে জনায় ।

