ETV Bharat / bharat

এঞ্জেল চাকমাৰ হত্য়াকাণ্ডত জড়িত দোষীক মৃত্যুদণ্ডৰ দাবী নেছ'ৰ

বিশেষ আৰক্ষী থানা স্থাপন কৰি বৰ্ণ বৈষম্য সন্দৰ্ভত জড়িত গোচৰৰ মোকাবিলা কৰাৰ দাবী উত্তৰ-পূব ছাত্ৰ সংগঠনৰ ।

Members of students' organisations and locals participate in a candlelight march at Gandhi Park protesting the assault and death of Tripura student Angel Chakma, in Dehradun, Monday, Dec. 29, 2025
এঞ্জেল চাকমাৰ হত্য়াকাণ্ডত জড়িত দোষীক মৃত্যুদণ্ডৰ দাবী নেছ'ৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : December 30, 2025 at 3:08 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: উত্তৰাখণ্ডৰ ডেৰাডুনত বৰ্ণবাদী আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুওৱা ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্য়াকাণ্ডৰ সৈতে জড়িত দোষীক মৃত্যুদণ্ডৰ দাবী জনাইছে উত্তৰ-পূব ছাত্ৰ সংগঠনে (নেছ')। উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ ওপৰত বৰ্ণ বৈষম্য আৰু অত্যাচাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নেছ'। ছাত্ৰ সংগঠনটোৱে এঞ্জেল চাকমাৰ হত্য়াকাণ্ডৰ ঘটনাৰ পিছতেই এখন বিশেষ আৰক্ষী থানা স্থাপন কৰি বৰ্ণ বৈষম্য আৰু অত্যাচাৰ সন্দৰ্ভত জড়িত গোচৰসমূহ মোকাবিলা কৰাৰ দাবী জনায় ।

এখন স্মাৰক পত্ৰৰ জৰিয়তে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক এই দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে । এই ছাত্ৰ সংগঠনটোৱে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ‘বৰ্ণবাদ বিৰোধী আইন’ৰ দৰে কঠোৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰে। ই টিভি ভাৰতক নেছ’ৰ অধ্যক্ষ ছেমুৱেল বি জ্যৰৱাই কয়,"এনে ঘটনা সঁচাকৈয়ে দুৰ্ভাগ্যজনক । ইয়াপ পূৰ্বেও দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কাণ্ড সংঘটিত হৈছে । কেন্দ্ৰই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আমি আশা কৰিছো ।"

জ্যৰৱাই কয় যে নেছ’ই দেশৰ বিভিন্ন প্ৰান্তৰ আন ছাত্ৰ সংগঠনৰ সৈতেও ব্য়াপক আলোচনা কৰিব যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱা কৰিব পৰা যায় । এই ঘটনাটোক অতি বৰ্বৰ বুলি আখ্য়া দি নেছ’ই মুখ্য়মন্ত্ৰী ধামীক দাখিল কৰা এই স্মাৰক পত্ৰত কয় যে সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত সংঘটিত এনে অত্যাচাৰক তীব্ৰ গৰিহণা দিছে ।

সংগঠনটোৱে কয়, “মনত ৰখা ভাল যে যে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । যিটো বহু ক্ষেত্ৰত তেওঁলোকৰ বাবে ভয়ংকৰ বুলি প্ৰমাণিত হৈছে ।”

উল্লেখ্য় যে নেছ' হৈছে খাচী ছাত্ৰ সন্থা (কে এছ ইউ), সদৌ অসম ছাত্ৰ সন্থা (আছু), নগা ছাত্ৰ ফেডাৰেচন (এন এছ এফ), মিজো জিৰলাই পাউল (এম জে ডি পি), টিপ্ৰা ছাত্ৰ ফেডাৰেচন (টি এছ এফ), সদৌ মণিপুৰ ছাত্ৰ সন্থা (এ এম এছ ইউ), গাৰো ছাত্ৰ সন্থা (জি এছ ইউ) আৰু সদৌ অৰুণাচল ছাত্ৰ সংগঠনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠটা প্ৰভাৱশালী ছাত্ৰ সংগঠনৰ সমষ্টি ।

স্মাৰকপত্ৰত নেছ’ই উল্লেখ কৰে যে যোৱা ৯ ডিচেম্বৰত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমা (২৪)ক প্ৰহাৰ আৰু ছুৰীৰে আঘাত কৰাৰ ফলত ২৬ ডিচেম্বৰত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্য়ু ঘটে । তেওঁ দুসপ্তাহতকৈ অধিক সময় জীৱন ৰক্ষাৰ সংগ্ৰাম কৰিছিল । এই ঘটনাত তেওঁৰ ভাতৃ মাইকেল চাকমাকো আক্ৰমণ কৰিছিল আক্ৰমণকাৰীয়ে ।

স্মাৰকপত্ৰখনত কোৱা হয়, "আপোনাৰ জৰুৰী হস্তক্ষেপৰ বাবে আমি এই দাখিল কৰিছো । উপযুক্ত কৰ্তৃপক্ষৰ জৰিয়তে ফলপ্ৰসূ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ডেৰাডুন আৰু উত্তৰাখণ্ডৰ অন্যান্য অঞ্চলত অধ্যয়ন আৰু বাস কৰা উত্তৰ-পূব অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক মানসিক, সামাজিক আৰু শাৰীৰিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে এয়া দাখিল কৰিছো ।"

লগতে পঢ়ক:বৰ্ণবাদী আক্ৰমণৰ বলি হৈ ত্ৰিপুৰাৰ ছাত্ৰই হেৰুৱালে প্ৰাণ, ন্যায়ৰ দাবী একাধিক ছাত্ৰ সংগঠনৰ

এঞ্জেল চাকমাৰ মৃত্যুত জড়িত দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান ড’নাৰ মন্ত্ৰীৰ