ETV Bharat / bharat

ছাত্ৰ এঞ্জেল চাকমাৰ হত্যা: বৰ্ণবৈষম্যক অস্বীকাৰ শীৰ্ষ আৰক্ষী অধীক্ষকৰ

তদন্তৰ নেতৃত্ব দিয়া ডেৰাডুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় ​​সিঙে কয় যে কোনো বৰ্ণবাদী মন্তব্যৰ পৰা এই বিবাদৰ সূত্ৰপাত ঘটা নাছিল ।

DEHRADUN STUDENT ATTACK
ছাত্ৰজনৰ মৃত্যুৰ ন্যায় বিচাৰি সাব্যস্ত কৰা প্ৰতিবাদ (PTI)
author img

By ETV Bharat Assamese Team

Published : December 29, 2025 at 10:55 PM IST

3 Min Read
Choose ETV Bharat

ডেৰাডুন(উত্তৰাখণ্ড): ডেৰাডুনত এম বি এত অধ্যয়নৰত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ গোচৰে নতুন মোৰ লৈছে ৷ বৰ্ণবৈষম্যৰ বলি হৈ ছাত্ৰজনে মৃত্যুক আঁকোৱালি লোৱা কথাটোক অস্বীকাৰ কৰিছে আৰক্ষী মহলে ৷

আনহাতে, কেইবাটাও ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক নেতাই এই অপৰাধক ‘ঘৃণাজনিত অপৰাধ’ আৰু বৰ্ণবৈষম্যৰ বলি হৈ হোৱা হত্যাকাণ্ড বুলি অভিহিত কৰি আহিছে ।

এই তদন্তৰ নেতৃত্ব দিয়া ডেৰাডুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় ​​সিঙে কয়, ‘‘কোনো বৰ্ণবাদী মন্তব্যৰ পৰা এই বিবাদৰ সৃষ্টি হোৱা নাই । এতিয়ালৈকে চলা তদন্তৰ পৰা জানিব পৰা গৈছে যে ভুক্তভোগী আৰু আক্ৰমণকাৰী দুয়োজনেই উত্তৰ-পূব ভাৰতৰ । গতিকে বৰ্ণবাদী মন্তব্যৰ প্ৰশ্ন উত্থাপন নহয় ।’’

তেওঁ লগতে কয় যে অভিযুক্তই জেৰাত স্বীকাৰ কৰা অনুসৰি এই কাণ্ডৰ মূলতে আছিল ভুল বুজাবুজি ৷ ভুক্তভোগী আৰু তেওঁৰ ভাতৃয়ে দলটোৱে কৰা মন্তব্য তেওঁলোকক উদ্দেশ্যি কৰিছিল বুলি ভুলকৈ ধৰি লৈছিল ।

আৰক্ষীয়ে এই পৰ্যন্ত তিনিজন অভিযুক্ত ক্ৰমে ডেৰাডুনৰ সহস্পুৰৰ বাসিন্দা অবিনাশ নেগী(২৫) মূলতঃ মণিপুৰৰ, বৰ্তমান ডেৰাডুনৰ পেটেল নগৰত বাস কৰা সুমিত(২৫) আৰু ডেৰাডুনৰ তিলৱাৰী নিবাসী সুমিত(২৫) ক গ্ৰেপ্তাৰ কৰিছে । এই গোচৰৰ সৈতে জড়িত দুই নাবালকক সংস্কাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ।

ইয়াৰে এজন অভিযুক্ত নেপালৰ কাঞ্চনপুৰৰ বাসিন্দা যজ্ঞৰাজ অৱস্থী(২২) এতিয়াও পলাতক হৈ আছে । তেওঁক কৰায়ত্ত কৰাৰ বিনিময়ত ঘোষণা কৰা হৈছে ২৫ হাজাৰ টকাৰ পুৰস্কাৰ । হৰিদ্বাৰত অধ্যয়ন কৰা অৱস্থীৰ সন্ধান উলিয়াবলৈ দায়িত্বত নিয়োজিত কৰা হৈছে হৰিদ্বাৰ আৰু নেপাল আৰক্ষী ৷

যোৱা ৯ ডিচেম্বৰত ডেৰাডুনত এঞ্জেল চাকমা আৰু তেওঁৰ ভাতৃ মাইকেলৰ ওপৰত আক্ৰমণ কৰিছিল স্থানীয় যুৱকৰ এটা দলে ৷ এই আক্ৰমণত চাকমা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ১৭ দিনৰ পিছত বিগত ২৬ ডিচেম্বৰত গ্রাফিক ইৰা হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ছাত্ৰজনৰ ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ৰাজ্যত এনে ঘটনা সহ্য কৰা নহ’ব ৷ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । ২৯ ডিচেম্বৰতো ধামীয়ে এঞ্জেল চাকমাৰ পিতৃৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ন্যায্য আৰু স্বচ্ছ তদন্তৰ আশ্বাস দিয়ে ।

এক বিবৃতিত মুখ্যমন্ত্রীৰ কার্যালয়ে এনেদৰে প্ৰকাশ কৰিছে, ‘‘মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীৰ নির্দেশত ত্রিপুৰাৰ ছাত্র এঞ্জেল চাকমাৰ পিতৃ তৰুণ প্রসাদ চাকমাৰ বাবে তাৎক্ষণিক আর্থিক সাহায্যৰ অনুমোদন দিয়া হৈছে ৷ প্রথম কিস্তি হিচাপে ৪,১২,৫০০ টকাৰ ধনৰাশি মুকলি কৰা হৈছে ৷ এই সাহায্য অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইন আৰু নাগৰিক অধিকাৰ সুৰক্ষা আইন 1955 ৰ অধীনত অনুমোদন কৰা হৈছে ৷

ইফালে এঞ্জেল চাকমাৰ মাতৃৰ ফালৰ খুৰাক মমিন চাকমাই কয় যে তেওঁৰ ভতিজাকে শেহতীয়া প্লেচমেণ্টৰ জৰিয়তে চাকৰি লাভ কৰিছে । মমিন চাকমাই কয়, ‘‘ডেকাথলনত লাভ কৰা তেওঁৰ চাকৰিটোত লৈ সকলোৱে সুখী আছিল ৷ তেওঁ অতি সোনকালে কলকাতা বা অসমত কাম কৰিবলৈ সাজু হৈছিল ৷ পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত এঞ্জেলে নিজৰ সমগ্ৰ পৰিয়ালৰ দায়িত্ব ল'ব বিচাৰিছিল ।’’

মমিনে লগতে কয়, ‘‘এঞ্জেলৰ প্ৰধান ইচ্ছা আছিল তেওঁৰ পিতৃৰ বাবে ভি আৰ এছ (স্বেচ্ছামূলক অৱসৰ) নিশ্চিত কৰা । তেওঁৰ পিতৃয়ে সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ)ত চাকৰি কৰে ৷’’

ইয়াৰ পূৰ্বে সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই হত্যাকাণ্ডক ‘ভয়ংকৰ ঘৃণাজনিত অপৰাধ’ বুলি অভিহিত কৰি এই ঘটনাক লৈ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে ।

লগতে পঢ়ক: এঞ্জেল চাকমাৰ মৃত্যুত জড়িত দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান ড’নাৰ মন্ত্ৰীৰ