আবিৰৰ সলনি পানী, ফুলৰ পাহিৰে উদযাপন বাহা উৎসৱ
দৌলোৎসৱৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হয় ৷ এই উৎসৱৰ সময়ত হাৰামদিহিৰ ৰাইজে ফুলৰ গুটি মিহলি পানীৰে ভগৱানক পূজা কৰে ৷

Published : March 3, 2026 at 11:44 PM IST
তাৰক চট্টোপাধ্যায়ৰ প্ৰতিবেদন
আছানচোল(পশ্চিমবংগ): জনজাতীয় লোকসকলৰ জীৱিকা মূলতঃ তিনিটা মৌলিক উপাদানৰ ওপৰত নির্ভৰশীল ৷ সেয়া হৈছে - পানী, অৰণ্য আৰু ভূমি ৷ সমগ্ৰ দেশে মঙলবাৰৰ দিনটোত হোলী বা ফল্গুৎসৱ পালন কৰাৰ বিপৰীতে পশ্চিমবংগৰ আছানচোলত জনজাতীয় সমাজে কৰে প্ৰকৃতি পূজা ৷ অতি উলহ-মালহেৰে পালন কৰা এই উৎসৱ জনপ্ৰিয়ভাৱে পৰিচিত ‘বাহা উৎসৱ’ হিচাপে ৷
এই উৎসৱত ব্যৱহাৰ কৰা নহয় কোনো ধৰণৰ কৃত্ৰিম ৰং ৷ তাৰ সলনি ব্যৱহাৰ কৰা হয় পানী আৰু ফুলৰ পাহি ৷ পশ্চিমবংগৰ ৰঙাপৰা জিলাৰ হিৰাপুৰ ব্লকৰ হৰমাদিহি গাঁৱৰ ৰাইজে এই ধৰণৰ উৎসৱ উদযাপন কৰে ৷

বাহা উৎসৱৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ গাঁৱৰ মাটিৰে নিৰ্মিত ঘৰবোৰ প্ৰাকৃতিক ৰং, ফুল, মালা আদিৰে সজাই তোলা হয় । আনফালে জনজাতীয় পুৰুষ-মহিলাসকলে ধনছা-মদল বা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সুৰত নৃত্য প্ৰদৰ্শন কৰে । ইজনে-আনজনৰ ওপৰত পানী ঢালিও তেওঁলোকে আনন্দ প্ৰকাশ কৰে ।
এই বাহা উৎসৱ কি ?
জনজাতীয় লোকসকলে বছৰ বছৰ ধৰি হোলী বা দৌল যাত্ৰাৰ দিনা বাহা উৎসৱ পালন কৰি আহিছে । হৰমাদিহি গাঁৱৰ বাসিন্দা মতিলাল ছোৰেণে কয়, ‘‘এই উৎসৱৰ সৈতে দৌল বা হোলীৰ লগত কোনো সম্পৰ্ক নাই । ই জনজাতীয় উৎসৱ । এই উৎসৱ মূলতঃ তিনিদিনীয়া ৷ প্ৰথম দিনাই আমি গাঁৱৰ কোনো ঠাইলৈ গৈ দেৱতাৰ বাবে ঠাই সাজু কৰি লওঁ । পৰিয়ালৰ পুৰুষসকলে ফুলৰ গুটি সংগ্ৰহ কৰিবলৈ হাবিলৈ যায় । তাৰপিছত সেইবোৰ ঘৰলৈ আনি বিশুদ্ধ পানীত ডুবাই থৈ দিয়া হয় । পিছদিনা এই পানী দেৱতাৰ বাবে উৎসৰ্গিত স্থানলৈ লৈ যোৱা হয় । তাত এইবোৰ পূজা কৰা হয় । ইয়াৰ পিছত আমাৰ ধৰ্মীয় গুৰুৱে সেই বিশুদ্ধ পানী প্ৰতি ঘৰে ঘৰে বিতৰণ কৰে । উৎসৱৰ তৃতীয়টো দিনত আমি সেই পানীৰে খেলো ।’’

তেওঁ লগতে কয়, ‘‘এফালে সকলোৱে আনন্দত নাচি গান গায়, আনফালে ইজনে-সিজনৰ মূৰত পানী আৰু ফুলৰ পাহি ঢালে ৷ কিন্তু এই পানী যাৰে-তাৰে মূৰত ঢালিব নোৱাৰি । যাৰ লগত আমাৰ আন্তৰিক সম্পৰ্ক আছে, যাৰ লগত আমি হাঁহি-ধেমালি কৰো, যেনে - ককা আৰু নাতি, ভিনিহি আৰু খুলশালী, বৌ আদিৰ মূৰতহে ঢলা হয় । অৱশ্যে পানী ঢলাৰ লগে লগে কিন্তু আমি ইজনে-সিজনক সন্মানো কৰো ।’’
বাহা উৎসৱৰ মাজেৰে এক বাৰ্তা
মতিলাল ছোৰেণে কয়, ‘‘প্ৰতিদিনে প্ৰকৃতি ধ্বংস হৈছে । সকলোৱে কয় গছ ৰোপণ কৰক, আমি কওঁ গছ বচাওক । প্ৰকৃতিৰ নিয়ম অনুসৰি গছে গজালি মেলে । গছক জীয়াই ৰখাটো গুৰুত্বপূৰ্ণ । বাহা উৎসৱৰ জৰিয়তে আমি প্ৰকৃতি সংৰক্ষণৰ কথা ক’বলৈ বিচাৰো । প্ৰকৃতিক ৰক্ষা নকৰিলে এই পৃথিৱীখন জীয়াই নাথাকিব ।’’
এয়া কেনেকুৱা আনন্দ ?
বাহা উৎসৱৰ তৃতীয়টো দিন আঠৰ পৰা আশী বছৰ বয়সলৈকে সকলো পৰ্যায়ৰে লোকে উদযাপন কৰে । ধমসা মদলৰ সুৰত গান গাই নৃত্যও কৰে এইসকল লোকে । ইজনে-সিজনৰ ওপৰত পানী ঢালিও উদযাপন কৰে ।

এজন স্থানীয় বাসিন্দাই কয়, ‘‘আমি এই খেলত কোনো কৃত্ৰিম ৰং ব্যৱহাৰ নকৰো । আমি ইজনে-সিজনৰ ওপৰত পানী আৰু প্ৰাকৃতিকভাৱে পোৱা ফুলৰ পাহি ঢালিহে উদযাপন কৰো । এই উৎসৱৰ সময়ত আমাৰ সকলো আত্মীয়ই আমাৰ ঘৰলৈ আহে । আমি এই তিনিদিন আত্মীয়তাৰ বান্ধোনত বান্ধ খাই নাচি, গান গাই, খাই-বৈ আনন্দৰে সময় কটাওঁ ।’’
লগতে পঢ়ক: ফাকুৱাৰ সময়ছোৱাত ৰুক্ষতা, মৰি যোৱা ছাল আদিৰ পৰা কেনেকৈ আপোনাৰ ছালখনক সুৰক্ষিত কৰি ৰাখিব, জানো আহক...

