ETV Bharat / bharat

ক’ত আছে টকাৰ গছ ? জানক Tree of Coins ৰ ব্যতিক্ৰমী কাহিনী

হাজাৰ হাজাৰ মুদ্ৰাৰে সজ্জিত এজোপা গছ । এই গছজোপাক জনা যায় টকাৰ গছ হিচাপে ৷

TREE OF COINS
টকাৰ গছ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 8:53 PM IST

4 Min Read
Choose ETV Bharat

মহম্মদ আলমৰ প্ৰতিবেদন

নালন্দা: আপুনি হয়তো ধনী মানুহৰ কথা শুনিছে ৷ কিন্তু কেতিয়াবা শুনিছে জানো টকাৰ গছৰ কথা ? যদি শুনা বা জনা নাই, তেন্তে এই প্ৰতিবেদন নিশ্চয়কৈ আপোনাৰ বাবেই প্ৰস্তুত কৰা হৈছে ৷

এই প্ৰতিবেদনত বিশেষ এজোপা গছৰ কথা জনাব বিচাৰিছো ৷ মানুহে নিজৰ ইচ্ছা পূৰণৰ বাবে এই গছজোপাত মুদ্ৰা আঁৰি দিয়ে ৷ এই পৰম্পৰা ইমানেই পুৰণি যে গছজোপাত আৰু মুদ্ৰা লগাবলৈ পৰ্যাপ্ত ঠাই নাই । এই গছডালৰ অন্তৰালৰ কাহিনী কি ?

ক'ত আছে টকাৰ গছ ?

মুদ্ৰাৰ গছ বা টকাৰ গছ প্ৰত্যক্ষ কৰিবলৈ হ'লে আহিব লাগিব বিহাৰৰ নালন্দাৰ ৰাজগীৰলৈ ৷ ৰত্নাগিৰি পাহাৰৰ বিশ্ব শান্তি স্তুপৰ সমীপত অৱস্থিত এই অনন্য গছজোপা আজিও ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰবিন্দু ৷ বহেড়া নামৰ গছজোপা আচলতে জাপানী বৌদ্ধ মন্দিৰৰ সমীপতে অৱস্থিত ।

TREE OF COINS
ৰত্নাগিৰি পাহাৰত আছে এই গছজোপা (ETV Bharat)

সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ অপূৰ্ব দৃশ্য

মানুহে কয় যে ভগৱান বুদ্ধৰ দৰ্শনৰ পিছত জাপানী বৌদ্ধ মন্দিৰৰ সমীপত অৱস্থিত বহেড়া গছত মুদ্ৰা আঁৰি ভক্তসকলে নিজৰ নিজৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ প্ৰাৰ্থনা কৰে । এই কাৰণেই বৰ্তমান গছজোপা মুদ্ৰাৰে পৰিপূৰ্ণ হৈ পৰিছে । সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰশ্মি গছত পৰিলে মুদ্ৰাবোৰ ইমানেই উজ্জ্বলভাৱে জিলিকি উঠে যে বহেড়া গছৰ ডালবোৰ নিজে নিজেই জিলিকি থকা যেন লাগে ।

বিশ্ব শান্তি স্তুপত উপস্থিত ইটিভি ভাৰতৰ দল

ৰাজগীৰৰ বিখ্যাত বিশ্ব শান্তি স্তুপৰ সমীপত ৰত্নাগিৰি পৰ্বতৰ পাদদেশত যেতিয়া ইটিভি ভাৰতৰ দল উপস্থিত হৈছিল, তেতিয়া দেখা পোৱা দৃশ্যটোৱে সকলোকে আচৰিত কৰি তুলিছিল । গছজোপাৰ প্ৰায় আধা ডজনতকৈও অধিক ডালৰ প্ৰতিটোতে হাজাৰ হাজাৰ এক, দুই, পাঁচ বা দহটকীয়া মুদ্ৰা ঠাই খাই আছিল ।

পৰ্যটক আৰু প্ৰেমিক-প্ৰেমিকাই গছজোপাত মুদ্ৰা আঁৰি দিয়ে

বিগত কেইবছৰমানৰ পৰা এনে এক বিশ্বাস প্ৰচাৰিত হৈছে যে যদি কোনো দম্পতীয়ে গছজোপাত এটা মুদ্ৰা আঁৰি দিয়ে, তেন্তে সহজতে তেওঁলোকৰ ইচ্ছা পূৰণ হয় আৰু তেওঁলোকৰ জীৱন সফলতাৰে ধন্য হয় । ভগৱান বুদ্ধৰ তপস্যাৰ এই পবিত্ৰ স্থানত নিৰাপত্তাৰ বাবে নিয়োজিত বি এম পিৰ জোৱান লল্লু প্ৰসাদে কয় যে পৰ্যটকসকলে বিশেষকৈ প্ৰেমিক-প্ৰেমিকাসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে গছৰ ডালত মুদ্ৰা আঁৰি দিয়ে ।

নিৰাপত্তাৰক্ষীগৰাকীয়ে কয়, ‘‘ভূটান আৰু কোৰিয়াৰ দৰে বিদেশী ৰাষ্ট্ৰৰ পৰা অহা পৰ্যটকসকল ইয়ালৈ আহে । মানুহে মনোকামনা পূৰণৰ বাবে গছত মুদ্ৰা আঁৰি দিয়ে । যিকোনো ব্যক্তিয়ে নিজৰ ইচ্ছানুযায়ী যিকোনা মুদ্ৰা আঁৰি দিব পাৰে ৷ অৱশ্যে ইয়াৰ ফলত গছজোপাৰ ক্ষতি হৈছে । মানুহে মুদ্ৰা আঁৰিব নালাগে । বেছিভাগেই প্ৰেমত পৰা দম্পতীয়েই গছত মুদ্ৰা আঁৰি দিয়ে ।’’

পৰিৱেশবিদসকলে কি কয়

বাৰাণসীৰ বলদেৱ পি জি কলেজ(বৰাগাঁও) ৰ পৰিৱেশবিদ তথা ভূগোল বিভাগৰ মুৰব্বী ড৹ উমাকান্ত সিঙে বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ গৱেষণাৰ বাবে ৩৫ জন ছাত্ৰ-ছাত্ৰীক লৈ ৰাজগীৰলৈ গৈছিল । ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘‘এয়া সম্পূৰ্ণ অন্ধবিশ্বাস । কোনোবাই নিশ্চয়কৈ এই কাম আৰম্ভ কৰিছে আৰু মানুহে কেৱল তাকে অন্ধভাৱে অনুসৰণ কৰি আছে ।’’

পৰিৱেশবিদ সিঙে কয়, ‘‘গছৰ ডালত মুদ্ৰা আঁৰি দিলে গছৰ গ্ৰন্থিসমূহ ধ্বংস হয়, যাৰ ফলত শিপাৰ পৰা ওপৰলৈ পানীৰ সোঁত বন্ধ হৈ পৰে । ফলত এই বিৰল প্ৰজাতিৰ গছবোৰ লাহে লাহে মৃত্যুমুখত পৰিছে । এইটো এটা বেয়া প্ৰথা, যাৰ ফলত পৰিৱেশৰ অপূৰণীয় ক্ষতি হয় ।’’

পাহাৰ খহি পৰাৰ সম্ভাৱনা

ড৹ সিঙৰ মতে চোটা নাগপুৰ মালভূমিৰ উত্তৰ অংশ ৰত্নাগিৰি পৰ্বতৰ সম্প্ৰতি যথেষ্ঠ অৱনতি ঘটিছে । যাৰ ফলত দ্ৰুতগতিত ভূমিস্খলন সংঘটিত হৈছে ৷ ভূমিস্খলনৰ ফলত যদি এই গছবোৰ উভালি পৰে, তেন্তে সমগ্ৰ পাহাৰখন খহি পৰাৰ আশংকা আছে ।

TREE OF COINS
পৰ্যটকে আঁৰি দিয়া মুদ্ৰাসমূহ (ETV Bharat)

ৰেলিঙৰ প্ৰয়োজনীয়তা

বাৰাণসীৰ ভূগোলৰ ছাত্ৰী আয়ুষী জয়ছোৱালেও অসন্তুষ্টি প্ৰকাশ কৰি কয় যে নিজৰ মনোকামনা পূৰণৰ নামত অক্সিজেন যোগান ধৰা গছবোৰ মাৰি পেলোৱাটো বুদ্ধিমানৰ কাম নহয় । গছ-গছনি আৰু মানুহ উভয়ৰে সুৰক্ষা সুনিশ্চিত কৰিবলৈ পাহাৰত ৰেলিং স্থাপন আৰু পৰ্যটকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ তেওঁ প্ৰশাসনক দাবী জনায় ।

বৃক্ষৰোপণ আৰু সংৰক্ষণৰ দাবী

এতিয়া প্ৰশ্ন হয়, মনোকামনা পূৰণৰ এই ব্যতিক্ৰমী পদ্ধতিয়ে ৰাজগীৰৰ সেউজীয়াক গ্ৰাস কৰিব পাৰিবনে ? ইয়াত চৰকাৰক অনতিপলমে বৃক্ষৰোপণ আৰু সংৰক্ষণ অভিযান আৰম্ভ কৰিবলৈ দাবী জনাইছে পৰিৱেশবিদসকলে ৷ নহ’লে এই প্ৰথা প্ৰকৃতিৰ বাবে অভিশাপ বুলি প্ৰমাণিত হ’ব ।

লগতে পঢ়ক: মন্দিৰৰ প্ৰধান পুৰোহিতৰ মহিলাৰে লিভ-ইন সম্পৰ্ক, জন্ম হ'ল সন্তানো : উদ্বেগ উচ্চ ন্য়ায়ালয়ৰ