ETV Bharat / bharat

৮৫ বছৰীয়া 'বৃক্ষ মানৱ': চৰকাৰী সহায় অবিহনে ৰোপণ হাজাৰ হাজাৰ গছপুলি

সম্পূৰ্ণ একক প্ৰচেষ্টাত সমগ্ৰ কেন্দ্ৰপাৰাত অবিৰতভাৱে গছপুলি ৰোপণ কৰাৰ বাবে ধনেশ্বৰ বাৰিকক ওড়িশা চৰকাৰৰ 'প্ৰকৃতি বন্ধু বঁটা, ২০২৫' প্ৰদান কৰা হয় ।

Tree Man Dhaneshwar Barik
৮৫ বছৰীয়া 'বৃক্ষ মানৱ' ধনেশ্বৰ বাৰিক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 6:10 PM IST

6 Min Read
Choose ETV Bharat

ৰাধাকান্ত মহান্তি

কেন্দ্ৰপাৰা (ওড়িশা) : যিটো বয়সত বেছিভাগ মানুহেই সক্ৰিয় জীৱন-কাৰ্যৰ পৰা অৱসৰ লয়, সেই বয়সত ওড়িশাৰ কেন্দ্ৰপাৰাৰ নিকিৰাই পাটনা গাঁৱৰ ৮৫ বছৰীয়া ধনেশ্বৰ বাৰিকে এতিয়াও কান্ধত কোৰখন লৈ প্ৰতিদিনে মাইলৰ পিছত মাইল খোজকাঢ়ি আছে । এনেদৰেই তেওঁ বিগত তিনিটা দশকত ৰোপণ কৰা হাজাৰ হাজাৰ গছ-গছনিৰ যত্ন লৈ আহিছে । তেওঁৰ সমগ্ৰ জীৱন গছপুলি ৰোপণৰ যি অভিযান সেয়া আৰম্ভ হৈছিল তিনি দশক পূৰ্বে । ইয়াৰ দ্বাৰা তেওঁৰ প্ৰকৃতিৰ প্ৰতি নিস্বাৰ্থ প্ৰেম আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে ।

যিসময়ত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ গছপুলি ৰোপণ অভিযানত কোটি কোটি টকা ব্যয় কৰা হৈছে, সেই সময়ত অশীতিপৰ ধনেশ্বৰে কোনো প্ৰাতিষ্ঠানিক সহায়ৰ বাবে অপেক্ষা নকৰি সমগ্ৰ নিকিৰাই আৰু চুবুৰীয়া কুটাৰং পঞ্চায়তসমূহত হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰাৰ লগতে সেইবোৰৰ লালন-পালনো সম্পূৰ্ণ একক প্ৰচেষ্টাৰে কৰিছে ।

এই সন্দৰ্ভত ধনেশ্বৰে কয়, "মোৰ বয়স ৮৫ বছৰ । আজি গছবোৰ পৰিৱেশ আৰু সমাজৰ বাবে জীৱন । ই মাটিক জীয়াই ৰাখে । মানুহে বুজি নাপায়, তেওঁলোকে কেৱল গছ কাটে কিন্তু পুনৰ ৰোপণ নকৰে ।"

Tree Man Dhaneshwar Barik
৮৫ বছৰীয়া 'বৃক্ষ মানৱ' ধনেশ্বৰ বাৰিক (ETV Bharat)

এক দৰিদ্ৰ নাপিতৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ধনেশ্বৰে কিশোৰ অৱস্থাত পিতৃৰ লগত খেতি কৰি ডাঙৰ-দীঘল হৈছিল । পিছলৈ তেওঁ পৰিয়াল পোহপাল দিবলৈ দুই-তিনিখন পঞ্চায়তৰ অধীনস্থ গাঁৱৰ বাসিন্দাসকলৰ জন্ম, মৃত্যু আৰু বিয়াৰ ৰীতি-নীতিত নাপিতৰ বৃত্তি গ্ৰহণ কৰি থাকে । বয়স আৰু শাৰীৰিক দুৰ্বলতা বৃদ্ধি পোৱাৰ লগে লগে তেওঁ ক্ৰমান্বয়ে খেতি-বাতি এৰি গাঁৱৰ কামতে মনোনিবেশ কৰে । তেওঁ ৩৫০০ টকা বৃদ্ধ পেঞ্চন পায় আৰু লগতে গাঁৱৰ মানুহৰ পৰা পোৱা চাউল বিক্ৰী কৰিও উপাৰ্জন কৰে । ইয়াৰ দ্বাৰা তেওঁ ঔষধৰ বাবে ধন আৰু মৌলিক প্ৰয়োজনীয়তা পূৰণ হয় । তেওঁ কয়, “কিন্তু ধনৰ এক মোটা অংশ গছপুলি ৰোপণৰ বাবে খৰচ কৰা হয় ।”

Tree Man Dhaneshwar Barik
৮৫ বছৰীয়া 'বৃক্ষ মানৱ' ধনেশ্বৰ বাৰিক (ETV Bharat)

তেওঁৰ জীৱনৰ গতি সলনি কৰা মুহূৰ্তটো আহিছিল তিনি দশক পূৰ্বে । “ব'হাগ মাহত আমাৰ গাঁৱৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল । মৃতদেহটো শ্মশানলৈ লৈ যোৱাৰ সময়ত গৰম ইমানেই তীব্ৰ আছিল যে আমি থিয় হৈ থাকিব পৰা নাছিলোঁ । কাৰণ তাত গছ নাছিল । আমি দলঙৰ তলত আশ্ৰয় লৈছিলোঁ । সেইদিনাৰ পৰা মই গছপুলি ৰোপণৰ প্ৰতিজ্ঞা কৰিছিলোঁ ।” তেওঁ স্মৰণ কৰে ।

তেওঁ শ্মশানত প্ৰথমবাৰৰ বাবে বট গছৰ পুলি ৰোপণ কৰে । তাৰ পিছত নিকিৰাই কলেজ চ’কৰ পৰা পথৰ কাষত তেওঁ গছপুলি ৰোপণ কৰিবলৈ ধৰে । প্ৰখৰ ৰ’দত এই গছৰ তলত ৰৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ দৃশ্য দেখি তেওঁ আপ্লুত হৈ পৰে । “এতিয়া গছৰ তলত ল’ৰা-ছোৱালী বহি থকা দেখিলে মোৰ বৰ সুখ অনুভৱ হয় ।” তেওঁ মিচিকিয়াই কয় ।

তেওঁ নিকিৰাই আৰু কুটাৰং পঞ্চায়তত ১০ টা স্থানত ফুলগছ, বাঁহ, বটগছ, পলাশ, ৰবৰ আদিৰ পুলি ৰোপণ কৰি সেইবোৰ লালন-পালন কৰি আহিছে ।

তেওঁ কয়, "যদি মই এশটা গছৰ পুলি ৰোপণ কৰি তাৰ যত্ন নলওঁ তেন্তে কোনো লাভ নাই । গতিকে মই টকা খৰচ কৰি হ'লেও সেইবোৰৰ সুৰক্ষাৰ বাবে চাৰিওফালে বেৰ দিয়াৰ ব্যৱস্থা কৰো আৰু পানী দি লগতে ঘাঁহ-বন চাফা কৰি যত্ন লওঁ ।"

তেওঁৰ এই নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ৰাজনগৰ বন বিভাগৰ পৰা বঁটা লাভ কৰাৰ লগতে ১০ হাজাৰ টকা পুৰস্কাৰ আৰু ৰাজহুৱা স্বীকৃতিও লাভ কৰিছে । আনহাতে, পৰিৱেশৰ প্ৰতি যত্ন লোৱা লোকসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ওড়িশা চৰকাৰে প্রতিষ্ঠা কৰা 'প্রকৃতি বন্ধু সন্মান, ২০২৫' বঁটাও লাভ কৰিছে ৷

Tree Man Dhaneshwar Barik
৮৫ বছৰীয়া 'বৃক্ষ মানৱ' ধনেশ্বৰ বাৰিক (ETV Bharat)

তেওঁৰ কাম চাই ডাঙৰ হোৱা হৰিপুৰ গাঁৱৰ অমূল্য চাহুৱে কয়, “মই সৰুৰে পৰা ধনেশ্বৰ বাৰিক গছপুলি ৰোপণ কৰা দেখি আহিছোঁ । তেওঁ প্ৰাকৃতিক অৰণ্য সৃষ্টি কৰে আৰু গৰমৰ দিনতো গছবোৰক পানী দিয়ে । তেওঁ গছপুলিবোৰৰ চাৰিওফালে চাফা কৰে, বেৰ দি সুৰক্ষা প্ৰদান কৰে আৰু গছবোৰ বাঢ়ি যোৱালৈকে গছবোৰৰ লগতে লাগি থাকে । তেওঁৰ বাবেই বহু গছ জীয়াই আছে ।”

ধনেশ্বৰৰ পৰিয়ালত আছে দুজন পুত্ৰ, বোৱাৰী আৰু নাতি-নাতিনী । বছৰৰ ৩৬৫ দিনেই তেওঁ গছৰ যত্নৰ বাবে উচৰ্গা কৰে । তেওঁৰ বোৱাৰী ৰাজলক্ষ্মী বাৰিকে কয়, “তেওঁ পুৱা ৪ বজাত সাৰ পাই মন্দিৰৰ বাবে ফুল ছিঙি চাহ খাই খাই গছবোৰ চোৱাচিতা কৰিবলৈ ওলাই যায় । বয়সৰ লগে লগে তেওঁৰ অসুস্থতা অনুভৱ হোৱা বাবে আমি তেওঁক কাম নকৰিবলৈ কওঁ । কিন্তু তেওঁ আমাৰ কথাক আওকাণ কৰি গছবোৰ বচাবলৈ যায় । আমি তেওঁক লৈ গৌৰৱ কৰোঁ ।”

Tree Man Dhaneshwar Barik
৮৫ বছৰীয়া 'বৃক্ষ মানৱ' ধনেশ্বৰ বাৰিক (ETV Bharat)

কুটাৰঙৰ চৰপঞ্চ চিৰঞ্জন জেনাই কয় যে তেওঁক পৰিৱেশবিদ বুলি ক’লেও ভুল নহ’ব । "তেওঁ জীৱনকালত হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰিছে । তেওঁৰ সকলো উপাৰ্জন গছপুলি, বেৰ, বাঁহ আৰু ৰক্ষণাবেক্ষণৰ কামত খৰচ কৰে । তেওঁ কেতিয়াও চৰকাৰী সাহায্য লাভ কৰা নাই, মাত্ৰ পুৰস্কাৰহে পাইছে । মই দেখিছোঁ যেতিয়া প্ৰখৰ গৰমত মানুহে ঘৰতে শুই আৰাম কৰি থাকে, তেতিয়াও তেওঁ গছবোৰ চোৱাচিতা কৰি থাকে ।" চিৰঞ্জন জেনাই লগতে কয় ।

ধনেশ্বৰৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ’ল 'গছপুলি ৰোপণ কৰক, পৰিৱেশ ৰক্ষা কৰক' । তেওঁ এক আদৰ্শৰ নেতৃত্ব দিছে আৰু প্ৰমাণ কৰিছে যে কেনেকৈ এজন ব্যক্তিৰো এটা সমগ্ৰ সম্প্ৰদায়ৰ পৰিৱেশ সলনি কৰাৰ সামৰ্থ্য আৰু ক্ষমতা আছে ।

লগতে পঢ়ক :সমগ্ৰ দিল্লীত 'পুটিনজ্বৰ' ! মানুহতো বাদেই পৰুৱাও নিষিদ্ধ ৰাষ্ট্ৰীয় ৰাজধানীত
লগতে পঢ়ক :১০০ বছৰীয়া এগৰাকী চিকিৎসক, এইমছ ভূৱনেশ্বৰক দিলে জীৱনৰ সাচতীয়া ৩.৪ কোটি টকা