স্কুল বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ: নিহত এজন শিক্ষাৰ্থী, আহত কেবাজনো
এখন স্কুল বাছৰ ওপৰত গছ বাগৰি পৰাত এজন ছাত্ৰৰ মৃত্যু হয় ৷ এই দুৰ্ঘটনাত আন কেইবাটাও শিশু আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

Published : June 30, 2026 at 7:08 PM IST
মুম্বাই: এক মৰ্মান্তিক ঘটনা ৷ পুৱাই উঠি নিত্য-কৰ্ম কৰি স্কুললৈ বুলি ওলাই অহা একাংশ শিক্ষাৰ্থীৰ বাবে আদবাটতে ৰৈ আছিল যম ! স্কুল নাপাওঁতে যমে লৈ গ’ল ১১ বছৰীয়া এগৰাকী শিক্ষাৰ্থীৰ প্ৰাণ ৷ মঙলবাৰে দুপৰীয়া প্ৰায় ২:৫০ বজাত সংঘটিত হোৱা এই ঘটাক কেন্দ্ৰ কৰি মুম্বাইৰ চেম্বুৰ অঞ্চলত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
জানিব পৰা মতে, বিগত দিনকেইটাৰ দৰে মঙলবাৰেও মুম্বাইত ধাৰাসাৰ বৰষুণ হৈ আছিল ৷ দুপৰীয়া প্ৰায় ২:৫০ বজাত চেম্বুৰৰ ১১ নং পথৰ সমীপত ইউনিভাৰ্চেল স্কুল আৰু তিলক নগৰ স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন স্কুল বাছত হঠাৎ এজোপা ডাঙৰ গছ বাগৰি পৰে ৷ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন আহত হৈছে । এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অভিভাৱকসকলৰ মনতো ভয়ৰ সৃষ্টি কৰিছে ৷
VIDEO | Mumbai: 11-year-old student dies after tree falls on school bus in Mumbai, says official. pic.twitter.com/2lYmK3CNWg
— Press Trust of India (@PTI_News) June 30, 2026
পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি, মঙলবাৰে দুপৰীয়া প্ৰায় ২:৫০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । বাছখন চেম্বুৰৰ ১১ নং পথেৰে গৈ থকা অৱস্থাতে পথৰ কাষত থকা এজোপা ডাঙৰ গছ হঠাতে বাছখনৰ ওপৰত উভালি পৰে । ফলত বাছখনত থকা শিক্ষাৰ্থীৰ মৃত্যু আৰু আহত হোৱাৰ লগতে বাছখনৰো বিস্তৰ ক্ষতি হয় ৷
VIDEO | Mumbai: Tree falls on school bus in Chembur; several children seriously injured, one reported trapped.
— Press Trust of India (@PTI_News) June 30, 2026
(Source: Third Party)
(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/dkiMiWE9Mu
#WATCH | An 11-year-old student, Vihan Shrivastav, was killed and four other children were injured after a roadside tree fell onto a school bus in Mumbai's Chembur area.
— ANI (@ANI) June 30, 2026
Mumbai Fire Brigade: " the 12 children inside the bus were safely rescued by the bus conductor and local… pic.twitter.com/GizlgALkug
ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকে সহায়ৰ বাবে ওলাই আহে ৷ ইয়াৰ পাছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা দল আৰু অন্যান্য উদ্ধাৰকাৰী সংস্থা সেই স্থানত উপস্থিত হৈ তৎক্ষণাত উদ্ধাৰ অভিযান আৰম্ভ কৰে । বাছখনৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক নিৰাপদে উলিয়াই অনা হয় ৷ কিন্তু এই দুৰ্ঘটনাত এজন ছাত্ৰই প্ৰাণ হেৰুৱায় । লগতে আহত চাৰিজন ছাত্ৰক চেম্বুৰৰ জেন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
11-year-old student dies after tree falls on school bus in Mumbai's Chembur; four others injured
— ANI Digital (@ani_digital) June 30, 2026
Read @ANI Story | https://t.co/MLHRLQ7nmH#Mumbai #Chembur #studentdeath #SchoolBus pic.twitter.com/Hu3Ty3uVAG
এই ঘটনা সন্দৰ্ভত এজন লোকে কয়, "আজি এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল ৷ স্কুল বাছত গছ বাগৰি পৰি এটি শিশুৱে প্ৰাণ হেৰুৱালে ৷ আনহাতে আহত শিশুসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ মুম্বাই পৌৰ নিগমৰ গাফিলতিৰ স্পষ্ট ফল এয়া । বাৰিষাৰ পূৰ্বে সকলো গছ-গছনিৰ পৰীক্ষা কৰা উচিত ৷ দুৰ্বল বা সম্ভাব্য বিপদজনক গছ চিনাক্ত কৰি প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগে ৷ এনে কৰা হ’লে আজিৰ দৰে ঘটনাটো নঘটিলহেঁতেন ৷’’

