একোকে নমনি, পথে-নভোমণ্ডলে কেৱল কুঁৱলী: পলমকৈ চলিছে ৮২ খন ৰে’ল, বাতিল কেইবাখনো বিমান
দিল্লী, নতুন দিল্লী, আনন্দ বিহাৰ আৰু হজৰত নিজামুদ্দিন ষ্টেচনত বহু ৰে’ল চলিছে পলমকৈ ।

Published : January 2, 2026 at 3:16 PM IST
নতুন দিল্লী: ২০২৬ চনৰ দ্বিতীয় দিনটোতেই অৰ্থাৎ ২ জানুৱাৰীত ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ প্ৰভাৱ পৰিছে । এই প্ৰভাৱ বিমান আৰু ৰে’ল যাতায়তত স্পষ্টভাৱে পৰিলক্ষিত হৈছে ।
সূত্ৰ অনুসৰি ৮২খন ৰে’ল নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলি আছে । ফলত হাজাৰ হাজাৰ যাত্ৰীৰ অসুবিধা হৈছে । আনহাতে ঘন কুঁৱলীৰ বাবে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চলাচল কৰা কেইবাখনো বিমান বাতিল অথবা পলম হৈছে ।
বিমান সেৱা প্ৰভাৱিত, কেইবাখনো বিমান বাতিল:
ইণ্ডিগো এয়াৰলাইন্সৰ :
৬ই ৬৮২০ (দিল্লী-নাগপুৰ) – বাতিল
৬ই ৬৭৪১ (দিল্লী-চণ্ডীগড়) – বাতিল
৬ই ৫১০৩ (দিল্লী-অমৃতসৰ) – বাতিল

এছ জি ৯০৩ (দিল্লী–বাগডোগ্ৰা) – বাতিল
এছ জি ৮৭১৮ (দিল্লী–বাৰানসী) – বাতিল
এছ জি ৪৯৫ (দিল্লী–দৰভংগা) – পলম
এছ জি ৯৭১৮ (দিল্লী–বাৰাণসী) – পলম
এছ জি ২৯৩৯ (দিল্লী–ধৰমশালা) – পলম
এছ জি ৯৩৭ (দিল্লী–গোৰখপুৰ) – পলম
এছ জি ৬৬৪ (দিল্লী–মুম্বাই) – পলম
এয়াৰ ইণ্ডিয়া
এ আই ২৬৫৩ (দিল্লী–বেংগালুৰু) – বাতিল
এ আই ১৭০৩ (দিল্লী–অমৃতসৰ) – বাতিল
বাতিল এ আই ১৭৪৫ (দিল্লী–মুম্বাই) – বাতিল
এ আই ৮১৭ (দিল্লী–আহমেদাবাদ) – বাতিল
এ আই ১৭৯৭ (মুম্বাই–পুনে) – বাতিল
IX ১০৫৭ (দিল্লী–ভুৱনেশ্বৰ) – বাতিল
ৰে’ল যাতায়ততো বৃহৎ প্ৰভাৱ পৰিছে:
কুঁৱলীৰ বাবে নতুন দিল্লী, আনন্দ বিহাৰ আৰু হজৰত নিজামুদ্দিন ৰে’ল ষ্টেচনৰ পৰা অহা-যোৱা কৰা ৰে’লসমূহ ঘণ্টাৰ পিছত ঘণ্টা পলমকৈ চলি আছে ।

| ৰে'লৰ নম্বৰ | কিমান পলম হৈছে |
|---|---|
| ২২৪৬২ শ্ৰী শক্তি এ চি ছুপাৰফাষ্ট | ১ ঘণ্টা ১৯ মিনিট |
| ১৪০৮৬ ছিৰছা এক্সপ্ৰেছ | ১ ঘণ্টা ২৯ মিনিট |
| ১২৬২৭ কৰ্ণাটক ছুপাৰফাষ্ট | ২ ঘন্টা ২৬ মিনিট |
| ১৪২১১ ইন্টাৰচিটি এক্সপ্ৰেছ | ১ ঘণ্টা ৩১ মিনিট |
| ১২৫৫৯ শিৱগংগা ছুপাৰফাষ্ট | ৩ ঘন্টা ৩৫ মিনিট |
| ১২০৫৬ জন শতাব্দী এক্সপ্ৰেছ | ১ ঘণ্টা ২১ মিনিট |
| ১২৪৮৫ হাজুৰ চাহাব নন্দেদ–শ্ৰীগংগনগৰ | ২ ঘন্টা ১৭ মিনিট |
| ১২৪৪১ বিলাসপুৰ–নতুন দিল্লী ৰাজধানী | ১ ঘণ্টা ৫৫ মিনিট |
| ২২৬৮৫ কৰ্ণাটক সম্পৰ্ক ক্ৰান্তি | ১ ঘণ্টা ৩ মিনিট |
| ১২৩০১ হাওৰা–নতুন দিল্লী ৰাজধানী | ৩ ঘন্টা ৭ মিনিট |
| ১২৩১৩ ছিয়ালদাহ–নতুন দিল্লী ৰাজধানী | ২ ঘন্টা ৪৩ মিনিট |
| ২২৮২৩ ভুৱনেশ্বৰ–নতুন দিল্লী তেজস ৰাজধানী | ৩ ঘন্টা ৫৪ মিনিট |
| ১২৭১৬ সচখণ্ড এক্সপ্ৰেছ | ১ ঘণ্টা ৬ মিনিট |
| ১২২৫৯ ছিয়ালদাহ–বিকানেৰ ডুৰন্টো | ৩ ঘন্টা ১ মিনিট |
| ১২৪২৩ ডিব্ৰুগড়–নতুন দিল্লী ৰাজধানী | ৩ ঘন্টা ২৪ মিনিট |
| ১২৫৮১ বানাৰসী – নতুন দিল্লী ছুপাৰফাষ্ট | ৪ ঘন্টা ২১ মিনিট |
| ২২৩৬১ ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল – নতুন দিল্লী অমৰুত ভাৰত | ১ ঘণ্টা ১৮ মিনিট |
| ২০৮০১ মগধ এক্সপ্ৰেছ | ৩ ঘন্টা ১৫ মিনিট |
| ২০৪০৭ ৰাঁচী–নতুন দিল্লী ৰাজধানী | ৪ ঘন্টা ৪২ মিনিট |
| ১১৮৪১ গীতা জয়ন্তী এক্সপ্ৰেছ | ৬ ঘন্টা ১৯ মিনিট |
আনন্দ বিহাৰ টাৰ্মিনেল
১৫২৭৩ সত্যগ্ৰহ এক্সপ্ৰেছ – ১ ঘন্টা ৫ মিনিট পলমকৈ
১৩২৫৭ জনসাধাৰণ এক্সপ্ৰেছ (অসংৰক্ষিত) – ১ ঘন্টা ৪৪ মিনিট পলমকৈ
১২৪৪৩ হালদিয়া-আনন্দ বিহাৰ ছুপাৰফাষ্ট – ৪ ঘন্টা ৫১ মিনিট পলমকৈ
হজৰত নিজামুদ্দিন ষ্টেচন
১৪২১১ ইন্টাৰচিটি এক্সপ্ৰেছ – ১ ঘন্টা ৩১ মিনিট পলমকৈ
১২৬২৭ কৰ্ণাটক ছুপাৰফাষ্ট – ২ ঘন্টা ৩৪ মিনিট পলমকৈ
২২২২১ মুম্বাই–হজৰত নিজামুদ্দিন – ১ ঘন্টা ৩৬ মিনিট পলমকৈ
১২১৮৯ মহাকৌশাল এক্সপ্ৰেছ – ১ ঘণ্টা ৩২ মিনিট পলমকৈ
১২১৯২ শ্ৰীধম ছুপাৰফাষ্ট – ১ ঘন্টা ২২ মিনিট পলমকৈ
২২৬৩৩ ত্ৰিবান্দ্ৰম–হজৰত নিজামুদ্দিন – ১ ঘণ্টা ৫২ মিনিট পলমকৈ
ইয়াৰ উপৰি পুৰণি দিল্লী, নতুন দিল্লী, আনন্দ বিহাৰ আৰু হজৰত নিজামুদ্দিন ষ্টেচনত আন বহু ৰে’ল এঘণ্টাৰো কম সময় পলমকৈ চলিছে ।
উত্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে কয় যে ঘন কুঁৱলীত দৃশ্যমানতা অত্যন্ত কম । এনে পৰিস্থিতিত লোকো পাইলটে সংকেত স্পষ্টকৈ দেখা নাপায় । সংকেত নেদেখি ৰে’ল চলোৱা অসম্ভৱ । সুৰক্ষাক অগ্ৰাধিকাৰ দি লোকো পাইলটসকলে যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰে’লসমূহ লেহেমীয়া গতিৰে চলাইছে । ইয়াৰ বাবেই ৰে’ল পলমকৈ চলি আছে ।
যাত্ৰীসকলে এইবোৰ কথাত গুৰুত্ব দিব লাগে :
যাত্ৰাৰ পূৰ্বে বিমান আৰু ৰে’লৰ অৱস্থা পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক বিমান সংস্থা আৰু ৰে’ল প্ৰশাসনে আহ্বান জনাইছে। বতৰ পৰিষ্কাৰ নোহোৱালৈকে অহা কেইদিনমানৰ বাবে যাতায়ত প্ৰভাৱিত হৈ থকাৰ সম্ভাৱনা আছে ।

