ETV Bharat / bharat

চেলা পাছ হ্ৰদত শোকাবহ ঘটনা; বৰফত ডুবিল এজন, সন্ধানহীন এক

হ্ৰদৰ কাষত সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়তে ঘটিল অঘটন ।

tourists from Kerala fall in frozen Chela Pass Lake at Tawang
চেলা পাছ হ্ৰদত বৰফত ডুবিল এজন, সন্ধানহীন এক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 10:14 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: এক শোকাবহ ঘটনা সংঘটিত হৈছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা পাছ হ্ৰদত । শুকুৰবাৰে দিনৰ প্ৰায় ২.৩০ বজাত চেলা হ্ৰদত তিনিজন পৰ্যটক ডুব যায় ।

টাৱাং জিলাৰ জং ৰাজহ চক্ৰৰ অতিৰিক্ত উপায়ুক্ত হকৰাচ' কাৰীয়ে ইটিভি ভাৰতক ফোনযোগে সদৰী কৰা মতে, কেৰালাৰ পৰা অহা ৭ জনীয়া পৰ্যটকৰ দলটোৱে হ্ৰদৰ কাষত সৌন্দৰ্য উপভোগ কৰি থকা সময়তে দিনৰ ২.৩০ বজাত এই ঘটনাটো সংঘটিত হয় । ইয়াৰ পিচতেই উদ্ধাৰকাৰী দলে অভিযান চলায় ।

এই ঘটনাৰ বিষয়ে আবেলি ৩.১৫ বজাত অতিৰিক্ত আয়ুক্তগৰাকীয়ে খবৰ পাই তাৎক্ষণিকভাৱে উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰি নিজে ঘটনাস্থলীত উপস্থিত হয় । এই ঘটনা সন্দৰ্ভত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয়, "এই ৭ জনীয়া পৰ্যটকৰ দলৰ এজন কৃষ্ণা দাসক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে দুজন হ্ৰদত ডুব যায় । অভিযানকাৰী দলটোৱে পিচত এজনৰ মৃতদেহ উদ্ধাৰ কৰে । উদ্ধাৰ কৰা লোকজন বিলো প্ৰকাশ বুলি আই এল পিৰ দ্বাৰা চিনাক্ত কৰা হৈছে বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় । সন্ধানহীন আনজনক বৰ্তমানলৈকে উদ্ধাৰ কৰি পৰা হোৱা নাই । নিশা হোৱা বাবে এই উদ্ধাৰ অভিযান বন্ধ ৰখা হৈছে ।

তেওঁ কয় আই এল পিত উল্লেখ থকা মাধৱ এমৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই । তেওঁ জনায় যে সমীপৰ এছ এছ বিৰ জোৱানে হ্ৰদৰ কাষলৈ যাবলৈ বাধা প্ৰদান কৰিছিল । প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰি ফলক লগাই থোৱাৰ পিছতো তেওঁলোক নামি গৈছিল । প্ৰথমে হ্ৰদত ডুব যোৱা লোকজনক জীৱন্তে উদ্ধাৰ কৰা হয় । তেওঁক উদ্ধাৰ কৰিবলৈ নামি যোৱা আন দুজনৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে এজন সন্ধানহীন হৈ আছে ।

শনিবাৰে পুৱা ৮ বজাত পুনৰ আৰম্ভ হ'ব বুলি কয় টাৱাং জিলাৰ জং ৰাজহ চক্ৰৰ অতিৰিক্ত উপায়ুক্ত হকৰাচ' কাৰীয়ে । তাৎক্ষণিকভাৱে সাহায্য আৰু সুৰক্ষা ব্যৱস্থাৰ সমন্বয়ৰ বাবে উক্তস্থানত উপস্থিত থকা জং আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত ২৪ জাট ৰেজিমেণ্টে যৌথভাৱে উদ্ধাৰ আৰু অনুসন্ধান অভিযান চলায় ।

লগতে পঢ়ক:বনভোজলৈ খাবলৈ গৈ উভতি নাহিল ৯৪ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হোৱা প্ৰজ্ঞাশ্ৰী

প্ৰকৃতিৰ অকৃপণ বৰদান অৰুণাচলৰ 'আনিনি': উত্তৰ-পূবৰ ভূস্বৰ্গই হাতবাউলি মাতে পৰ্যটকক