ETV Bharat / bharat

ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ দাবী: ট্ৰাম্পৰ পিছত এইবাৰ নাক ঘঁহাইছে চীনেও

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে মঙলবাৰে কয় যে বেইজিঙে ভাৰত-পাকিস্তান সংঘাতৰ লগতে কেইবাটাও বিশ্বজনীন সংঘাতত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে ।

CHINA ON INDIA PAK WAR
নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ সময়ত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়ি (ANI)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 1:14 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : যুদ্ধ লাগিছিল ভাৰত-পাকিস্তানৰ মাজত । বুজাবুজিতো উপনীত হৈছিল ভাৰত চৰকাৰ আৰু পাক চৰকাৰৰ আলোচনাত । কিন্তু তাৰ মাজতে ভাৰত-পাকিস্তান সংঘাত দূৰ কৰাৰ কৃতিত্ব ল'বলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আগবাঢ়ি আহে । এবাৰ, দুবাৰ নহয়, কুৰিৰো অধিকবাৰ ট্ৰাম্পে দাবী কৰিছে যে ভাৰত-পাক সংঘাত তেওঁৰ মধ্যস্থতাতে দূৰ হৈছিল । এইবাৰ এই বিষয়ত নাক ঘঁহাইছে ৰঙা চীনেও । চীনৰ দাবী, ভাৰত-পাক সংঘাতৰ সময়ত ইয়াৰ সমাধানৰ বাবে তেওঁলোকে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল ।

চীনৰ বিদেশ মন্ত্ৰণালয়ৰ দ্বাৰা X পোষ্টত জাৰি কৰা এক বিবৃতি অনুসৰি, চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে আন্তৰাষ্ট্ৰীয় পৰিস্থিতি আৰু চীনৰ বৈদেশিক সম্পৰ্ক সন্দৰ্ভত ছিংপোজিয়ামত কয় যে বেইজিঙে ভাৰত-পাকিস্তান সংঘাতৰ লগতে কেইবাটাও আন্তৰাষ্ট্ৰীয় বিবাদত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল ।

ৱাঙে কয়, "স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে আমি এক বস্তুনিষ্ঠ আৰু সঠিক পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু লক্ষণ আৰু প্ৰকৃত কাৰণ দুয়োটাকে সমাধানৰ বাবে গুৰুত্ব দিওঁ । হটস্পট বিষয়বোৰক সমাধানৰ বাবে চীনৰ এই পদ্ধতি গ্ৰহণ কৰি আমি উত্তৰ ম্যানমাৰ, ইৰাণৰ পাৰমাণৱিক বিষয়, পাকিস্তান আৰু ভাৰতৰ মাজত সংঘাত, পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ বিষয় আৰু কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজৰ শেহতীয়া বিবাদত মধ্যস্থতা কৰিছে ।"

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত আৰম্ভ হোৱা ভাৰত-পাকিস্তানৰ মাজত বিবাদ তথা সংঘাতৰ পিছত আৰম্ভ হোৱা হ্ৰস্বম্যাদী কিন্তু তীব্ৰ সামৰিক অভিযানৰ কেইমাহমান পিছতে ৱাঙৰ এই মন্তব্য আহিছে । ভাৰতে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাক মদতপুষ্ট সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছিল । এই আক্ৰমণত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ কেইবাটাও সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হৈছিল ।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই যুদ্ধ বন্ধ কৰাৰ দাবী কৰাৰ সময়ৰে পৰা ভাৰতে নিৰন্তৰভাৱে কোনো তৃতীয় পক্ষৰ মধ্যস্থতাৰ দাবীক খাৰিজ কৰি আহিছে আৰু লগতে কৈছে যে চাৰিদিন ধৰি চলা যুদ্ধৰ সামৰিক পৰ্যায়ত হোৱা আলোচনাত অন্ত পৰিছিল ।

নতুন দিল্লীয়ে কয় যে ভাৰতৰ আক্ৰমণত বৃহৎ ক্ষতিৰ সন্মুখীন হৈ অস্থিৰ হৈ পৰা পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান চমুকৈ ডি জি এম অ'ৱে ভাৰতৰ ডি জি এম অ' সৈতে ফোনযোগে বাৰ্তালাপ কৰে । এই বাৰ্তালাপৰ পিছতে দুয়োপক্ষই ১০ মে'ৰ পৰা স্থল, জল আৰু আকাশী সকলোফালৰ পৰা গুলীবৰ্ষণ আৰু সামৰিক কাৰ্যকলাপ বন্ধ ৰখাত সন্মতি প্ৰদান কৰে ।

ইয়াৰ মাজতে চীনৰ এই দাবীয়ে সংকটৰ সময়ত তেওঁলোকৰ ভূমিকা সন্দৰ্ভত পুনৰ ধ্যান আকৰ্ষণ কৰিছে । বিশেষকৈ পাকিস্তানৰ সৈতে দেশখনৰ সুৰক্ষা সম্বন্ধীয় নিকট সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত এই দাবী বিচাৰ্যৰ বিষয় হৈ পৰিছে । কিয়নো চীন হৈছে পাকিস্তানক সৰ্বাধিক অস্ত্ৰ যোগানকাৰী । নৱেম্বৰত আমেৰিকা-চীন অৰ্থনৈতিক আৰু সুৰক্ষা পুনৰীক্ষণ আয়োগৰ এক প্ৰতিবেদনত অপাৰেশ্যন সেন্দূৰৰ পিছত চীনে ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ কৰা হৈছিল ।

আমেৰিকান কংগ্ৰেছৰ পৰামৰ্শদাতা সংস্থাই কৈছে যে বেইজিঙে ভুৱা সামাজিক মাধ্যমৰ একউণ্টৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বিমান ধ্বংসৰ ছবি প্ৰকাশ কৰিছিল । ইয়াৰ উদ্দেশ্য আছিল ফ্ৰান্সৰ ৰাফেল ফাইটাৰ জেটৰ বিক্ৰী কম কৰা । ইয়াৰ বিপৰীতে নিজৰ জে-৩৫ বিমানক প্ৰচাৰ কৰা ।

ইফালে কূটনৈটিকভাৱে বেইজিঙে অপাৰেশ্যন সেন্দূৰৰ প্ৰথমদিনা ভাৰতক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল । লগতে ভাৰতৰ আক্ৰমণক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছিল । চীনৰ বৈদেশিক মন্ত্ৰণালয়ে ৭ মে' কৈছিল, "আজি পুৱা ভাৰতৰ সামৰিক আক্ৰমণত চীনে উদ্বেগ প্ৰকাশ কৰিছে । আমি বৰ্তমানৰ পৰিস্থিতিক লৈ চিন্তিত ।"

লগতে পঢ়ক :সম্পৰ্কৰ অৱনতি স্বত্বেও জিয়াৰ অন্ত্যেষ্টিক্ৰিয়ালৈ জয়শংকৰৰ ঢাকা ভ্ৰমণৰ গুৰুত্ব
লগতে পঢ়ক :ডেৰাডুনত অধ্যয়ন কৰি থকা উত্তৰ-পূবৰ সকলো শিক্ষাৰ্থীকে নিৰাপত্তা দিব চৰকাৰে: ঘোষণা আৰক্ষীৰ