ETV Bharat / bharat

ঝাৰখণ্ডৰ বিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত তিনি অভিযন্তা নিহত

প্লাণ্টটোত কৰ্মচাৰীয়ে কাম কৰি থকা সময়তে বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় ।

3 KILLED IN BLAST AT POWER PLANT
ঝাৰখণ্ডৰ ৰামগড়ৰ বিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত তিনি অভিযন্তা নিহত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 22, 2026 at 2:14 PM IST

2 Min Read
Choose ETV Bharat

ৰামগড় (ঝাৰখণ্ড): ঝাৰখণ্ডৰ ৰামগড়ৰ বৰকাকানা আৰক্ষী থানাৰ অন্তৰ্গত হেহালৰ চিমেণ্ট এণ্ড ষ্টীল কাৰখানাৰ বিদ্যুৎ কেন্দ্ৰত সংঘটিত বিস্ফোৰণত তিনিগৰাকী অভিযন্তা নিহত হয় । এই ঘটনাত লগতে আন এজন গুৰুতৰভাৱে আহত হৈছে ।

উল্লেখ্য় যে এই প্লাণ্টটোত কৰ্মচাৰীয়ে কাম কৰি থকা সময়তে বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় । এই সন্দৰ্ভত বৰকাকানা থানাৰ বিষয়া উমাশংকৰ বৰ্মাই কয়, "এই ঘটনাত তিনিগৰাকী কৰ্মচাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয় । আহতজনক উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰা হৈছে ।"

এই বিদ্যুৎ কেন্দ্ৰটোৰ ব্যৱস্থাত প্ৰভাৱ পেলোৱা অধিক উষ্ণতাৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । সকলো সুৰক্ষা ব্যৱস্থা বিকল হোৱাৰ পিছত আৰু টাৰ্বাইনৰ গতি অতিমাত্ৰা হোৱাত এই বিস্ফোৰণটো সংঘটিত হয় । নিহতসকল বোকাৰোৰ জাগেশ্বৰ বিহাৰৰ বিনীত মাহতো, ধনবাদৰ সঞ্জীৱ কেশৰী আৰু গড়হৱাৰ নগৰ উণ্টাৰীৰ অভিষেক পাণ্ডে । এই ঘটনাত গুৰুতৰভাৱে আহত হয় হাজৰিবাগৰ তৰুণ ৰাভানী ।

ঝাৰখণ্ডৰ ৰামগড়ৰ বিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত তিনি অভিযন্তা নিহত (ETV Bharat)

ইপিনে, এই ঘটনাটো সংঘটিত হোৱাৰ পিছত শ্ৰমিকসকলে উপযুক্ত সুৰক্ষা ব্য়ৱস্থা নথকা বুলি ক্ষোভ প্ৰকাশ কৰিছে । শ্ৰমিকসকলে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে । অমিত নামৰ এজন কৰ্মচাৰীয়ে প্লাণ্ট পৰিচালনাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । শ্ৰমিকসকলে অভিযোগ কৰে যে বিদ্যুৎ কেন্দ্ৰৰ নিয়ন্ত্ৰণ কক্ষৰ ভিতৰৰ উষ্ণতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে আৰু বিকল এয়াৰ কণ্ডিচনাৰ ব্যৱস্থাই কামৰ পৰিস্থিতি কঠিন কৰিছে ।

কৰ্মচাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে তেওঁলোকে বাৰে বাৰে এই বিষয়ে বিষয়াসকলক অৱগত কৰি অহাৰ পিছতো এই ক্ষেত্ৰত কোনো সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰিলে । শ্ৰমিকসকলে পুনৰ ক্ষোভেৰে কয় যে তেওঁলোকে নিয়মিতভাৱে উষ্ণতা ৰেকৰ্ড কৰি ৰিডিংসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল যদিও শীতল ব্যৱস্থাটোৰ মেৰামতি কৰা কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । শ্ৰমিক আৰু কৰ্মচাৰীসকলে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক:তেলেংগানাত ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ: নিহত দুই শ্ৰমিক

মধ্যপ্ৰদেশৰ জিলা চিকিৎসালয়ৰ NICU ত জুই: গুৰুতৰভাৱে আহত তিনিটি নৱজাতক