বিভাজনৰ পিছত ভাৰতলৈ অহা লোকসকল শৰণাৰ্থী নহয়, ‘যোদ্ধা’ আছিল: ভাগৱত
বিভাজনৰ পিছত মানুহে কোনো ভয় নোহোৱাকৈ নিজৰ ধৰ্ম পালন কৰিবলৈ ভাৰতলৈ আহিবলৈ বাছি লৈছিল বুলি এক অনুষ্ঠানত ভাষণ দি আৰএছএছ প্ৰধান মোহন ভাগৱতে কয় ।

By PTI
Published : July 2, 2026 at 4:50 PM IST
নাগপুৰ (মহাৰাষ্ট্ৰ): ১৯৪৭ চনৰ দেশ বিভাজনৰ পিছত ভাৰতলৈ অহাসকল শৰণাৰ্থী নহয়, বৰঞ্চ ‘সংগ্ৰামৰ যোদ্ধা’ ৷ মাতৃভূমি আৰু ‘ধৰ্ম’ৰ প্ৰতি থকা প্ৰেমৰ বাবেই তেওঁলোকে তীব্ৰ প্ৰত্যাহ্বান আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল ৷ এই মন্তব্য আৰএছএছ প্ৰধান মোহন ভাগৱতৰ ৷
তেওঁ কয় যে এই লোকসকলে নতুনকৈ গঠন হোৱা পাকিস্তানত প্ৰজন্মৰ পিছত প্ৰজন্মই গঢ়ি তোলা আৰু সম্প্ৰসাৰণ কৰা নিজৰ ধন-সম্পত্তি, মাটি আৰু ব্যৱসায় এৰি ভাৰতলৈ আহিবলৈ বাছি লৈছিল ।
বুধবাৰে নাগপুৰত সিন্ধু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত সংস্থা সিন্ধু এডুকেচন ছ’চাইটিৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানত ভাগৱতে নিজৰ বক্তব্য প্ৰদান কৰে ৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতাজনে কয় যে বিভাজনৰ পিছত মানুহে জানি-বুজি সিফালৰ পৰা ভাৰতলৈ অহাৰ সিদ্ধান্ত লৈছিল কাৰণ তেওঁলোকে ভাৰত ভূমিত বাস কৰিব বিচাৰিছিল, য’ত তেওঁলোকে ভয় নোহোৱাকৈ নিজৰ ধৰ্ম পালন কৰিব পাৰিব ৷
"তেওঁলোক শৰণাৰ্থী নাছিল যদিও তেওঁলোক স্থানচ্যুত হৈছিল, তথাপিও সেই সময়ত তেওঁলোকৰ বাবে এই শব্দটো ভুলকৈ ব্যৱহাৰ কৰা হৈছিল ৷ তেওঁলোক আছিল যোদ্ধা (সংগ্ৰামী যোদ্ধা) যিয়ে নিজৰ মাতৃভূমি আৰু নিজৰ ধৰ্মৰ প্ৰতি প্ৰেমত যুঁজিছিল ৷ তেওঁলোকে যুদ্ধত পৰাস্ত হৈছিল, কিন্তু কেৱল নিজৰ ভুলৰ বাবে নহয় ৷"
ভাগৱতে কয়, "ভাৰতক একত্ৰিত কৰি ৰখাৰ সেই যুদ্ধত আমি সকলোৱে পৰাস্ত হৈছিলো ৷ কিন্তু তেওঁলোকে কি বাচি লৈছিল ? তেওঁলোকে কেৰিয়াৰ বাচি লোৱা নাছিল, তেওঁলোকে ধন বাচি লোৱা নাছিল ৷ তেওঁলোকে দেশ বাচি লৈছিল, তেওঁলোকে নিজৰ ধৰ্ম বচি লৈছিল ৷"
সিন্ধু শিক্ষা সমিতিৰ ৭৫ বছৰীয়া যাত্ৰাৰ কথা উল্লেখ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে এনে মাইলৰ খুঁটিয়ে এটা সংস্থাই কৰা কামৰ পৰ্যালোচনা আৰু লক্ষ্য স্মৰণ কৰাৰ সুযোগ প্ৰদান কৰে ৷
জীৱনৰ প্ৰত্যাহ্বানৰ কথা কওঁতে তেওঁ জোৰ দি কয় যে কঠিন পৰিস্থিতিত হাৰ মানিব নালাগে; বৰঞ্চ পুনৰ উঠিবলৈ চেষ্টা কৰা উচিত ৷
সমাৱেশক সম্বোধন কৰি ভাগৱতে কয় যে পৰিস্থিতি বা ভাগ্যৰ সন্মুখত অসহায় হ’ব নালাগে, “যিজন ব্যক্তিয়েহে (কঠিন সময় অতিক্ৰম কৰিবলৈ) চেষ্টা কৰে, তেওঁহে শেষত সফল হয়, আনহাতে যিজন ব্যক্তিয়ে অসুবিধাৰ পৰা পলাই যায় তেওঁ ইতিমধ্যে হাৰ মানিছে ।”
তেওঁ আৰু কয় যে চাকৰিৰ বাবে শিক্ষা আহৰণ কৰাটো গুৰুত্বপূৰ্ণ হ’লেও ই একমাত্ৰ লক্ষ্য হ’ব নালাগে ৷
ভাল আৰু অনুচিতৰ মাজত পাৰ্থক্য স্থাপনৰ ক্ষমতা গঢ়ি তুলিবলৈ মূল্যবোধভিত্তিক শিক্ষা অতি প্ৰয়োজনীয় ৷ ভাগৱতে জোৰ দি কয় যে এনে শিক্ষা কেৱল পাঠ্যপুথিৰ পৰাই নহয়, শিক্ষকৰ আচৰণ আৰু তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ মনত সোমাই দিয়া মূল্যবোধৰ পৰাও আহে ৷
তেওঁ কয় যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হৈছে ভাল মানুহ আৰু সমাজৰ কল্যাণৰ প্ৰতি সচেতন প্ৰজন্ম সৃষ্টি কৰা ৷
লগতে পঢ়ক : আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ

