৫ ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব লালকিল্লা;কিন্তু কিয় ?
দেশৰ ভিতৰতে প্ৰসিদ্ধ পৰ্যটনক্ষেত্ৰ হৈছে লালকিল্লা । ইয়ালৈ প্ৰতিদিনে হাজাৰ হাজাৰ পৰ্যটকৰ আগমন হয় ।

Published : November 26, 2025 at 3:28 PM IST
নতুন দিল্লী : ডিচেম্বৰ মাহত ১০ দিন জনসাধাৰণৰ বাবে বন্ধ থাকিব দিল্লীৰ ঐতিহাসিক লালকিল্লা । ৫ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ পৰ্যটকৰ চলাচলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে লালকিল্লাত । লালকিল্লাত অনুষ্ঠিত হ'বলগীয়া এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । প্ৰথমবাৰৰ বাবে ভাৰতে ইউনেস্ক'ৰ "বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা" শীৰ্ষক ২০ সংখ্যক অধিৱেশন আয়োজন কৰিছে, য'ত লালকিল্লাক আয়োজনৰ স্থান হিচাপে নিৰ্বাচিত কৰা হৈছে ।
ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ যুটীয়া সঞ্চালক প্ৰধান নন্দনী ভট্টাচাৰ্য চাহুৱে উল্লেখ কৰিছে যে সাংস্কৃতিক ঐতিহ্য সুৰক্ষা বিষয়ক অধিৱেশনখন অহা ৮ৰ পৰা ১৩ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব । ২৪ খনতকৈও অধিক দেশৰ প্ৰতিনিধি দলে এই বিশ্বব্যাপী অনুষ্ঠানত অংশগ্ৰহণ কৰিব । অনুমান কৰা হৈছে যে সাংস্কৃতিক ঐতিহ্য, সংৰক্ষণ আৰু বিশ্ব ঐতিহ্য ব্যৱস্থাপনাৰ বিশেষজ্ঞ আৰু বিষয়াকে ধৰি ১০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব ।
এই কাৰ্যসূচীয়ে মূলতঃ বিশ্বৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক প্ৰসাৰিত কৰিব । এই সন্মিলনখন ভাৰতৰ বাবে সাংস্কৃতিক নেতৃত্ব আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ ভূমিকা শক্তিশালী কৰাৰ এক বৃহৎ সুযোগ হিচাপে বিবেচিত হৈছে ।
লালকিল্লা চৌহদত চলিবলগীয়া বৃহৎ পৰিসৰৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ বাবে এ এছ আই আৰু স্থানীয় প্ৰশাসনে নিৰাপত্তা, প্ৰস্তুতি, ব্যৱস্থাৰ বাবে পৰ্যটকৰ বাবে স্মৃতিসৌধটো সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অনুষ্ঠানৰ পূৰ্বে ইয়াত মঞ্চ, সভাৰ স্থান, আৰু নিৰাপত্তাৰ প্ৰট'কলকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা কৰা হ'ব । এই সময়ছোৱাত জনসমাগম আৰু নিৰাপত্তাজনিত কাৰণত জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰা হৈছে । উল্লেখ্য যে দৈনিক হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকে লালকিল্লালৈ আহে । গতিকে এই সাময়িক বন্ধৰ ফলত পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে । অৱশ্যে এ এছ আইৰ বিষয়াসকলে কয় যে এই নিষেধাজ্ঞা নিৰ্দিষ্ট সময়ৰ বাবেহে থাকিব আৰু ১৪ ডিচেম্বৰৰ পিছত জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব ।
ইউনেস্ক'ৰ এই গুৰুত্বপূৰ্ণ অধিৱেশনৰ আয়োজনেৰে বিশ্বৰ মঞ্চত ভাৰতৰ সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্যক পুনৰবাৰ উপস্থাপন কৰা হ'ব । যাৰ বাবে ৫ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ লালকিল্লা জনসাধাৰণৰ বাবে বন্ধ থাকিব ।

