ETV Bharat / bharat

তিনিমহলীয়া অট্টালিকাৰ চাদৰ ওপৰত এজোপা বিশাল নিমগছ: কেনেকৈ ইমান ওপৰ পালেগৈ গছজোপা !

এডাল নিমগছ এটা পৰিয়ালৰ বাবে দেৱতা স্বৰূপ ৷ ইয়াক পূৰ্বপুৰুষৰ আৰ্শীবাদ বুলি গণ্য় কৰা ৰামচন্দ্ৰৰ পৰিয়ালটোৰ বাবে গছজোপাৰ আছে অপাৰ শক্তি ৷

The Neem Tree That Became a Goddess: A Terrace Story of Shade and Faith
তিনিমহলীয়া অট্টালিকাৰ ছাদৰ ওপৰত বৰ নিমগছ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 4:41 PM IST

2 Min Read
Choose ETV Bharat

অংগোলে (অন্ধ্ৰ প্ৰদেশ) : এখন বিশেষ ছবি, দেখাত সাধাৰণ যেন লাগিলেও ইয়াৰ অন্তৰালত লুকাই আছে বহু কথা ! ছবিখন যদি ভালদৰে মন কৰা যায়, তেতিয়া দেখা যায় এগৰাকী মহিলাই এজোপা গছৰ তলত বহি শীতল বতাহ লৈ কিতাপ পঢ়ি আছে ৷ প্ৰথম দৃষ্টিত এনে লাগে যেন মহিলাগৰাকীয়ে বাগিচা বা নিস্তব্ধ হৈ থকা পিছফালৰ চোতালত বহি আছে ৷

কিন্তু আচৰিত কথাটো হ’ল যে, মহিলাগৰাকীয়ে আচলতে এটা তিনিমহলীয়া অট্টালিকাৰ ওপৰতহে বহি আছে । এতিয়া হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্নৰ উদয় হৈছে ইমান ডাঙৰ গছ কেনেকৈ ঘৰৰ চাদত গজিব পাৰে ? ঘৰৰ চাদত ইমান ডাঙৰ গছ হোৱাৰ কাহিনীৰো আছে এক সুকীয়া বৈশিষ্ট্য ৷

The Neem Tree That Became a Goddess: A Terrace Story of Shade and Faith
তিনিমহলীয়া অট্টালিকাৰ চাদৰ ওপৰত বৰ নিমগছ (ETV Bharat)

আমি উল্লেখ কৰা এই ঘৰটো আছে অন্ধ্ৰপ্ৰদেশৰ অংগোলেত ৷ এই ঘৰটো জম্মিচেট্টু ভেধিৰ ৰামচন্দ্ৰ ৰাওৰ । বহু বছৰ আগতে তেওঁ এই মাটি টুকুৰা দেউতাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল ৷ যেতিয়া তেওঁ এই স্থানত ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ লক্ষ্য কৰিলে যে মাটিডোখৰৰ সোমাজতে এজোপা নিম গছ আছে ৷

হয়তো আন কোনো লোক হোৱাহ'লে এই গছজোপা কাটি পেলালেহেতেন ৷ কিন্তু ৰামচন্দ্ৰ ৰাৱে এনে একোৱে নকৰিলে ৷ বৰঞ্চ নিমজোপা সংৰক্ষণৰ ব্যৱস্থাহে কৰিলে ৷ তেওঁৰ বাবে এই গছজোপা কেৱল এবিধ উদ্ভিদ নাছিল; ই আছিল পৰিয়ালৰ স্মৃতিৰ এটা অংশ আৰু প্ৰকৃতিৰ আশীৰ্বাদ ।

The Neem Tree That Became a Goddess: A Terrace Story of Shade and Faith
তিনিমহলীয়া অট্টালিকাৰ চাদৰ ওপৰত বৰ নিমগছ (ETV Bharat)

সেয়ে গছজোপা আঁতৰোৱাৰ পৰিৱৰ্তে তেওঁ গছজোপাৰ চাৰিওফালে তিনিমহলীয়া এটা ঘৰৰ ডিজাইন সাজিলে । লাহে লাহে অট্টালিকাটোৰ ওপৰলৈ বৃদ্ধি হৈ গৈ থাকিল নিম গছজোপা ৷

আজিৰ সময়ত ইয়াৰ ডাঠ ডালবোৰ ছাদৰ ওপৰ পাইছেগৈ ৷ প্ৰাকৃতিক ছাতিৰ দৰে তিনিমহলীয়া ঘৰটোৰ চাৰিওফালে বিয়পি পৰিছে গছজোপা । ইয়াৰ তলত বহিলেই শীতল বতাহ আৰু আৰামদায়ক ছাঁ অনুভৱ কৰে পৰিয়ালটোৰ লোকসকলে ৷ আনকি গৰমৰ দিনতো ই তিনিমহলীয়া ঘৰটোক ছাঁ দিয়ে গছজোপাই ।

The Neem Tree That Became a Goddess: A Terrace Story of Shade and Faith
এডাল নিমগছ এটা পৰিয়ালৰ বাবে দেৱতা স্বৰূপ (ETV Bharat)

আন এটা সুন্দৰ দিশ হ’ল- পৰিয়ালটোৰ বিশ্বাস ৷ বৰ্তমান প্ৰায় এশ বছৰ হোৱা এই নিম গছজোপাক পৰিয়ালৰ সকলোৱে দেৱতাৰ দৰে জ্ঞান কৰে । তেওঁলোকে নিয়মিতভাৱে গছজোপাক পূজা কৰে, প্ৰাৰ্থনা আৰু কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁলোকৰ মতে গছজোপাই তেওঁলোকৰ ঘৰখনক সুৰক্ষা দিয়াৰ লগতে ইতিবাচক শক্তিৰে ভৰাই তুলিছে ।

লগতে পঢ়ক : মহিলা লোকো পাইলটৰ কথাৰে আজিৰ ৰে'ল যাত্ৰাৰ এক আমেজ...

লগতে পঢ়ক : কোহিমাত আৰম্ভ হৰ্ণবিল ই-স্প’ৰ্টছ ফেষ্টিভেল ২০২৫