বিহাৰৰ উদ্যানবোৰ কিমান সুৰক্ষিত ? বিপজ্জনক অৱস্থাত আছে গছ-গছনি, অৱস্থা নাই শিশুৰ খেলাৰ সঁজুলিৰো
বিহাৰৰ উদ্যানত ই টিভি ভাৰতৰ সাংবাদিক । শিশুসকলৰ বাবে সুৰক্ষিত হৈ আছেনে ৰাজ্যখনৰ উদ্যান ?

Published : May 27, 2026 at 8:35 PM IST
গয়া / বোধ গয়া / নালন্দা: উদ্যান বুলি ক'লে সচৰাচৰ মনলৈ আহে সেউজীয়া, ফুল আৰু গছ-গছনিৰে ভৰা এডোখৰ ঠাই । য'ত অনন্য শান্তিৰ অনুভূতি হয় । যাৰ বাবে মানুহে নিজৰ পৰিয়ালৰ সৈতে এখন উদ্যানত গুৰুত্বপূৰ্ণ সময় কটাবলৈ বিচাৰে । অৱশ্যে সমগ্ৰ বিহাৰৰ প্ৰতিখন জিলাতে পৰিস্থিতি একে নহয় । আমি আপোনালোকক ৰাজ্যখনৰ কেইখনমান উদ্যানলৈ লৈ যাম, ৰাজধানী পাটনাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ৰাজধানী গয়ালৈকে...।
ই টিভি ভাৰতৰ 'দ্য লাষ্ট প্লেগ্ৰাউণ্ড' অভিযানৰ অংশ হিচাপে আমাৰ সাংবাদিক উপস্থিত হৈছিল গয়া, নালন্দা, পাটনা আদি স্থানত থকা অৱসৰ বিনোদন, শৰীৰচৰ্চাৰ বাবে নিৰ্মাণ কৰা উদ্যানত । সেই ঠাইবোৰত থকা উদ্যানৰ দুৰৱস্থাৰ কথা শুনিলে আপুনিও আচৰিত হ'ব । উদ্যানবোৰত আছে ভঙা দোলনা, বিপজ্জনক অৱস্থাত পৰি আছে গছ । ইয়াৰ উপৰিও অৰ্ধনিৰ্মিত উদ্যান, অসুৰক্ষিত বৈদ্যুতিক খুঁটা, বেদখল আৰু সংকুচিত হোৱা সেউজ ভূমিয়ে উদ্যানৰ মাদকতাই সলনি কৰি পেলাইছে ।
গয়া : উদ্যান বুলিবলৈ লাজ পায় স্থানীয় লোকে
ইয়াৰ উদ্যানবোৰক সেউজীয়া, নানা ৰঙৰ ফুলেৰে ভৰা আৰু শান্তিৰ স্থান বুলি ক'ব নোৱাৰি । গয়াৰ প্ৰায়বোৰ উদ্যানত অসুৰক্ষিত অৱস্থাত আছে বৃহৎ গছ, ভাঙি ছিঙি যোৱা দোলনা আৰু হেলনীয়া বিদ্যুতৰ খুঁটাবোৰ অতি বিপজ্জনক অৱস্থাত আছে ।
শেহতীয়াকৈ গান্ধী ময়দানৰ আশে-পাশে ৪ খন উদ্যান নিৰ্মাণ কৰা হৈছিল । তথাপিও স্থানীয় লোকসকলে অভিযোগ কৰে যে এইবোৰ সুসজ্জিত নহয় । সেইবোৰ পৰিয়ালৰ অনুকূল, নগৰীয়া উদ্যানৰ মানদণ্ডৰ পৰা বহু দূৰত আছে । বৰঞ্চ সকলোতে বিপজ্জনক অৱস্থাত আছে গছ-গছনি, শিশুৰ খেলাৰ সঁজুলিৰো অৱস্থা নাই আৰু আন্তঃগাঁথনিৰ অৱস্থাও অতি দুৰ্বল ।
গয়া চহৰৰ মাজমজিয়াত গান্ধী ময়দান শিশু উদ্যান আছে । য'ত দৈনিক ১০০০ৰ পৰা ১৫০০ দৰ্শনাৰ্থীৰ আগমন হয় । কিছু সংখ্যক লোকে পুৱা খোজকাঢ়িবলৈও আহে । ইয়াত মুকলি জিমৰ কিছুমান সঁজুলি আছে যিবোৰ মহিলাসকলে প্ৰায়ে ব্যৱহাৰ কৰে । তেওঁলোকৰ লগত ল'ৰা-ছোৱালীও আহে ।
কিন্তু স্থানীয় লোকে অভিযোগ কৰা মতে ১১ হাজাৰ ভল্টৰ হেলনীয়া বিদ্যুতৰ খুঁটাই উদ্যানখনলৈ অহা যিকোনো ব্যক্তিৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ আছে । এই সন্দৰ্ভত এজন স্থানীয় ব্যক্তিয়ে কয়, "হাই ভল্টেজৰ বৈদ্যুতিক তাঁৰ মাটিৰ পৰা মাত্ৰ কিছু ওপৰতে ওলমি আছে । যি চিন্তাৰ কাৰণ হৈ পৰিছে । ইয়াৰ ফলত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে !"

গান্ধী ময়দান উদ্যানৰ ওচৰৰে একাংশ স্থানীয় লোকে কয় যে সাধাৰণ ধুমুহা বা বৰষুণৰ সময়ত গছবোৰ প্ৰায়ে উভালি পৰে । বিগত সময়ত কেইবাডালো ডাঙৰ গছ উভালি পৰিছে । অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি স্থানীয় লোকে জনাইছে । কিন্তু হেলনীয়া হৈ থকা বিদ্যুতৰ খুঁটা, লৰচৰ কৰি থকা তাঁৰ আৰু প্ৰকাণ্ড বিপজ্জনকভাৱে থকা গছবোৰৰ বাবে উদ্যানলৈ লোকসকলে ভয়ে ভয়ে যাব লাগে ।
গয়া পৌৰ নিগমৰ ৫৩ টা ৱাৰ্ডত ৫০ খনতকৈও অধিক উদ্যান থকা বুলি কোৱা হয় । তথাপিও স্থানীয় বাসিন্দাসকলে কয় যে তাৰে এখনো এক একৰ ভূমিত বিস্তৃত নহয় । বেছিভাগেই মাত্ৰ ৪ৰ পৰা ৫ কঠা মাটিহে বনোৱা হৈছে, যি মাটিকালি এখন উদ্যানৰ বাবে কম । স্থানীয় লোকে কয়, "বহুতৰে আন্তঃগাঁথনি অভাৱ আছে । সেউজীয়া বুলিবলৈ গছ-গছনিৰ অভাৱ বা বিনোদনৰ সামগ্ৰীও নাই ।"
এগৰাকী স্থানীয় লোক ছামশ্বেৰ খানে কয়, "আপুনি এইবোৰক উদ্যান বুলি কয় নেকি ? গয়াত থকা কোনো এখনে উদ্যানৰ শাৰীত নপৰে । তাৰ পৰিৱৰ্তে আমি কেৱল ইয়াক সেউজীয়া অঞ্চল বুলিহে ক'ব পাৰো । গান্ধী ময়দানকো উদ্যানৰ নামত ৩-৪ টা ভাগত ভাগ কৰা হৈছে ।"
তেওঁ কয়, "কণ কণ ল'ৰা-ছোৱালীৰ বাবে খেলাৰ সামগ্ৰীৰ নামত একমাত্ৰ দুই বা তিনিখন দোলনা আৰু দুখনমান স্লাইড আছে । ইফালে প্ৰাপ্তবয়স্কৰ বাবে মুকলি জিমৰ দৰে কিছুমান সঁজুলি আছে । যদি আপুনি কাৰোবাক সুধিব যে এইখনৰ উদ্যান হিচাপে যোগ্যতা আছে নেকি, তেন্তে তেওঁলোকে নিশ্চিতভাৱে ক'ব, নাই ।"
চহৰখনৰ ৩২ নং ৱাৰ্ডৰ ৱাৰ্ড পাৰিষদ গজেন্দ্ৰ সিঙে কয়, "উদ্যান এখন যি ধৰণৰ হ'ব লাগে-য'ত ফাউণ্টেইন, ফুল, শিশুৰ বাবে দোলনা, খাদ্যৰ বিপণিৰ দৰে উপাদান থাকিব লাগে-সেয়া গয়া চহৰৰ ক'তো পোৱা নাযায় ।" সেয়ে তেওঁ ব্ৰহ্মায়োনি পাহাৰত উদ্যান নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে । তেওঁ কয় যে এই স্থানৰ প্ৰাকৃতিক দৃশ্যই চহৰখনৰ বিনোদনৰ অভাৱ দূৰ কৰিব পাৰে । সেই স্থানত বৃহৎ অঞ্চল উদ্যানৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ।
বৰ্তমানৰ উদ্যানসমূহৰ সুৰক্ষা আৰু মানদণ্ডৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয়, "গান্ধী ময়দানত নিৰ্মাণ কৰা শিশু উদ্যানসমূহত সাধাৰণ এছঅ'পিৰ মানদণ্ডও পূৰণ নকৰে । এই উদ্যানসমূহত বহু ধৰণৰ উন্নয়নৰ প্ৰয়োজন । উদ্যানসমূহ যিহেতু বন বিভাগৰ অধীনত পৰে তেওঁলোকে ইয়াৰ যত্ন ল'ব ।"
সমাজকৰ্মী লালজী প্ৰসাদে কয় যে তাত কোনো উদ্যান নাই । বৰ্তমানৰ বেছিভাগ উদ্যান শুকান, কোনো ধৰণৰ গছ-গছনি নাই । বৈকুণ্ঠ শুক্লা উদ্যানৰ উদাহৰণ দি তেওঁ কয় তাৰ নিৰ্মাণৰ কাম চলি আছে । বিশেষকৈ গেট স্থাপন আৰু মাটি ভৰোৱা হৈছে । যদিও এই প্ৰকল্পটোতো উদ্যান হিচাপে আশা কৰা সুবিধাসমূহ দিয়া হোৱা নাই ।
তেওঁ কয়, "গয়াৰ বেছিভাগ উদ্যানৰ অৱস্থা শোচনীয় ; সঠিক পৰিচালনাৰ অভাৱৰ বাবেই ইয়াৰ অস্তিত্ব সংকটত পৰিছে । গয়া-পাটনা পথত কোটি কোটি টকা ব্যয় কৰি এখন শিশু উদ্যান নিৰ্মাণ কৰা হৈছিল । প্ৰাক্তন মন্ত্ৰী অশ্বিনী চৌবেয়ে ২০১৯-২০ চনত উদ্বোধন কৰিছিল, কিন্তু ইয়াৰ অৱস্থাও, এতিয়া সন্তোষজনক নহয় ।"
লালজী প্ৰসাদে লগতে কয় যে ভৌগোলিক আৰু ঐতিহাসিক তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি আজাদ উদ্যানখন আদৰ্শ উদ্যান হোৱা উচিত আছিল; বৰঞ্চ ই ড্ৰাগছ আসক্ত আৰু জুৱাৰীসকলৰ ঘাটি হৈ পৰিছে । যেতিয়াই ভ্ৰমণ নকৰক কিয় তাত জুৱা খেলা আৰু গাঞ্জা খোৱা লোকবোৰ দেখা পাব । মহিলাৰ সুৰক্ষাৰ কোনো ব্যৱস্থা নাই বুলিও তেওঁ অভিযোগ কৰে ।
তেওঁ লগতে কয় যে স্থানীয় ৱাৰ্ড পাৰিষদজনে উদ্যোগ লৈ আজাদ উদ্যানৰ এটা সৰু অংশ বেৰ দি তাত গছ-গছনি আৰু ফুল ৰোপণ কৰে-য'ত গৰমৰ দিনত মানুহে বহি শীতল বতাহ ল'ব পাৰে । কিন্তু তাত বেছি সময় থাকিব নোৱাৰে । কাৰণ কিছুদিনৰ আগতে পৌৰ নিগমে মূল প্ৰৱেশদ্বাৰৰ ঠিক ওচৰতে এটা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰিছিল । সেই শৌচাগাৰৰ দুৰ্গন্ধৰ বাবে মানুহে উঠি যাবলৈ বাধ্য হয় ।

শিশু উদ্যানৰ নিৰাপত্তাৰক্ষী সুৰেন্দ্ৰ কুমাৰে কয়, "বৰ্তমান গছ-গছনিবোৰৰ ৰোপণৰ কাম চলি আছে । এইখন শিশু উদ্যান যদিও বৰ্তমান ইয়াত শিশুৰ বাবে খেলাৰ সঁজুলিৰ বহু সামগ্ৰী উপলব্ধ নহয় । এই বিষয়ে আমি আমাৰ বিষয়াসকলক অৱগত কৰিছোঁ ।"
আজাদ উদ্যানৰ ভিতৰত বহি থকা স্থানীয় বাসিন্দা দিলীপ কুমাৰে কয়, "তেওঁ সৰুৰে পৰা উদ্যানখন দেখি আহিছে । আজি যিখিনি বস্তু আছে পূৰ্বেও একেখিনি বস্তুৱে আছিল ।" তেওঁ লগতে কয়, "যদি ভাল উদ্যান চাবলৈ মন যায় তেন্তে বোধ গয়ালৈ যাব লাগিব, য'ত অন্ততঃ ভাল উদ্যান পাব । আজাদ উদ্যানখন প্ৰস্ৰাৱগাৰলৈ পৰিণত হৈছে ।"
মহানগৰীৰ গোৱাল বিঘা অঞ্চলত বৰাচাট্টীৰ প্ৰথমজন বিধায়ক তথা স্বাধীনতা সংগ্ৰামী জগেশ্বৰ প্ৰসাদ খালিছৰ নামেৰে এখন উদ্যান আছে । । প্ৰায় ৫ কঠা মাটিত বিস্তৃত এই উদ্যানখনক স্থানীয়ভাৱে 'খালিছ' বুলি জনা যায় । ইয়াতো আন্তঃগাঁথনিৰ অভাৱ আছে । শৌচাগাৰ নাই আৰু খোৱাপানীৰো ব্যৱস্থা নাই ।
গয়াৰ মেয়ৰ গণেশ পাছোৱানে সমস্যাৰ কথা স্বীকাৰ কৰে যদিও প্ৰশাসনিক পুনৰ্গঠনৰ দিশলৈ আঙুলিয়াই দিছে । অৱশ্যে আগৰ বছৰৰ তুলনাত বহু কাম কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । গয়া-পাটনা পথৰ কাণ্ডিৰ ওচৰত নিৰ্মিত এখন শিশু উদ্যানৰ কথা উল্লেখ কৰি পাছোৱানে কয় যে উদ্যানৰ দায়িত্ব স্থানান্তৰিত হোৱাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত কাম কৰি আছে । তেওঁ কয়, "এই সন্দৰ্ভত চৰকাৰী আদেশ আহিছে যে উদ্যান নিৰ্মাণ আৰু সৌন্দৰ্যবৰ্ধন বন বিভাগৰ অধীনত পৰে ।" লগতে সকলো উদ্যান পৰিদৰ্শন কৰি ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ আশ্বাস দিছে । বিপদজনকভাৱে থকা গছ আৰু বৈদ্যুতিক খুঁটাৰ সমস্যা সমাধানৰ বাবে বিভাগসমূহক দায়িত্ব দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে ।
বোধ গয়া : গয়াৰ তুলনাত ইয়াত উদ্যান অধিক
তথাপিও ইয়াতো উদ্যানবোৰত সুৰক্ষাৰ অভাৱ আছে । বিশেষকৈ অঞ্চলটোৰ অন্যতম বৃহৎ উদ্যান জয়প্ৰকাশ উদ্যানত একে সমস্যা দেখা গৈছে, য'ত হেলনীয়া আৰু পুৰণি গছবোৰে বাসিন্দাসকলক চিন্তিত কৰি তুলিছে ।
১৩ মে'ত মহাবোধী মন্দিৰৰ ফালে যোৱা পথটোৰে এজোপা বৃহৎ গছৰ ডাল হঠাতে ভাগি পৰা ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । স্থানীয় লোকসকলেও সমস্যাৰ কথা বৰ্ণনা কৰিছে ।
গয়া আৰু বোধ গয়াৰ প্ৰায়বোৰ উদ্যানৰ দেৱাল আৰু সীমাৰে বৈদ্যুতিক খুঁটা আছে । গতিকে গছবোৰ ভাঙিলে সঘনাই সেই তাঁৰবোৰ তললৈ নামি আহে আৰু খুঁটাবোৰ ভাঙি পেলায় ।
নালন্দাৰ উদ্যানৰ অৱস্থা
নালন্দাৰ পৰিস্থিতি গয়াতকৈও কিছু উন্নত । ২০১০-১১ চনত পৌৰ নিগমে ৮ খন উদ্যান নিৰ্মাণৰ অভিলাষী প্ৰকল্পত অনুমোদন জনাইছিল । ৫ খন বন বিভাগক গতাই দিয়া হৈছে আৰু ইয়াৰ আন্তঃগাঁথনি আৰু উন্নয়ন কিছু দেখা গৈছে । কিন্তু স্মাৰ্ট চিটীৰ অধীনৰ আন ৩ খন উদ্যানৰ পৰিৱেশ পৃথক ।
২০১০ চনৰ ১৯ আগষ্টত তেতিয়াৰ মন্ত্ৰী নৰেন্দ্ৰ নাৰায়ণ যাদৱে টিকুলিপাৰ স্থানীয় অঞ্চলত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে এখন উদ্যানৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু সেই উদ্যানৰ নিৰ্মাণৰ কাম এতিয়াও শেষ হোৱা নাই । নিৰ্মাণৰ নামত কেৱল এখন সীমাৰ দেৱালহে স্থাপন কৰা হ'ল । এটা পুখুৰীৰ চাৰিওফালে খোজকাঢ়ি যাবলৈ পথ এটা বনোৱা হৈছে । বাকী অঞ্চলটো ঘন জংঘল আৰু পৰিত্যক্ত ভূমিত পৰিণত হৈছে । এতিয়া বহুতে তাতে গৰু এৰাল দিয়ে ।
এই সন্দৰ্ভত স্থানীয় বাসিন্দা অনিল যাদৱে জনোৱা মতে উদ্যানৰ বাবে সেই স্থান নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া পৰিত্যক্ত হৈ থাকিল । তেওঁ কয়, "এতিয়া ই জাবৰ, জংঘলেৰে ভৰি পৰিছে । অসামাজিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে । চাৰিওফালে কেৱল সুৰাৰ বটল পৰি থাকে ।"
আন এগৰাকী বাসিন্দা সুৰেশ গোপে কয় যে তেওঁলোকে বাধা দিলেই ভয়-ভাবুকি দিয়ে । তেওঁ কয়, "যদি বাহিৰৰ কোনো লোকে উদ্যানৰ এই অৱহেলাক লৈ প্ৰশ্ন কৰে তেন্তে তেওঁলোকক ভাবুকি দি খেদি পঠিওৱা হয় । প্ৰকল্পটো কিহৰ বাবে বন্ধ হৈ গ'ল তাৰ উত্তৰ কাৰো হাতত নাই, বিভাগ বা কাৰ্যবাহী অভিযন্তাসকলেও নাজানে ।"
অৱশ্যে নালন্দাৰ প্ৰতিখন উদ্যানৰে পৰিৱেশ এনে নহয় । আম্বাৰত প্ৰায় ২০ লাখ টকাৰে নিৰ্মিত এখন শিশু উদ্যানে এক উৎসাহজনক ছবি দাঙি ধৰিছে ।
এখন উদ্যান হিচাপে থাকিবলগীয়া প্ৰায়বোৰ সুবিধাই ইয়াত আছে । দৰ্শনাৰ্থীসকলে স্বচ্ছ পৰিৱেশ, খোৱাপানী, শৌচাগাৰৰ লগতে ইয়াত সুৰক্ষিত অনুভৱ কৰিব পাৰে । অৱশ্যে এই উদ্যান বিনামূলীয়া নহয় । শিশুৰ বাবে ৫ টকা আৰু প্ৰাপ্তবয়স্কৰ বাবে ১০ টকাৰ টিকট ক্ৰয় কৰিব লাগে । উদ্যানৰ পৰিচালক অজিত কুমাৰে কয় যে এই উদ্যানত দৈনিক ১০০ৰ পৰা ২০০ গৰাকী দৰ্শনাৰ্থী আহে । বিশেষকৈ পুৱা আৰু গধুলিৰ সময়ত দৰ্শনাৰ্থীৰ ভিৰ থাকে ।
সুভাষ উদ্যান : অন্যতম ভিৰ হোৱা স্থান
বিহাৰ শ্বৰীফৰ সুভাষ উদ্যানত দৈনিক ৫০০-৬০০ লোকে ভিৰ কৰে । শুকুৰবাৰ আৰু বন্ধৰ দিনত দৰ্শনাৰ্থীৰ সংখ্যা ১০০০ৰো অধিক হয় । এই উদ্যানৰ প্ৰৱেশ মাচুল ১০ৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে ।
তাত ২২ গৰাকী কৰ্মচাৰী আছে । কিন্তু ইয়াৰ পুৰণি আন্তঃগাঁথনি চিন্তাৰ কাৰণ হৈ আছে । উদ্যানৰ কৰ্মী ৰাকেশ কুমাৰ আৰু হৰি জামাদাৰে জহিখহি যোৱা পানীৰ টেংকিৰ কথা বৰ্ণনা কৰি কয়, "ধুমুহা বা প্ৰচণ্ড বতাহৰ সময়ত এই টেংকিটো কঁপি উঠে । পুৰণি গছ আৰু ওলমি থকা ডালবোৰ অন্যতম ভাবুকি হৈ আছে ।"
হৰি জামাদাৰে পূৰ্বে সংঘটিত এটা ঘটনা বৰ্ণনা কৰি কয়, "এবাৰ ধুমুহাৰ সময়ত এজোপা গছ দেৱালত বাগৰি পৰিছিল । ৩ গৰাকী লোক তলত আবদ্ধ হৈ পৰিছিল । তেওঁলোক গুৰুতৰভাৱে আঘাত পাইছিল । দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত তেওঁলোক সুস্থ হৈ উঠিছিল ।"
মামু-ভাগনা পথৰ 'ফিটনেছ পাৰ্ক'ত আন্তঃগাঁথনিৰ অভাৱ যদিও এছঅ'পিৰ মানি চলা দেখা যায় । উদ্যানৰ দায়িত্বত থকা বৃজেশ কুমাৰে কয় যে এই উদ্যান চহৰৰ মাজমজিয়াৰ কিছু আঁতৰত । ইয়ালৈ আহিবলৈ অলপ খৰচ হ'ব পাৰে কাৰণ অটো-ৰিক্সা আৰু আন চালকসকলে প্ৰায়ে অধিক ভাড়া দাবী কৰে । নিশা চৌহদৰ বাহিৰত পোহৰৰো অভাৱ আছে ।
তেওঁ কয়, "কিন্তু ফিটনেছ পাৰ্কখনে এছঅ'পিৰ সম্পূৰ্ণৰূপে মানি চলিছে । দৈনিক প্ৰায় ১০০ গৰাকী দৰ্শনাৰ্থী আছে । ইয়াত প্ৰৱেশ মাচুল ৪০ টকা ।"
হাস্পতাল চ'কৰ ওচৰৰ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ চৌহদৰ ভিতৰত অৱস্থিত গ'ল্ডেন পাৰ্কৰ সুৰক্ষাকৰ্মীসকলে আকৌ আন এক কাহিনী বৰ্ণনা কৰিছে । মালী বীৰেন্দ্ৰ প্ৰসাদৰ মতে তেওঁ মাত্ৰ ১৪ হাজাৰ টকা দৰমহা পায় । যাৰ বাবে তেওঁৰ পৰিয়াল পোহপাল দিয়াত সমস্যা হয় । তথাপিও তেওঁ উদ্যানখন ভালদৰে ৰখাত গুৰুত্ব দিয়ে । তেওঁ কয় যে প্ৰাপ্তবয়স্ক লোকবোৰে প্ৰায়ে শিশুৰ দোলনাত বহি থাকে, যাৰ ফলত সেই আহিলাবোৰৰ ক্ষতি হয় ।

তেওঁ লগতে কয়, "গধুলিৰ পিছত একাংশ উদণ্ড যুৱকে প্ৰৱেশ কৰি মাদক দ্ৰব্য সেৱন কৰে । তেওঁলোকক বাধা দিলেও নুশুনে ।"
বিহাৰ শ্বৰীফৰ পৌৰ আয়ুক্ত কুমাৰ নিশান্ত বিবেকক উদ্যানৰ এই সমস্যা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ এই বিষয়সমূহৰ বিষয়ে অৱগত নহয় বুলি কয় । তেওঁ লগতে কয়, "মোৰ হাতত এই বিষয়ৰ কোনো তথ্য নাই । মই মেলা সম্পৰ্কীয় কামত ব্যস্ত থাকোঁ, মই পৰীক্ষা কৰিম ।"
তেওঁৰ মতে বন বিভাগৰ বিষয়া ৰাজকুমাৰ এছয়ে বিভাগীয় নিয়ন্ত্ৰণত থকা উদ্যানসমূহ চোৱাচিতা কৰে । তেওঁ কয়, "আমাৰ অধীনস্থ সকলো উদ্যান এছঅ'পি মতে চলি থাকে । জৰাজীৰ্ণ পানীৰ টেংকি আৰু হেলনীয়া গছ যদি আছে তেন্তে অতি সোনকালে পৰিদৰ্শন কৰি আঁতৰাই পেলোৱা হ'ব ।"
পাটনাৰ উদ্যানৰ অৱস্থা উন্নত
গয়া আৰু নালন্দাৰ তুলনাত পাটনাৰ ছবিখন লক্ষণীয়ভাৱে উন্নত দেখা গৈছে । ৰাজধানীৰ উদ্যানসমূহ পৰিষ্কাৰ, অধিক সংগঠিত আৰু বহু স্থানত অতি উন্নত পৰ্যায়ৰ । বৰ্তমান পাটনাত প্ৰায় ১১৬ খন উদ্যান আছে, কিন্তু খেলপথাৰ বেছি নহয় ।
ইয়াৰে ১১৫ খন পাটনা উদ্যান সংমণ্ডল বিভাগৰ অন্তৰ্গত । আনহাতে এখন পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হৈ আছে । খালী চৰকাৰী মাটিত নতুন উদ্যানৰ পৰিকল্পনাও কৰা হৈছে ।
উদ্যান ব্যৱস্থাপনাৰ পৰিৱৰ্তন
২০২১ চনত এক বৃহৎ প্ৰশাসনিক পৰিৱৰ্তন ঘটিছিল । ৰাজ্য চৰকাৰৰ প্ৰস্তাৱৰ পিছত বিহাৰৰ ৩৮ খন জিলাৰ পৌৰ নিগমৰ উদ্যানৰ দায়িত্ব বিশেষ উদ্যান সংমণ্ডললৈ হস্তান্তৰ কৰা হৈছিল ।
প্ৰতিখন জিলাই নিজাকৈ উদ্যান সংমণ্ডল গঠনৰ দায়িত্ব লাভ কৰিছিল । পৌৰ নিগম আৰু নগৰীয়া সংস্থাসমূহে উদ্যানসমূহৰ উন্নযনৰ বাবে দায়বদ্ধ হৈয়েই আছে যদিও দীৰ্ঘম্যাদী পৰিচালনা আৰু ৰক্ষণাৱেক্ষণ এতিয়া এই উদ্যান সংমণ্ডল বিভাগৰ অধীনত পৰে ।
সংমণ্ডলসমূহে বন বিভাগৰ অধীনত কাম কৰে । গছ-গছনি বা ফুলৰ যতন, ৰক্ষণাৱেক্ষণ আৰু অনাময় ব্যৱস্থাপনাৰ বাবে প্ৰশিক্ষিত বনকৰ্মী নিয়োগ কৰা হৈছে ।
পৰিৱেশবিদ তথা বন্যপ্ৰাণী পৰিষদৰ প্ৰাক্তন সদস্য মৃত্যুঞ্জয় মণিয়ে কয় যে পাটনাৰ উদ্যানসমূহ ভাল অৱস্থাত আছে । কিন্তু কিছু কিছু সমস্যাৰ কথা নুই কৰিব নোৱাৰি ।
তেওঁ কয়, "কিছুমান চুবুৰীত এতিয়াও খালী মাটি আছে য'ত খেলপথাৰ নিৰ্মাণ কৰিব পাৰি । কাৰণ পাটনা চহৰত খেলপথাৰৰ গুৰুতৰ অভাৱ আছে ।" তেওঁ লগতে কয় যে মাচুল আৰু মাহেকীয়া পাছৰ দৰে নিয়ন্ত্ৰিত প্ৰৱেশ ব্যৱস্থাই বহু উদ্যানৰ পৰা অবাঞ্চিত উপাদানক আঁতৰাই ৰাখিব পাৰে ।
খেলপথাৰৰ অভাৱ
আনকি ৰাজধানী চহৰত বৃহৎ খেলপথাৰ নথকাৰ বাবে বাসিন্দাসকলে উদ্বেগ প্ৰকাশ কৰি আহিছে । বেছিভাগ উদ্যান খোজকঢ়া, বহা, লেণ্ডস্কেপিং বা বিনোদনৰ বাবে ডিজাইন কৰা হৈছে । কিন্তু ফুটবল, ক্ৰিকেট আৰু ভলীবলৰ দৰে খেলৰ বাবে খেলপথাৰৰ অভাৱ আছে । গতিকে অধিক উদ্যানৰ চাহিদা নাই যদিও ৰাজহুৱা খেলপথাৰৰ চাহিদা বহুত আছে ।
পাটনা পৌৰ নিগমে কি কয় ?
পাটনা পৌৰ নিগমৰ অতিৰিক্ত পৌৰ আয়ুক্ত কৃষ্ণ স্বৰূপে কয় যে ২০২১ চনৰ নীতি পৰিৱৰ্তনৰ পিছত উদ্যানসমূহ পাটনা উদ্যান সংমণ্ডললৈ হস্তান্তৰ কৰা হৈছিল । তেওঁ কয়, "সেয়েহে এতিয়া উন্নয়ন আৰু ৰক্ষণাৱেক্ষণৰ বাবে উদ্যান সংমণ্ডলক গতাই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কাৰণ তাত প্ৰশিক্ষিত কৰ্মীয়ে উন্নত ৰক্ষণাৱেক্ষণ নিশ্চিত কৰে ।" তেওঁ লগতে কয় যে নিগমে প্ৰত্যক্ষভাৱে ৩৮ নং ৱাৰ্ডত মাত্ৰ এখন উদ্যানহে পৰিচালনা কৰে ।
নগৰ সম্প্ৰসাৰণ অব্যাহত থকাৰ লগে লগে অতিৰিক্ত স্থান চিনাক্ত কৰা হৈছে আৰু কিছুমান অঞ্চলত উন্নয়নৰ কাম আৰম্ভ হৈছে । স্বৰূপে জনোৱা মতে, বিশেষকৈ জে পি গংগা পথৰ সমীপত দলং নিৰ্মাণ আৰু পথ উন্নয়ন প্ৰকল্পৰ সৈতে সংযুক্ত সংস্থাৰ জৰিয়তেও কিছু উদ্যান নিৰ্মাণ কৰা হৈছে । তেওঁ লগতে কয় যে বেছিভাগ উদ্যানৰ আকাৰ ৫,০০০ৰ পৰা ১০,০০০ বৰ্গফুটৰ ভিতৰত । পুৱা খোজকাঢ়িবলৈ যোৱাসকলে বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰে ।
উন্নত উদ্যানতো সুৰক্ষাৰ অভাৱ আছে
পাটনাৰ তুলনামূলকভাৱে উদ্যানৰ আন্তঃগাঁথনি শক্তিশালী হোৱাৰ পাছতো সুৰক্ষাৰ মানদণ্ডক লৈ উদ্বেগ অব্যাহত আছে । ২০২৫ চনৰ জুলাই মাহত কংকৰবাগ উদ্যানৰ ভিতৰত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই বিতৰ্কৰ সূচনা কৰিছিল । উদ্যানখনৰ ভিতৰত মুকলি গুলীচালনা হৈছিল । খবৰ অনুসৰি অপৰাধীয়ে ৪-৫ জাই গুলী ফুটাই আতংকৰ সৃষ্টি কৰিছিল । পিছত আৰক্ষীয়ে সেই স্থানৰ পৰা পিষ্টল উদ্ধাৰ কৰে ।
এছঅ'পি : বিহাৰৰ উদ্যানবোৰ কেনে হ'ব লাগে ?
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা অফিচিয়েল ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ'পি)ত কোৱা হৈছে যে :
- এখন উদ্যানৰ মুঠ এলেকাৰ ৮৫ শতাংশ গছ-গছনি বা ফুল আগি থাকিব লাগে ।
- ইয়াৰ ভিতৰত সৰু-বৰ গছ, ঔষধি উদ্ভিদ, আলংকাৰিক ফুল আৰু নাৰ্চাৰী জ'ন আদি অন্তৰ্ভুক্ত থাকিব লাগে ।
- উদ্যানৰ স্থানৰ ১৫ শতাংহে নিৰ্মাণ কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ।
- সেই ১৫ শতাংশত খোজকঢ়াৰ বাবে পথ, মুকলি জিম, বেঞ্চ, শিশুৰ খেলাৰ সঁজুলি, দৰ্শনাৰ্থীৰ প্ৰয়োজনীয় সুবিধা আদি থাকিব পাৰে ।
- পাটনা উদ্যান বন সংমণ্ডলে দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে এজন নিৰ্দিষ্ট সংমণ্ডল বন বিষয়াই (ডিএফঅ') কাৰ্যকৰীকৰণৰ তদাৰক কৰে ।
দ্য লাষ্ট প্লেগ্ৰাউণ্ড : বিহাৰৰ উদ্যানে কি বাৰ্তা দিয়ে ?
যেতিয়া চহৰৰ শিশুৱে উদ্যান এখনত ভৰি দিয়ে, তেতিয়া তেওঁলোকে খেলা-ধূলা, সুৰক্ষা আৰু ৰাজহুৱা জীৱনৰ বাবে নিৰ্মাণ কৰা স্থানত প্ৰৱেশ কৰে নে, নে কেৱল আধুনিক চহৰখনৰ আন এক অসুৰক্ষিত স্থানত প্ৰৱেশ কৰে ? বিহাৰৰ বহু পৰিয়ালৰ বাবে এই প্ৰশ্নৰ উত্তৰ নাই ।
লগতে পঢ়ক :
কংক্ৰিটৰ অৰণ্য, ছিন্নভিন্ন উদ্যান: আমাৰ শিশুবোৰ ক’তো নিৰাপদ নহয় নেকি ?

