ETV Bharat / bharat

ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পাংছোঁ পাছ মহোৎসৱ আৰম্ভ

প্ৰতি বছৰে ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হয় এই উৎসৱ ৷

The historic Pangsau Pass International Festival 2026 has started today
আজিৰে পৰা আৰম্ভ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পাংছো পাছ মহোৎসৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 8:30 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ : পাংছো পাছ উৎসৱ - ঐতিহাসিক ষ্টিলৱেল ৰোড আৰু পূব অৰুণাচল প্ৰদেশৰ চহকী সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ সমগ্ৰ নামপং, জয়ৰামপুৰ আৰু মনমাওত এক সাংস্কৃতিক আৰু ঐতিহ্যমণ্ডিত অনুষ্ঠান, যাৰ ইতিহাস, পৰম্পৰা আৰু প্ৰকৃতিয়ে নিৰৱচ্ছিন্নভাৱে বছৰ বছৰ ধৰি অঞ্চলটোৰ প্ৰতি সকলোকে দৃষ্টি আকৰ্ষণ কৰি আহিছে ।

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া আৰু আইন মন্ত্ৰী কেন্ত জেনীয়ে মঙলবাৰে বিয়লি মুকলি কৰে এই অনুষ্ঠান । এই অনুষ্ঠানত ভাৰত ম্যানমাৰ আৰু চীনৰ সৈতে সংযোগ কৰা কৌশলগত পথ হিচাপে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা ষ্টিলৱেল পথৰ পৰিদৰ্শন কৰা হয় ।

দ্বিতীয় বিশ্বযুদ্ধৰ কবৰ স্থানত দেশৰ সেৱাৰ বাবে জীৱন উৎসৰ্গা কৰা আৰু দুখন যুদ্ধত অংশ লোৱা প্ৰয়াত ৰাইফলমেন লামটু টিখকৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিত সকলো বিশিষ্ট অতিথিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰদৰ্শনীসমূহে ঐতিহাসিক পথটোৰ যুদ্ধকালীন উত্তৰাধিকাৰসমূহৰ স্বাক্ষৰ বহন কৰে । সৈনিক আৰু সাধাৰণ নাগৰিকৰ ত্যাগৰ কথা মনত পেলায় আৰু ইয়াৰ চিৰস্থায়ী ঐতিহাসিক প্ৰাসংগিকতাক আলোকপাত কৰে ।

The historic Pangsau Pass International Festival 2026 has started today
আজিৰে পৰা আৰম্ভ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পাংছো পাছ মহোৎসৱ (ETV Bharat)

ঐতিহাসিক জীপ ৰেলী :

এইবাৰ এই পাংছো পাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱত পাছিঘাটৰ পৰা এক উইলিছ জীপ ৰেলী উলিওৱা হয় । দ্বিতীয় বিশ্বযুদ্ধ সংগ্ৰহালয়ৰ পৰা ফ্লেগ অফ কৰি নামপঙত উৎসৱস্থলীত এই জীপ ৰেলী আজি উপস্থিত হয় ।

ইতিহাস :

জয়ৰামপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিসৌধে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আৰু বিশ্ব ইতিহাসত অঞ্চলটোৰ স্থান পুনৰ দৃঢ় কৰি চিন্তাৰ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰে সমান্তৰালভাৱে এই কাৰ্যসূচীত সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ সজীৱ সাংস্কৃতিক পৰিচয় প্ৰদৰ্শন কৰা হয় । পৰম্পৰাগত উৎসৱ, থলুৱা নৃত্য আৰু লোক পৰিৱেশনে অঞ্চলটোৰ জনজাতিসমূহৰ জীৱন্ত ঐতিহ্যক প্ৰতিফলিত কৰে । মানুহ আৰু ভূ-প্ৰকৃতিৰ মাজত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । এয়া সংস্কৃতি কোনো প্ৰদৰ্শনী নহয়, বৰঞ্চ অৰণ্য, পাহাৰ আৰু শতিকা পুৰণি পৰম্পৰাৰ দ্বাৰা গঢ় দিয়া এক জীৱনশৈলীহে ।

The historic Pangsau Pass International Festival 2026 has started today
ষ্টিলৱেল ৰোড–নামপং (ETV Bharat)

সীমান্ত বাণিজ্যৰ দুৱাৰমুখ হিচাপে নামপঙৰ ভূমিকাক বিশেষ গুৰুত্ব আৰোপ কৰা হয় । ভাৰত-ম্যানমাৰ সীমান্তৰ ঐতিহাসিক সামগ্ৰী আৰু ধাৰণা বিনিময়ৰ পুনৰীক্ষণ কৰা হয়, বাণিজ্যিক পথসমূহে এসময়ত দুয়োপক্ষৰ জনসাধাৰণৰ মাজত কেনেকৈ ভাগ-বতৰা সমৃদ্ধি আৰু সাংস্কৃতিক বিনিময়ৰ পোষকতা কৰিছিল, সেই বিষয়ে সোঁৱৰাই দিয়ে ।

ঐতিহ্য ক্ষেত্ৰ ,আন্তঃৰাষ্ট্ৰীয় সমন্বয় :

বছৰৰ এটা সময়তে এই স্থানত ভাৰত আৰু ম্যানমাৰৰ লোক একত্ৰিত হয় । বিভিন্ন বেপাৰ বাণিজ্য লৈ ম্যানমাৰ পৰা লোকসকল এই ঠাইলৈ আহে । স্থানীয় লোক তথা হেলগেট জাৰ্নেলৰ এগৰাকী চি ই অ চিমন ৰঙে কয়, "এইবাৰ উৎসৱত ম্যানমাৰৰ পৰা কিছুলোক সাধাৰণভাৱে আহিছে । কাৰণ দেশখনৰ আভ্যন্তৰীণ খেলিমেলিৰ বাবে চৰকাৰীভাৱে কোনো লোকক অনুমতি দিয়া হোৱা নাই ।"

The historic Pangsau Pass International Festival 2026 has started today
আজিৰে পৰা আৰম্ভ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পাংছো পাছ মহোৎসৱ (ETV Bharat)

তেওঁ কয়, " এইবাৰ দ্বিতীয় বিশ্বযুদ্ধৰ যুদ্ধ স্মাৰকত ভিণ্টেজ এখন উইলিছ জীপ ৰখা হৈছে । এই ঠাই আজিৰে পৰা তিনিদিন পৰ্যটকৰ বাবে মুকলি থাকিব । এই যুদ্ধ স্মাৰকত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১০০০ হাজাৰ সৈনিকক সমাধিস্থ কৰা হৈছিল ।"

তেওঁ কয়, "দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীন-বাৰ্মা-ভাৰতত জাপানী আগ্ৰাসনৰ ভেটো হিচাবে প্ৰতিৰক্ষাৰ সময়ত যুদ্ধত নিহত হোৱা সৈনিক আৰু যুদ্ধত সহায় আগবঢ়োৱা পৰ্টাৰসকলৰ সমাধিৰে সাক্ষী এই যুদ্ধৰ স্মাৰক । এই ঠাইত প্ৰায় ১ হাজাৰ চীন আৰু জাপানী সৈন্যৰ সমাধি আছে ।"

The historic Pangsau Pass International Festival 2026 has started today
আজিৰে পৰা আৰম্ভ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পাংছো পাছ মহোৎসৱ (ETV Bharat)

ৰংৰাঙে জনায়, "মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বলৈ প্ৰৱেশ কৰিব পৰা ঐতিহাসিক পথ হৈছে ষ্টীলৱেল ৰোড- ই অসমৰ লিডুৰ পৰা কুনমিঙৰ মাজত প্ৰায় ১৭৬২ কিলোমিটাৰত এখন ঐতিহাসিক দলং আছে, যাৰ নাম হেমিল্টন দলং । এই পথ ভাৰত আৰু ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘৰ । ই বিশেষকৈ ভাৰতৰ নিৰ্ধাৰিত সীমাৰেখাৰ ভিতৰত অৰুণাচল প্ৰদেশত ৫২০ কিলোমিটাৰ এলেকা সীমা সংস্পৰ্শ হৈ আছে । কেন্দ্ৰীয় চৰকাৰৰ মুক্ত বিচৰণ নীতি মতে ম্যানমাৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰহে ভাৰতৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে ।"

উৎসৱৰ সময় :

প্ৰতি বছৰে জানুৱাৰী মাহৰ ২০ তাৰিখৰ পৰা ২৩ তাৰিখলৈ তিনিদিনীয়া কৈ অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় উৎসৱত পৰ্যটনৰ সম্ভাৱনা অনুষ্ঠানটোৰ আন এক ডাঙৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । কুঁৱলীৰে আবৃত পাহাৰ আৰু ঘন অৰণ্যৰ পৰা আৰম্ভ কৰি নিস্তব্ধ হ্ৰদ আৰু ঐতিহাসিক ল্যাণ্ডমাৰ্কলৈকে এই অঞ্চলটোক বহনক্ষম আৰু অভিজ্ঞতাভিত্তিক পৰ্যটনৰ গন্তব্যস্থান হিচাপে উপস্থাপন কৰা হৈছে ।

The historic Pangsau Pass International Festival 2026 has started today
আজিৰে পৰা আৰম্ভ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পাংছো পাছ মহোৎসৱ (ETV Bharat)

ঐতিহাসিক আৰু পৰিৱেশগত গুৰুত্বৰ বাবে নোৱা-ডিহিং হ্ৰদ (লেক অৱ ন’ ৰিটাৰ্ণ)য়ে বিশেষ দৃষ্টি আকৰ্ষণ কৰে, যিয়ে প্ৰাকৃতিক সৌন্দৰ্য আৰু অঞ্চলটোৰ স্তৰযুক্ত ইতিহাস দুয়োটাৰে প্ৰতীক ।

The historic Pangsau Pass International Festival 2026 has started today
পাংছো পাছৰ শ্বহীদ স্মাৰক (ETV Bharat)

কেনেদৰে যাব পাৰি :

পৰ্যটন আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত ইয়াত বিশেষ ভাবে গুৰুত্ব আৰোপ কৰে, যাতে উন্নয়নে স্থানীয় পৰিৱেশ আৰু থলুৱা সংস্কৃতিক সন্মান কৰে । অঞ্চলটোৰ অনন্য চৰিত্ৰ ৰক্ষাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় পৰ্যটকৰ বাবে ইনাৰ লাইন পাৰ্মিট (আই এল পি) আৰু বিদেশী নাগৰিকৰ বাবে প্ৰটেক্টেড এৰিয়া পাৰ্মিট (পি এ পি)ৰ প্ৰয়োজনীয়তাকে ধৰি প্ৰৱেশ আনুষ্ঠানিকতাৰ বিষয়ে দৰ্শনাৰ্থীসকলক আগতীয়াকৈ অৱগত কৰে বিভিন্ন প্ৰচাৰৰ জৰিয়তে ।

The historic Pangsau Pass International Festival 2026 has started today
দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি (ETV Bharat)

অৰুণাচল প্ৰদেশক কেৱল সীমান্ত হিচাপে নহয়, সাংস্কৃতিক কৰিড’ৰ আৰু ঐতিহাসিক সংযোগ হিচাপে স্বীকৃতি দিবলৈ এই উৎসৱৰ জৰিয়তে প্ৰকাশ কৰে । বিশেষকৈ ষ্টিলৱেল ৰোডে অতীতৰ নীৰৱ সাক্ষী হিচাপে থিয় দি থকাৰ সময়তে আজি এই অঞ্চলটোৱে আগন্তুক সময়ত বিশ্বক ইয়াৰ কাহিনী, পৰম্পৰা আৰু কালজয়ী প্ৰাকৃতিক দৃশ্যৰ অভিজ্ঞতা লাভ কৰিবলৈ সুবিধা প্ৰদান কৰে ।

লগতে পঢ়ক : বিজেপিত নবীন যুগ আৰম্ভ ... অটল বিহাৰী বাজপেয়ীৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বিজেপিৰ সভাপতিসকল