ETV Bharat / bharat

ভগৱান জগন্নাথৰ 'চাচেৰী বেছা'ৰে আৰম্ভ হয় দোলা যাত্ৰা

দোলা পৰ্ব উপলক্ষে শ্ৰীমন্দিৰত সম্পন্ন বিশেষ অনুষ্ঠান । পিছে ক’তনো আছে এই মন্দিৰ ?

Lord Dola Gobinda, Sridevi and Bhudevi were ceremoniously taken in a decorated palanquin to Jagannath Ballav Math
জগন্নাথৰ বাৰ্ষিক দোলা যাত্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 7:58 PM IST

3 Min Read
Choose ETV Bharat

পুৰী(ওড়িশা): জগন্নাথ মহাপ্ৰভুৰ ১২ টা প্ৰধান যাত্ৰাৰ ভিতৰত অন্য়তম হৈছে বাৰ্ষিক দোলা যাত্ৰা । পৰম্পৰা অনুসৰি ফাগুণ মাহৰ দশমটো দিনৰ পৰা ভগৱান জগন্নাথৰ বাৰ্ষিক দোলা যাত্ৰা আৰম্ভ হয় । সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই উৎসৱ দোলা পূৰ্ণিমালৈকে চলিব ।

চাচেৰী ভোগ

বৃহস্পতিবাৰে দোলা পৰ্ব উপলক্ষে শ্ৰীমন্দিৰত বিশেষ অনুষ্ঠান সম্পন্ন কৰা হয় । চতুৰ্ধামূৰ্তি অৰ্থাৎ চাৰি মূৰ্তি ক্ৰমে - ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ লগতে ভগৱান সুদৰ্শনক ৰঙা সাজ-পোছাক আৰু অলংকাৰৰে সজ্জিত কৰি চাচেৰী বেছাৰ শোভা বৃদ্ধি কৰা হয় । সমান্তৰালভাৱে দেৱতাসকলক চাচেৰী ভোগো অৰ্পণ কৰা হয় ।

Lord Dola Gobinda, Sridevi and Bhudevi were ceremoniously taken in a decorated palanquin to Jagannath Ballav Math
জগন্নাথৰ বাৰ্ষিক দোলা যাত্ৰা (ETV Bharat)

ভগৱান দোলা গোবিন্দক পূজা

দোলা যাত্ৰাৰ সময়ত ৰাধা-কৃষ্ণক পূজা কৰা হয় যদিও দেশৰ আন অঞ্চলৰ এই পৰম্পৰাৰ বিপৰীতে পুৰীত অব্য়াহত আছে এক ব্যতিক্ৰমী পৰম্পৰা । ইয়াত শ্ৰীদেৱী আৰু ভূদেৱীৰ সৈতে ভগৱান দোলা গোবিন্দক পূজা কৰা হয় ।

দোলা পৰ্ব নীতি

এই যাত্ৰাৰ অংশ হিচাপে ভগৱান দোলা গোবিন্দ, শ্ৰীদেৱী আৰু ভূদেৱীক আনুষ্ঠানিকভাৱে সজ্জিত পালংকিন পিন্ধাই বদাদাণ্ডাস্থিত জগন্নাথ বল্লৱ মঠলৈ নিয়া হয় । গীত পৰিৱেশন আৰু শংখ বজোৱাৰ মাজতে তাতেই সম্পূৰ্ণ হয় দোলা পৰ্ব নীতি ।

মহাপ্ৰভুৰ ঐশ্বৰিক ৰীতি-নীতি আৰু নীতিকান্তিৰ সাক্ষী হ’বলৈ শ্ৰীমন্দিৰ, বদাদাণ্ডা আৰু জগন্নাথ বল্লৱ মঠ চৌহদত ভক্তসকলে ভিৰ কৰে । ভক্ত আৰু প্ৰভুৱে প্ৰতীকীভাৱে আবিৰৰ ৰঙেৰে আকাশ-বতাহ উৎসৱমুখৰ কৰি তোলে ৷ পৰম্পৰা অনুসৰিয়েই দোলা পূৰ্ণিমালৈকে চলিব এই ৰঙৰ উৎসৱ । এই সকলোবোৰ ৰীতি-নীতি অনুসৰিয়ে সম্পন্ন কৰা হয় ।

Lord Dola Gobinda, Sridevi and Bhudevi were ceremoniously taken in a decorated palanquin to Jagannath Ballav Math
জগন্নাথৰ বাৰ্ষিক দোলা যাত্ৰা (ETV Bharat)

উল্লেখ্য় যে ফাগুণৰ দশমটো দিনা দুপৰীয়া ধূপ-ধূপ অনুষ্ঠানৰ অন্তত মন্দিৰৰ ভিতৰত বিশেষ নীতিকান্তি অনুষ্ঠিত কৰা হয় । জগন্নাথ বল্লৱ মঠত ফাগু অঞ্জলি, প্ৰসাদ লাগী, বন্দাপনা, চামাৰ সেৱা, পতি ভোগকে ধৰি অনুষ্ঠান সম্পন্ন কৰা হয় ।

দশমীৰ পৰা ত্ৰয়োদশীলৈ চাচেৰী ভোগ, ফালগু অঞ্জলি আৰু জগন্নাথ বল্লৱ মঠ যাত্ৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি চাচেৰী বেছাত দৈনিক উপস্থিত থাকে মহাপ্ৰভুৱ । পবিত্ৰ ঝিমিৰি ফাগু পৰম্পৰাগতভাৱে সিন্দুৰ, মুথা, অংক্ৰাটি, শতৱৰী আৰু পালুৱাৰ মিশ্ৰণ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় । যুগ যুগ ধৰি চলি অহা মন্দিৰৰ ৰীতি-নীতিৰ প্ৰতিফলন ঘটায় এই মিশ্ৰণে ।

এই সন্দৰ্ভত শ্ৰীমন্দিৰৰ চুনাৰা সেৱাত শৰৎ মহন্তই কয়,"দোলা পূৰ্ণিমাৰ দিনা সমাপ্ত হোৱা মহাপ্ৰভুৰ ১২ টা প্ৰধান উৎসৱৰ ভিতৰত ডোলা উৎসৱ অন্যতম । ভাৰতবৰ্ষত দোলাৰ সময়ত ৰাধা-কৃষ্ণক পূজা কৰা হয় যদিও শ্ৰীমন্দিৰে সম্পূৰ্ণ সুকীয়া পৰম্পৰা অনুসৰণ কৰে । ইয়াত দোলা গোবিন্দ, ভূদেৱী আৰু শ্ৰীদেৱীক পূজা কৰা হয় । ভক্তসকলে যি… এই পবিত্ৰ উৎসৱৰ সাক্ষী হওক অপৰিসীম আধ্যাত্মিক পুণ্য অৰ্জন কৰক ।”

লগতে পঢ়ক: বিট, গাজৰ, পলাশেৰে প্ৰাকৃতিক আবিৰ; হোলীৰ বজাৰ দখলৰ প্ৰয়াস বৰপেটাৰ দম্পতীৰ

দৌলমহোৎসৱলৈ মাজত কেইটিমান দিন, সত্ৰৰ দালানত হোলী গীতৰ ৰোল