উত্তেজনাৰ মাজতে মণিপুৰৰ উখৰুলত ২০ টা বাসগৃহ ছাইত পৰিণত
মণিপুৰৰ উখৰুল জিলাত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি আৰু অগ্নিকাণ্ডৰ বাবে প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন ।

Published : February 9, 2026 at 10:45 PM IST
ইম্ফল(মণিপুৰ): পুনৰ জ্বলিব ধৰিছে মণিপুৰ ৷ মণিপুৰৰ উখৰুল জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা ৷ নগা আৰু কুকি জনজাতিৰ কমেও ২০ টা বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পিছত সোমবাৰেও অব্যাহত আছে উত্তেজনা ৷ এই কথা প্ৰশাসনৰ বিষয়াসকলে জানিবলৈ দিয়ে ।
ইম্ফলৰ এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, উখৰুল জিলাৰ লিটন ছাৰিখং গাঁৱত দেওবাৰে নিশা টাংখুল নগা সম্প্ৰদায়ৰ এজন সদস্যক এদল লোকে আক্ৰমণ কৰাৰ ফলত সন্দেহযুক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তই কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে ৷
নগা-কুকি জনজাতিৰ লোকৰ শিলাবৰ্ষণ
দেওবাৰে সন্ধিয়া আৰু নিশাৰ ভাগত লিটন গাঁৱত নগা আৰু কুকি জনজাতীয় সংগঠনে শিলাবৰ্ষণ কৰাত ঘটনাই অনন্য় ৰূপ লয় ৷ যাৰ বাবে জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰে । টাংখুল মণিপুৰৰ সৰ্ববৃহৎ নগা জনজাতি, আনহাতে লিটন ছাৰেইখঙত বেছিভাগেই কুকি সম্প্ৰদায়ৰ লোকে বসবাস কৰে ।
নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, উখৰুলৰ জিলা দণ্ডাধীশ আশীষ দাসে দেওবাৰে নিশা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা(বি এন এছ এছ), ২০২৩ ৰ ১৬৩ ধাৰাত এই নিষেধাজ্ঞা জাৰি কৰি কয় যে লিটান গাঁৱৰ টাংখুল নগা আৰু কুকি জনগোষ্ঠীৰ মাজত শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে । এনে অশান্তিৰ ফলত শান্তি ভংগ হ’ব পাৰে, জনসাধাৰণৰ শান্তি বিঘ্নিত হ’ব পাৰে আৰু জীৱন আৰু সম্পত্তিৰ ক্ষেত্ৰতো ভাবুকি আহিব পাৰে ৷
নিৰ্দেশনাটোত এনেদৰে কোৱা হৈছে, ‘‘বৰ্তমানৰ পৰিস্থিতিৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন ৷ যাৰ বাবে জাননী জাৰি কৰাটো যুক্তিসংগত হৈ পৰিছে । জিলা দণ্ডাধীশে সাধাৰণ লোকসকলক ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে আৰু পৰৱৰ্তী আদেশ নোহোৱালৈকে ক্ষতিগ্ৰস্ত অঞ্চলত এনে যিকোনো কাৰ্যকলাপ নিষিদ্ধ কৰা হৈছে, যিয়ে বৰ্তমানৰ আইন-শৃংখলাক বিঘ্নিত কৰিব পাৰে ।’’
অশান্ত এলেকাত শিবিৰ উপ-মুখ্যমন্ত্ৰীৰ
মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী লোছি দিখোৱে দেওবাৰৰ পৰা অশান্ত অঞ্চলটোত শিবিৰ পাতি স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ উত্তেজনা দূৰ কৰাত সহায় কৰে ।
লোছি দিখোৱে নিজৰ লেমফেল বাসগৃহত ফুটহিলছ নগা সমন্বয় সমিতি(এফ এন চি চি) আৰু যুটীয়া জনজাতি পৰিষদৰ নেতাসকলৰ সৈতে বিজেপিৰ শীৰ্ষ নেতা এল নিউমাইৰ উপস্থিতিত এক বৈঠকত মিলিত হয় ।
কেন্দ্ৰীয় আৰক্ষী বাহিনী মোতায়েন
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সোমবাৰে লিটন আৰক্ষীয়ে স্থানীয় বাসিন্দাসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় । লিটন গাঁৱলৈ যোৱা মহাদেৱ, লামবুই, ছাংকাই আৰু অন্যান্য অঞ্চলত অতিৰিক্ত কেন্দ্ৰীয় আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, যাতে উত্তেজনা বৃদ্ধি হোৱাত বাধা দিব পৰা যায় আৰু আইন-শৃংখলা অটুট থাকে ৷
দেওবাৰে সন্ধিয়া লিটন সৰিখং গাঁৱত নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি নগা আৰু কুকি গোটক ছত্ৰভংগ দিয়ে ।
ইম্ফল-উখৰুল পথত বিশেষ হেলিকপ্টাৰ সেৱা
ইফালে, ৰাইজৰ সুবিধা আৰু উখৰুল আৰু ইম্ফলৰ মাজত যাতায়াতৰ জৰুৰী প্ৰয়োজনীয়তাক মনত ৰাখি মণিপুৰ চৰকাৰে মঙলবাৰে ইম্ফল-উখৰুল-ইম্ফল পথত বিশেষ হেলিকপ্টাৰৰ সুবিধা প্ৰদান কৰিছে ৷
১১ ফেব্ৰুৱাৰীত একেটা পথতে আৰু দুখন হেলিকপ্টাৰ সেৱা আগবঢ়োৱাৰ নিমিত্তে চৰকাৰে কাম কৰি আছে । অতিৰিক্ত মুখ্য সচিব(পৰিবহণ) অনুৰাগ বাজপেয়ীয়ে এক অধিসূচনাযোগে কয় যে নিয়মীয়া সময়সূচীৰ উপৰিও এই বিশেষ সেৱাসমূহ উপলব্ধ থাকিব ৷ মণিপুৰৰ ৰাইজক নিৰৱচ্ছিন্ন যাতায়াত সেৱা আগবঢ়াবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয় ।
লগতে পঢ়ক: নতুন মুখ্যমন্ত্ৰীয়ে শপত লৈছিলহে মাত্ৰ, আকৌ জ্বলিল মণিপুৰ

