তেলেংগানা ১২ বছৰীয়া হ’ল: শ্বহীদ স্মাৰকত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি; ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইন, ২০১৪ৰ অধীনত প্ৰায় ৫৭ বছৰীয়া সংগ্ৰামৰ পাছত তেলেংগানা আনুষ্ঠানিকভাৱে অন্ধ্ৰৰ পৰা পৃথক হৈ ভাৰতৰ ২৯ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয় ৷

Published : June 2, 2026 at 11:12 AM IST
হায়দৰাবাদ : তেলেংগানা ৰাজ্য গঠনৰ আজি ১২ বছৰ সম্পূৰ্ণ হ’ল ৷ দশক দশক ধৰি চলি থকা সংগ্ৰামৰ পাচত ২০১৪ চনৰ ২ জুনত অন্ধ্ৰপ্ৰদেশৰ পৰা পৃথক হৈ তেলেংগানাক স্বাধীন ৰাজ্য হিচাপে গঠন কৰা হৈছিল ৷
২ জুনৰ দিনটো প্ৰতিবছৰে তেলেংগানাত ৰাজ্যিক দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মঙলবাৰে পুৱা ‘এক্স’ত পোষ্ট কৰি তেলেংগানাৰ জনসাধাৰণক ৰাজ্যিক দিৱসত অভিনন্দন জনায় ৷
মুৰ্মুৱে কয়, "ৰাজ্যিক দিৱসত তেলেংগানাৰ জনসাধাৰণলৈ আন্তৰিক অভিনন্দন ! তেলেংগানা চহকী সাংস্কৃতিক ঐতিহ্য আৰু কঠোৰ পৰিশ্ৰমী জনসাধাৰণৰ দ্বাৰা ধন্য ৷ বিগত কেইবছৰমানৰ পৰা ৰাজ্যখনে উদ্ভাৱন আৰু উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে ৷ তেলেংগানাৰ জনসাধাৰণৰ অবিৰত অগ্ৰগতি আৰু সমৃদ্ধিৰ কামনা কৰিলোঁ ৷"
Warm greetings to the people of Telangana on Statehood Day! Telangana is blessed with a rich cultural heritage and hardworking people. The State has made significant strides in innovation and development over the years. I wish the people of Telangana continued progress and…
— President of India (@rashtrapatibhvn) June 2, 2026
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে ৷ পুৱা ‘এক্স’ৰ এটা পোষ্ট কৰি তেওঁ তেলেংগানাৰ জনসাধাৰণ সৃষ্টিশীলতা আৰু ব্যৱসায়িক বুদ্ধিমত্তাৰ বাবে পৰিচিত বুলি কয় ৷
প্ৰধানমন্ত্ৰীয়ে কয়, "এই ৰাজ্যখন গৌৰৱময় সংস্কৃতি আৰু ইতিহাসৰ বাবে পৰিচিত, যিটো সাহস আৰু দৃঢ়তাৰ প্ৰতীক ৷ আমাৰ 'বিকশিত ভাৰত'ৰ সপোন বাস্তৱায়িত কৰাত তেলেংগানাৰ উন্নয়ন যাত্ৰাক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷ ৰাজ্যবাসীৰ সুস্বাস্থ্য আৰু সফলতা কামনা কৰিলোঁ ৷"
తెలంగాణ రాష్ట్ర ఆవిర్భావ దినోత్సవం సందర్భంగా తెలంగాణ ప్రజలకు హృదయపూర్వక శుభాకాంక్షలు.తెలంగాణ ప్రజలు తమ సృజనాత్మకతకు, వ్యాపార దృక్పథానికి ప్రసిద్ధులు. ఈ రాష్ట్రం ధైర్యానికి, సంకల్పానికి,పోరాట స్ఫూర్తికి ప్రతీకగా నిలిచిన గొప్ప చరిత్ర, వైభవోపేతమైన సంస్కృతిని కలిగి ఉంది.
— Narendra Modi (@narendramodi) June 2, 2026
వికసిత భారత్…
অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইন, ২০১৪ৰ অধীনত প্ৰায় ৫৭ বছৰীয়া সংগ্ৰামৰ অন্তত তেলেংগানা আনুষ্ঠানিকভাৱে অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হৈ ভাৰতীয় সংঘৰ ২৯ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয় ৷
14 ఏళ్ల కేసీఆర్ ఉద్యమ పోరాటం
— BRS Party (@BRSparty) June 2, 2026
దగాపడ్డ నేలకు విముక్తి ✊
10 ఏళ్ల కేసీఆర్ పాలన
తెలంగాణ గతిని మార్చిన ప్రగతి యుగం 🌾🌾
ఆయన పోరాటం అద్వితీయం..
ఆయన పాలన ఆదరణీయం..!
తెలంగాణ అంటే కేసీఆర్..
కేసీఆర్ అంటే తెలంగాణ అనేలా
రాష్ట్రాన్ని దేశానికే రోల్ మోడల్గా తీర్చిదిద్దిన మహానేత కేసీఆర్ ✊… pic.twitter.com/l8FzVvYoQ8
২০০১ চনত কাল্বকুন্তল চন্দ্ৰশেখৰ ৰাও (কেচিআৰ)ৰ নেতৃত্বত এই আন্দোলনে নতুন গতি লাভ কৰে ৷ তেওঁ তেলেংগানা ৰাষ্ট্ৰ সমিতি (বৰ্তমান ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বিআৰএছ) গঠন কৰি পৃথক ৰাজ্যৰ বাবে অদম্য প্ৰচাৰ চলাইছিল ৷ ২০১৪ চনৰ ২ জুনত তেলেংগানা অন্ধ্ৰপ্ৰদেশৰ পৰা আনুষ্ঠানিকভাৱে পৃথক হোৱাৰ দিনাই তেওঁ ৰাজ্যখনৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু তেলেংগানাৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় ৷
అసమానతలు, అవమానాలు, అణిచివేతల నుండి తెలంగాణ ప్రజలకు విముక్తి లభించిన రోజు జూన్ 2.
— KTR (@KTRBRS) June 2, 2026
అమరవీరుల త్యాగానికి, తెలంగాణలోని సబ్బండ వర్గాల ఆత్మగౌరవ పోరాటానికి ఫలితం దక్కి... 60 ఏళ్ల కల సాకారమైన శుభదినం జూన్ 2.
తెలంగాణ వచ్చుడో.. కేసీఆర్ సచ్చుడో అని నినదించి, తన ప్రాణాన్ని పణంగా పెట్టి,… pic.twitter.com/an1QsloykS
কেচিআৰৰ অৱদানৰ শলাগ লৈ বিআৰএছে সোমবাৰে ‘এক্স’ত তেলুগুত পোষ্ট কৰি কয়, “তেলেংগানা মানে কেচিআৰ আৰু কেচিআৰৰ মানে তেলেংগানা ৷”
কংগ্ৰেছ চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়েও ৰাজ্যবাসীক তেলেংগানা ৰাজ্যিক দিৱসৰ শুভেচ্ছা জনায় ৷
এই উপলক্ষে ছেকেণ্ডৰাবাদৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ তেওঁ পৃথক তেলেংগানা ৰাজ্যৰ আন্দোলনৰ সময়ত মৃত্যু হোৱা লোকসকলকো ‘গান পাৰ্ক’ বুলি কোৱা তেলেংগানা শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায় ৷
VIDEO | Hyderabad: CM Revanth Reddy (@revanth_anumula) pays floral tributes to martyrs on the occasion of Telangana State Formation Day.#TelanganaNews
— Press Trust of India (@PTI_News) June 2, 2026
(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/6W2TC0LVAO
শ্বহীদ স্মাৰকত উপস্থিত থকা তেলেংগানা কংগ্ৰেছৰ সভাপতি বোম্মা মহেশকুমাৰ গৌডে কয় যে এই দিৱসৰ স্মৃতিত দলটোৱে বিভিন্ন জিলা আৰু বিভিন্ন স্থানত পতাকা উত্তোলন কৰিছে ৷
তেলেংগানাৰ দাবীৰ মূলতে আছিল সম্পদ বিতৰণ, নিয়োগৰ সুযোগ আৰু জল অধিকাৰৰ লগতে অঞ্চলটোৰ সুকীয়া সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ ক্ষেত্ৰত অনুভূত বৈষম্যৰ উদ্বেগ ৷

