তেলেংগানা-উত্তৰ-পূব সংযোগ অনুষ্ঠানত বাৰেৰহণীয়া সংস্কৃতিৰ পয়োভৰ
হায়দৰাবাদৰ তেলেংগানা-উত্তৰ-পূব সংযোগ উৎসৱত জিলিকিল অসমৰ সত্ৰীয়া সংস্কৃতি । জিলিকিল উত্তৰ-পূবৰ বাৰেৰহণীয়া কৃষ্টি ।

Published : November 22, 2025 at 5:47 PM IST
হায়দৰাবাদ: উখল-মাখল পৰিৱেশৰ মাজেৰে চলি আছে হায়দৰাবাদৰ হাইটেক্সত অনুষ্ঠিত তেলেংগানা-পূৰ্বোত্তৰ সাংস্কৃতিক মহোৎসৱ । শুকুৰবাৰে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, চিকিম আৰু ত্ৰিপুৰাৰ সংস্কৃতি-পৰম্পৰা তথা জীৱনশৈলী প্ৰদৰ্শিত হোৱা প্ৰদৰ্শনীয়ে সকলোকে আকৰ্ষিত কৰে ।
ফটো, ছবি প্ৰদৰ্শনী আৰু হস্তশিল্প প্ৰদৰ্শনী উদ্বোধন কৰে তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱবাৰ্মাই । এই বিশেষ প্ৰদৰ্শনীত ২০ গৰাকী প্ৰসিদ্ধ ফটোগ্ৰাফাৰে উঠোৱা ৬০ খন বিশেষ ফটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । এই ফটোসমূহে পাহাৰ, বনাঞ্চল, চাহ বাগান, বাঁহৰ খেতি আদি কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত বাস কৰা স্থানীয় লোকৰ জীৱনশৈলী প্ৰতিফলিত কৰিছে । প্ৰাকৃতিক সৌন্দৰ্য, বিভিন্ন জনগোষ্ঠীৰ উৎসৱ আৰু তেওঁলোকৰ খাদ্যশৈলীৰ ছবিসমূহও অত্যন্ত আকৰ্ষণীয় আছিল ।

তেলেংগানাৰ বিশেষত্ব প্ৰদৰ্শন কৰি প্ৰদৰ্শিত বহুকেইখন সুন্দৰ ছবিও প্ৰদৰ্শনীখনত ৰখা হৈছে । ২৪ গৰাকী চিত্ৰশিল্পীৰ দ্বাৰা আয়োজিত কলা শিৱিৰে সকলোকে আকৰ্ষিত কৰে । তেওঁলোক সকলোৱে কেনভাচত সুন্দৰ সুন্দৰ চিত্ৰ অংকন কৰি তেওঁলোকৰ কলাসূলভ প্ৰতিভাৰ উমান দিয়ে ।

ইফালে ২৫খন ষ্টলৰে অনুষ্ঠিত কৰা হৈছে হস্তশিল্প প্ৰদৰ্শনী । অসমৰ কাঁহ শিল্পৰ উপৰিও, মণিপুৰৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা হস্তনিৰ্মিত শাৰী, গৃহসজ্জাৰ ফুল, বাঁহৰ খৰাহী আৰু মোনা, কাঁহেৰে নিৰ্মিত কলাসূলভ সামগ্ৰী আৰু তেলেংগানাৰ কাঠেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয় এই প্ৰদৰ্শনীত ।

'তেলেংগানা-উত্তৰ-পূব' ক্ৰীড়া মহোৎসৱ:
তেলেংগানা-উত্তৰ-পূব সংযোগ কাৰ্যসূচীৰ এক অংশৰূপে পুল্লেলা গোপীচান্দ গাচীবাউলী ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এক ক্ৰীড়া মহোৎসৱৰো । সৰ্বপ্ৰথমে ৰাজ্যপাল জিষ্ণু দেৱবাৰ্মাই গোপীচান্দ একাডেমী চৌহদত বেডমিণ্টন আৰু ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে । ৰাজ্যপালগৰাকীয়ে নিজে বেডমিণ্টন খেলি সকলোকে উৎসাহিত কৰে । আই এ এছ বিষয়া ডানা কিশোৰ আৰু চৰকাৰী পৰামৰ্শদাতা এ পি জিতেন্দ্ৰ ৰেড্ডীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

মনোমোহা নৃত্য প্ৰদৰ্শন:
উত্তৰ-পূবৰ শিল্পীসকলে তেওঁলোকৰ পৰম্পৰাগত বেশভূষাৰে তেওঁলোকৰ কলা প্ৰদৰ্শন কৰে । বিভিন্ন বাদ্যযন্ত্ৰৰ তালে তালে তেওঁলোকে প্ৰদৰ্শন কৰা নৃত্য আছিল অভূতপূৰ্ব । অসমৰ শিল্পীসকলে প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্য আছিল আটাইতকৈ মনোমুগ্ধকৰ ।

