ETV Bharat / bharat

ডুবাই এয়াৰ শ্ব'ত দুৰ্ঘটনাত মৃত্যু হোৱা পাইলট নমাংশ শ্যাল কোন ?

ডুবাই এয়াৰ শ্ব'ত এখন তেজছ যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত বিমানখনৰ পাইলটৰ মৃত্যু হয় । কোন তেওঁ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

DUBAI AIR SHOW 2025
ডুবাই এয়াৰ শ্ব'ত দুৰ্ঘটনাত মৃত্যু হোৱা পাইলট নমন শ্যাল কোন ? (PTI/File)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 10:02 AM IST

3 Min Read
Choose ETV Bharat

কাংগৰা (হিমাচল প্ৰদেশ) : শুকুৰবাৰে দুপৰীয়া ডুবাইৰ এয়াৰ শ্ব'ত এখন তেজছ যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই যুদ্ধবিমানখনৰ পাইলট আছিল হিমাচল প্ৰদেশৰ নমাংশ শ্যাল । নমাংশ শ্যাল ৰাজ্যখনৰ কাংৰা জিলাৰ নগৰোটা বাংৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাড়য়ালকাড় গাঁৱৰ বাসিন্দা আছিল । তেওঁৰ মৃত্যুত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে শোক ব্যক্ত কৰে ।

মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে X পোষ্টত নমন শ্যালৰ এখন ফটো আপলোড কৰি লিখিছে, "ডুবাই এয়াৰ শ্ব'ত সংঘটিত তেজছ বিমান দুৰ্ঘটনাত হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ বীৰপুত্ৰ নমাংশ শ্যালজীৰ মৃত্যু এক বহুত দুখজনক আৰু হৃদয়বিদাৰক ঘটনা । দেশে এগৰাকী সাহসী, কৰ্তব্যপৰায়ণ আৰু বীৰ পাইলটক হেৰুৱায় । শোকাকুল পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । বীৰপুত্ৰ নমাংশ শ্যালজীৰ অদমনীয় বীৰত্ব, কৰ্তব্যনিষ্ঠা আৰু দেশসেৱাৰ প্ৰতি সমৰ্পণক আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ ।"

৩৭ বছৰীয়া আছিল নমাংশ শ্যাল

যুদ্ধবিমান দুৰ্ঘটনাত নমনৰ মৃত্যুৰ খবৰ তেওঁৰ জন্মভূমিত পোৱাৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে । গাঁওবাসী আৰু তেওঁৰ আত্মীয়-স্বজনে এই খবৰ পোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰে ।

পিতৃ অৱসৰপ্ৰাপ্ত সেনা, পত্নীও বায়ুসেনাত কৰ্মৰত

নমাংশৰ পিতৃ জগন্নাথ শ্যালেও সেনাবাহিনীত সেৱা আগবঢ়াইছিল । সেনাৰ পৰা অৱসৰৰ পিছত স্কুলৰ অধ্যক্ষ হিচাপে কাম কৰিছিল আৰু এতিয়া তেওঁ তাৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে । নগৰোটা বাংৱাৰ এছ ডি এম মনীষ শৰ্মাই জনোৱা মতে, নমাংশ শ্যাল তেওঁৰ পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান আছিল । নমাংশৰ পত্নীও বৰ্তমান বায়ুসেনাত কৰ্মৰত । তেওঁলোকৰ এটি ৬ বছৰীয়া কন্যা সন্তান আছে । আনহাতে, নমাংশৰ ভগ্নীয়ে হিমাচল প্ৰদেশৰ হামিৰপুৰত বাস কৰে । বৰ্তমান নমাংশ পৰিয়ালসহ হায়দৰাবাদত আছিল আৰু এইকেইদিন ডুবাই এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰি আছিল ।

নিজৰ পাইলট সুপুত্ৰক হেৰুৱাই তেওঁৰ পৈতৃক গাঁও পাড়য়ালকাড়ত বৰ্তমান শোকাকুল পৰিৱেশ । কেৱল নাগৰোটায়ে নহয়, সমগ্ৰ দেশে এগৰাকী বীৰপুত্ৰক হেৰুৱালে । এছ ডি এম মনীষ শৰ্মাই কয়, "তেওঁৰ পিতৃৰ সৈতে মই কথা পাতিছোঁ । নমাংশৰ পত্নীও বায়ুসেনাত কৰ্মৰত আৰু পৰিয়ালটো বৰ্তমান হায়দৰাবাদত থাকে । তেওঁলোকে জনোৱা মতে, নমাংশৰ পাৰ্থিৱ শৰীৰ দেওবাৰে জন্মগাঁৱত উপস্থিত হ'ব ।"

আনহাতে, হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে নমাংশৰ মৃত্যুত শোক ব্যক্ত কৰি X পোষ্টত লিখিছে, "ডুবাই এয়াৰ শ্ব'ত ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাত বীৰভূমি হিমাচলৰ কাংৰা জিলাৰ নাগৰোটা বাংৱাৰ বীৰপুত্ৰ নমাংশ শ্যালৰ মৃত্যু অত্যন্ত দুখজনক আৰু পীড়াদায়ক । শোকাকুল পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা । এই দুৰ্ঘটনাত আমি এগৰাকী বীৰ, তেজস্বী আৰু সাহসী পাইলটক হেৰুৱালোঁ । আপোনাৰ বলিদানত আমি গৰ্বিত । আপোনাৰ সেৱাৰ প্ৰতি সমগ্ৰ দেশ ঋণী ।"

ইফালে হিমাচল প্ৰদেশৰ হামিৰপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও নমাংশ শ্যালৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এক পোষ্ট দি শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক :ভূপতিত হৈ দাওদাওকৈ জ্বলিল ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান
লগতে পঢ়ক :গেছ লিক হৈ কাৰখানাত বিস্ফোৰণ, ১৫ গৰাকী শ্ৰমিকৰ মৃত্যু