ETV Bharat / bharat

ভাৰতত এয়াৰট্ৰাংকে বিনিয়োগ কৰিব ৩ লাখ কোটি টকা

এই বিনিয়োগে ক্লাউড কম্পিউটিং আৰু এআইৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী মোদী আশাবাদী ৷

AirTrunk To Invest in india
এয়াৰট্ৰাংকৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰবিন খুদাৰ সৈতে হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PTI)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 9:27 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহী এয়াৰট্ৰাংক ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এয়াৰট্ৰাংকৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰবিন খুদাৰ মাজত এক বৈঠক সম্পন্ন হয় ৷ এই বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়া-পেচিফিক তথা মধ্যপ্ৰাচ্যৰ প্ৰযুক্তি কোম্পানী এয়াৰট্ৰাংকৰ বিনিয়োগ পৰিকল্পনা আৰু ভাৰতত ৫ গিগাৱাট ডাটা চেণ্টাৰ ক্ষমতা বিকাশৰ কথা ঘোষণা কৰে ৷

এক্সত প্ৰকাশিত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ যাত্ৰাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে । এয়াৰট্ৰাংকে ভাৰতত প্ৰায় ৩ লাখ কোটি টকা(৩০ বিলিয়ন মাৰ্কিন ডলাৰ) বিনিয়োগৰ পৰিকল্পনা ঘোষণা কৰিছে আৰু ৫ গিগাৱাট ডাটা চেণ্টাৰ ক্ষমতা বিকাশৰ পৰিকল্পনা কৰিছে । এয়া দেশৰ ডিজিটেল আন্তঃগাঁথনিৰ পৰিৱেশ তন্ত্ৰত প্ৰস্তাৱিত অন্যতম বৃহৎ বিনিয়োগ ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘এনে বিনিয়োগে ক্লাউড কম্পিউটিং আৰু এ আইৰ বিশ্বব্যাপী হাব হিচাপে ভাৰতৰ স্থান শক্তিশালী কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰিব ৷ তদুপৰি স্থানীয় যোগান শৃংখলক সহায় কৰাৰ লগতে উদ্ভাৱন নেতৃত্বাধীন বৃদ্ধি ত্বৰান্বিত কৰিব ।’’ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতত বিশ্বৰ ডিজিটেল অৰ্থনীতিৰ ভৱিষ্যত যে ক্ৰমান্বয়ে গঢ় লৈ উঠিছে, সেয়া স্পষ্ট হৈ পৰিছে ।

এয়াৰট্ৰাংক হৈছে সমগ্ৰ এছিয়া-পেচিফিক আৰু মধ্যপ্ৰাচ্য(এপিএমই) অঞ্চলৰ ক্লাউড, কণ্টেণ্ট আৰু বৃহৎ উদ্যোগৰ গ্ৰাহকৰ বাবে এটা প্লেটফৰ্ম সৃষ্টি কৰা হাইপাৰস্কেল ডাটা চেণ্টাৰ বিশেষজ্ঞ ।

এয়াৰট্ৰাংকৰ মুখ্য কাৰ্যবাহী বিষয়া খুদাই কয় যে ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ ইয়াক প্ৰযুক্তি বিনিয়োগৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আকৰ্ষণীয় গন্তব্যস্থান হিচাপে গঢ়ি তোলাত সহায় কৰিছে । কোম্পানীটোৰ এক বিবৃতিত তেওঁ কয় যে ভাৰতত বিশ্বব্যাপী এ আই শক্তিশালী হ’বলৈ প্ৰয়োজনীয় পৰিসৰ, প্ৰতিভা আৰু উচ্চাকাংক্ষা আছে । এয়াৰট্ৰাংকে এই দৃষ্টিভংগীক সমৰ্থন কৰিবলৈ উৎসাহিত ।

ভাৰতৰ অন্যতম বৃহৎ বিদেশী বিনিয়োগকাৰী ব্লেকষ্টোন আৰু কানাডা পেঞ্চন প্লেন ইনভেষ্টমেণ্ট ব’ৰ্ড(চিপিপিআইবি)ৰ সমৰ্থনত এয়াৰট্ৰাংকৰ প্ৰস্তাৱিত বিনিয়োগ কাৰ্যসূচী দেশৰ ভিতৰতে বৰ্তমান বিবেচনাধীন ডিজিটেল আন্তঃগাঁথনিৰ অন্যতম বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব ৷ ই ক্লাউড আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পৰৱৰ্তী বৃদ্ধিৰ ঢৌ সক্ষম কৰাত সহায় কৰিব ।

এয়াৰট্ৰাংকৰ বিবৃতিত কোৱা হৈছে যে কোম্পানীটোৱে ২০৩০ চনৰ ভিতৰত ভাৰতত ডিজিটেল আন্তঃগাঁথনিৰ ক্ষমতা বৃদ্ধিৰ বাবে ৩০০০ বিলিয়নতকৈও অধিক ধন(৩০ বিলিয়ন মাৰ্কিন ডলাৰ) বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে ৷ যাৰ ফলত দেশখন এয়াৰট্ৰাংকৰ বিশ্বব্যাপী বৃদ্ধিৰ কৌশলৰ মূল শিলাস্তম্ভ আৰু কোম্পানীটোৰ অন্যতম গুৰুত্বপূৰ্ণ দীৰ্ঘম্যাদী বিনিয়োগ বজাৰ হিচাপে পৰিগণিত হ’ব ।

ভাৰতত কোম্পানীটোৰ প্ৰস্তাৱিত উন্নয়ন প্ৰকল্পসমূহে একাধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিনিয়োগৰ মাধ্যমৰে ভাৰতৰ উচ্চাকাংক্ষাক সমৰ্থন কৰিব ৷ লগতে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যকলাপ, নিয়োগ আৰু প্ৰযুক্তিৰ পৰিৱেশ তন্ত্ৰৰ বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰিব ৷

ভাৰতত এয়াৰট্ৰাংকৰ মুৰব্বী খুদাই প্ৰথমবাৰৰ বাবে শীৰ্ষ চৰকাৰী সংযোগৰ পিছত এই ঘোষণা কৰিছে । কোম্পানীটোৱে চলিত বৰ্ষৰ এপ্ৰিল মাহত লুমিনা ক্লাউডইনফ্ৰা অধিগ্ৰহণৰ জৰিয়তে ভাৰতৰ বজাৰত প্ৰৱেশ কৰিছিল । এই অধিগ্ৰহণৰ জৰিয়তে ভাৰতত এয়াৰট্ৰাংকৰ বৰ্তমানৰ উন্নয়ন প্ৰকল্পসমূহৰ ভিতৰত মুম্বাই, চেন্নাই আৰু হায়দৰাবাদৰ দৰে আগশাৰীৰ চহৰসমূহত ৬০০ মেগাৱাটৰ প্ৰকল্প গ্ৰহণ কৰিছে ৷

২০১৫ চনত প্ৰতিষ্ঠা হোৱা এয়াৰট্ৰাংকে ২০১৭ চনত অষ্ট্ৰেলিয়াৰ প্ৰথম আৰু সৰ্ববৃহৎ হাইপাৰস্কেল ডাটা চেণ্টাৰ স্থাপন কৰিছিল ৷ তাৰপিছত দ্ৰুত সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু বৰ্তমানে সমগ্ৰ APME অঞ্চলত হাইপাৰস্কেল ডাটা চেণ্টাৰৰ এক মঞ্চ পৰিচালনা কৰে ।

লগতে পঢ়ক: ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে চিপ কৰ্মশক্তি গঢ়ি তোলা : জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে IISc ৰ নতুন ছেমি কণ্ডাক্টৰ প্ৰশিক্ষণ কেন্দ্ৰ