ETV Bharat / bharat

ভাৰতীয় ভূখণ্ডত চীনা PLA ৰ অনুপ্ৰৱেশৰ অভিযোগ, স্মাৰকপত্ৰ দাখিল নাহ ৱেলফেয়াৰ ছ'চাইটিৰ

সংগঠনটোৰ দাবী অনুসৰি বিগত প্ৰায় এটা দশক ধৰি চীনা বাহিনীয়ে ভাৰতীয় ভূখণ্ডৰ অন্তৰ্গত কিছুমান স্থানত ধীৰে ধীৰে পথ, দলং আৰু সামৰিক শিবিৰ নিৰ্মাণ কৰিছে ।

INDIA CHINA BORDER
ভাৰতীয় ভূখণ্ডত চীনা PLA ৰ অনুপ্ৰৱেশৰ অভিযোগ (Nah Welfare Society)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 8:12 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: পুনৰ ভাৰতৰ ভূমিত চকু ৰঙা চীনৰ ৷ অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ টাকচিং অঞ্চলৰ এটা সামাজিক সংগঠনে ভাৰত-চীন সীমান্তৰ কিছুমান এলেকাত চীনৰ পিপলছ লিবাৰেচন আৰ্মি (PLA)-এ কথিতভাৱে অনুপ্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰি বিষয়টো তদন্ত কৰাৰ আহ্বান জনাইছে ।

নাহ ৱেলফেয়াৰ ছ'চাইটি (NWS)-য়ে উজনি সোৱণশিৰিৰ উপায়ুক্তৰ ওচৰত দাখিল কৰা এখন স্মাৰকপত্ৰত অভিযোগ কৰিছে ৷ সংগঠনটোৰ দাবী অনুসৰি বিগত প্ৰায় এটা দশক ধৰি চীনা বাহিনীয়ে ভাৰতীয় ভূখণ্ডৰ অন্তৰ্গত কিছুমান স্থানত ধীৰে ধীৰে পথ, দলং আৰু সামৰিক শিবিৰ নিৰ্মাণ কৰিছে ।

India China Border
ভাৰত-চীন সীমান্ত (Nah Welfare Society)

সংগঠনটোৰ মতে, ইয়াৰ ফলত স্থানীয় লোকসকলৰ পৰম্পৰাগত চৰাঞ্চল, চিকাৰক্ষেত্ৰ আৰু পৈতৃক ভূমিৰ ওপৰত প্ৰভাৱ পৰিছে । স্মাৰকপত্ৰত অ'য়িং (আছাফিলা এলেকা), পানিয়াৰ (চুজাৰ্টা এলেকা), মাৰপান (মাৰ্নাফে), পট্ৰাং হ্ৰদ আৰু টিণ্ডিংটাং (TG) আদি স্থানত চীনা সামৰিক আন্তঃগাঁথনি গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

India China Border
ভাৰতীয় ভূখণ্ডত চীনা PLA ৰ অনুপ্ৰৱেশৰ অভিযোগ (Nah Welfare Society)

সংগঠনটোৱে জিলাখন প্ৰশাসনক বিষয়টো অৰুণাচল প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ প্ৰেৰণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে সীমান্তবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু পৰম্পৰাগত ভূমি সংৰক্ষণৰ বাবে পদক্ষেপ ল'বলৈও অনুৰোধ জনাইছে । নাহ ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি কেৰু চাডাৰ-এ স্বাক্ষৰ কৰা স্মাৰকপত্ৰখনৰ সৈতে সংগঠনটোৱে নিজৰ দাবীৰ সমৰ্থনত কিছুমান আলোকচিত্ৰও সংলগ্ন কৰিছে।

India China Border
নাহ ৱেলফেয়াৰ ছ'চাইটিৰ স্মাৰকপত্ৰ (Nah Welfare Society)

উল্লেখ্য যে, এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে জিলাখনৰ প্ৰশাসন, অৰুণাচল প্ৰদেশ চৰকাৰ, ভাৰতীয় সেনাবাহিনী অথবা প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই অভিযোগসমূহৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই । স্মাৰকপত্ৰত উত্থাপিত দাবীসমূহ স্বাধীনভাৱে নিশ্চিত কৰা হোৱা নাই ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী ১৩৫ সংখ্যক ‘মন কী বাত’; সাগৰৰ পৰা আকাশলৈ ভাৰত দ্ৰুতগতিত আগবাঢ়িছে : মোদী