মাতৃৰ পিছত পিতৃহাৰা হ'ল সাংসদ বান্সুৰী স্বৰাজ; ৭৩ বছৰ বয়সত মৃত্যু স্বৰাজ কৌশলৰ
বিশিষ্ট অধিবক্তা, প্ৰাক্তন ৰাজ্যপাল, সাংসদ বান্সুৰী স্বৰাজৰ পিতৃ স্বৰাজ কৌশলৰ ৭৩ বছৰ বয়সত মৃত্যু হয় ।

Published : December 4, 2025 at 9:42 PM IST
নতুন দিল্লী : নতুন দিল্লী বিজেপিৰ সাংসদ তথা দিল্লী বিজেপিৰ মন্ত্ৰী বান্সুৰী স্বৰাজৰ পিতৃ স্বৰাজ কৌশলৰ বৃহস্পতিবাৰে (৪ ডিচেম্বৰ) ৭৩ বছৰ বয়সত দেহাৱসান ঘটে ।
মিজোৰামৰ এগৰাকী প্ৰাক্তন ৰাজ্যপাল, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আৰু প্ৰয়াত বিজেপি নেত্ৰী সুষমা স্বৰাজৰ স্বামী আছিল স্বৰাজ কৌশল । স্বৰাজ কৌশলৰ আকস্মিক মৃত্যুৰ খবৰে ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে ।
বিজেপিয়ে এক্সত এটা পোষ্ট কৰি এই খবৰটো নিশ্চিত কৰিছে । বৃহস্পতিবাৰে বিয়লি দিল্লীৰ লোধি ৰোড শ্মশানত তেওঁৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হয় ।
सांसद एवं प्रदेश मंत्री सुश्री बांसुरी स्वराज जी के पिताजी श्री स्वराज कौशल जी का आज 4 दिसम्बर, 2025 को निधन हो गया है।
— BJP Delhi (@BJP4Delhi) December 4, 2025
उनका अंतिम संस्कार आज 4 दिसम्बर, 2025 को सायं 4.30 बजे लोधी रोड श्मशान घाट पर किया जायेगा।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত এটা পোষ্ট কৰি স্বৰাজ কৌশলৰ মৃত্যুত দুখ প্ৰকাশ কৰে । তেওঁ পোষ্ট কৰিছিল, "শ্ৰী স্বৰাজ কৌশল জীৰ মৃত্যুৰ খবৰ পাই বৰ দোষ পাইছো । তেওঁ এজন অধিবক্তা আৰু আইনী বৃত্তি ব্যৱহাৰ কৰি অভাৱগ্ৰস্ত লোকৰ জীৱন উন্নত কৰাত বিশ্বাসী ব্যক্তি হিচাপে নিজকে তুলি ধৰিছিল । তেওঁ ভাৰতৰ কনিষ্ঠতম ৰাজ্যপাল হৈও ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনসাধাৰণৰ মাজত চিৰস্থায়ী ছাপ ৰাখিছিল । সংসদ সদস্য হিচাপে তেওঁৰ অন্তৰ্দৃষ্টিও উল্লেখযোগ্য আছিল । মোৰ চিন্তা এই দুখৰ সময়ত তেওঁৰ কন্যা, বনসুৰী আৰু পৰিয়ালৰ আন সদস্যসকলৰ লগত । ওম শান্তি ।”
Pained by the passing of Shri Swaraj Kaushal Ji. He distinguished himself as a lawyer and a person who believed in using the legal profession to improve the lives of the underprivileged. He became India’s youngest Governor and left a lasting impression on the people of Mizoram…
— Narendra Modi (@narendramodi) December 4, 2025
দিল্লীস্থিত নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে স্বৰাজ কৌশলে । ১৯৫২ চনৰ ১২ জুলাইত হিমাচল প্ৰদেশৰ সোলানত জন্মগ্ৰহণ কৰা তেখেতে ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল ।
১৯৯০ চনত ৩৭ বছৰ বয়সত মিজোৰামৰ গৱৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰি তেওঁ ভাৰতৰ অন্যতম কম বয়সীয়া গৱৰ্ণৰ হিচাপে পৰিগণিত হয়, যিটো লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত (Limca Book of World Records) অভিলেখ গঢ়িবলৈ সক্ষম হয় । ১৯৯৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল । তাৰ পিছত ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ ৰাজ্যসভাত হাৰিয়ানা বিকাশ পাৰ্টীক প্ৰতিনিধিত্ব কৰিছিল ।
ৰাজ্যপালৰ পদৰ পূৰ্বে ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈকে মিজোৰামৰ এডভোকেট জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৭৫ চনৰ ১৩ জুলাইত পঞ্জাব বিশ্ববিদ্যালয়ৰ চণ্ডীগড়ৰ আইন বিভাগৰ পৰা আৰম্ভ হোৱা কলেজীয়া ৰোমাঞ্চৰ পিছত সুষমা স্বৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।
বিশেষকৈ সেই সময়ত হাৰিয়ানাৰ সমাজৰ নীতি-নিয়মৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰেম বিবাহে বহু সামাজিক বাধাৰ সন্মুখীন হৈছিল যদিও শেষত তেওঁলোকৰ প্ৰেমৰ জয় হয় ।
স্বৰাজ কৌশলক উচ্চতম ন্যায়ালয়ৰ অন্যতম আগশাৰীৰ অপৰাধমূলক অধিবক্তা হিচাপে গণ্য কৰা হৈছিল । আগতে জনজীৱনত সক্ৰিয় আছিল যদিও সুষমা স্বৰাজৰ ৰাজনৈতিক কেৰিয়াৰ আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ ক্ৰমান্বয়ে পৰিয়াল আৰু আইনী কামৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল ।

