ETV Bharat / bharat

মণিপুৰত সেনাৰ চকীলৈ লক্ষ্য কৰি সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীচালনা

২৫ মাৰ্চত নিশা প্ৰায় ১১:৪০ বজাত সন্দেহযুক্ত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে ফুলজাং/গোথলৰ এটা অঞ্চলত গুলীচালনা কৰে ৷ বৃহস্পতিবাৰৰ পুৱাৰ পৰাই আৰম্ভ সেনাৰ অভিযান ৷

Suspected Kuki militants open fire on Army post
মণিপুৰত সেনাৰ চকীলৈ লক্ষ্য কৰি সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীচালনা (ANI)
author img

By ANI

Published : March 26, 2026 at 1:13 PM IST

3 Min Read
Choose ETV Bharat

ইম্ফল: মণিপুৰত পুনৰ গুলীৰ শব্দ ৷ বুধবাৰে মাজ নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা । বৃহস্পতিবাৰে মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, ফৌলজাং আৰু গোথলৰ সমীপত সন্দেহযুক্ত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে ফৌগাকচাও আৱাং লেইকাইত থকা ভাৰতীয় সেনাৰ এটা পহাৰ চকীক লক্ষ্য কৰি গুলীচালনা কৰে ।

এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে লিখিছে, "২০২৬ চনৰ ২৫ মাৰ্চত নিশা প্ৰায় ১১:৪০ বজাত সন্দেহযুক্ত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে ফুলজাং/গোথলৰ এটা অঞ্চলত গুলীচালনা কৰে ৷ ফৌগাচাও আৱাং লেইকাইৰ ভাৰতীয় সেনাৰ এটা পহৰা চকীৰ ফালে গুলীচালনা কৰে অস্ত্ৰধাৰী দলে ।"

বিবৃতিটোত লগতে কোৱা হৈছে যে ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) ৫৮ নং বেটেলিয়নে “উৎসটোৰ ফালে গুলীৰে প্ৰত্যুত্তৰ দিয়ে, যাৰ ফলত প্ৰায় ৩০ মিনিট ধৰি দুয়ো পক্ষৰ মাজত গুলীয়াগুলী চলে ৷’’

মণিপুৰ আৰক্ষীয়ে আৰু কয়, "২০২৬ চনৰ ২৬ মাৰ্চৰ পুৱাৰ পৰাই ভাৰতীয় সেনা, চি আৰ পি এফ, মণিপুৰ আৰক্ষী আৰু ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নে (আই আৰ বি) যৌথ অভিযান আৰম্ভ কৰে, গুলীচালনা সংঘটিত হোৱা অঞ্চল আৰু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলত চলোৱা হৈছে অভিযান ।"

পৰিস্থিতিৰ ওপৰত গভীৰভাৱে নিৰীক্ষণ অব্যাহত আছে, আৰু নিৰাপত্তা বাহিনীয়ে চাৰিওফালৰ পাহাৰীয়া অঞ্চলত অভিযান অব্যাহত ৰাখিব বুলি আৰক্ষীয়ে জনায় । কৰ্তৃপক্ষই সাৱধানতাৰ আহ্বান জনাই কয়, “সাধাৰণ লোকসকলক উৰাবাতৰি বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ আৰু যিকোনো তথ্য শ্বেয়াৰ কৰাৰ পূৰ্বে তথ্য পৰীক্ষা কৰিবলৈ অনুৰোধ কৰা হৈছে ।”

ইয়াৰ পূৰ্বে মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে পাটছয় থানাৰ অন্তৰ্গত পাটছয়ৰ পৰা ইউনাইটেড নেচনেল লিবাৰেশ্যন ফ্ৰণ্টৰ (পাম্বেই নেতৃত্বাধীন ফৈদ)ৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ইম্ফল পশ্চিম জিলাত অবৈধভাৱে নিৰ্মাণ কৰা ছটা বাংকাৰ ভাঙি পেলায় ।

এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অভিযানৰ সময়ত ধৃত ব্যক্তিজনৰ পৰা এটা মোবাইল ফোন জব্দ কৰা হয় । যোৱা ২৪ ঘন্টাত ৰাজ্যখনৰ সামগ্ৰিক আইন-শৃংখলাৰ পৰিস্থিতি স্বাভাৱিক আছিল । জিলাসমূহৰ ভিতৰতে ফ্ৰিঞ্জ আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযানৰ লগতে এলেকাটোত টহল দি আহিছে ।

প্ৰেছ বিজ্ঞপ্তি অনুসৰি, "কালি আৰম্ভ হোৱা নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে ৷ ২৫ মাৰ্চ বুধবাৰে লিটান আৰু মংকাট চেপুত পাহাৰত থকা গাঁও অঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা ছটা বাংকাৰ ভাঙি পেলোৱা হয় ।" ই অভিযানৰ পিছত হিংসা প্ৰভাৱিত লিটান অঞ্চলৰ গৰিষ্ঠসংখ্যক বাংকাৰ অকাৰ্যকৰী কৰি তোলা হৈছে ৷ নিৰাপত্তা বাহিনী সজাগ হৈ আছে, আৰু অঞ্চলটোত হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ কৌশলগতভাৱে সেনা নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীবিদ্ধ বনকৰ্মী

ট্ৰাকৰ সৈতে বাছৰ মুখামুখি সংঘৰ্ষত অগ্নিদগ্ধ ১৩, আহত ১৮