ETV Bharat / bharat

ছাংগেষ্টাৰ হ্ৰদৰ নাম কেনেকৈ 'মাধুৰী লেক' হ'ল ? জানক আঁৰৰ কাহিনী

সীমান্ত পৰ্যটনৰ এক আকৰ্ষণীয় গন্তব্য স্থান হিচাপে পৰিচিত ছাংগেষ্টাৰ হ্ৰদ বা মাধুৰী লেক ।

Sungester Lake
ছাংগেষ্টাৰ হ্ৰদ বা মাধুৰী লেক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 7, 2025 at 11:53 AM IST

3 Min Read
Choose ETV Bharat

ছাংগেষ্টাৰ : পশ্চিম অৰুণাচলৰ টাৱাং জিলাৰ সুউচ্চ পৰ্বতৰ বুকুত অৱস্থিত ছাংগেষ্টাৰ হ্ৰদ, যাক বহুতে 'মাধুৰী লেক' বুলিও কয় । ভাৰত-চীন সীমান্তত পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিণত হৈছে এই ছাংগেষ্টাৰ হ্ৰদ ।

শিলাময় পাহাৰ, শীতল বতাহ আৰু হ্ৰদৰ ৰঙীন পানীয়ে এক অপূৰ্ব দৃশ্যৰ সৃষ্টি কৰে । যাৰ বাবে দুখন পাহাৰৰ মাজত থকা এই হ্ৰদে সকলো পৰ্যটকৰ মন মোহিত কৰি তোলে ।

সীমান্ত পৰ্যটনৰ এক আকৰ্ষণীয় গন্তব্য স্থান ছাংগেষ্টাৰ হ্ৰদ (ETV Bharat)

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰত্বত আৰু সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৩,৭০৮ মিটাৰ (১২,১৬৫ ফুট) উচ্চতাত ভাৰত-চীন সীমান্তত অৱস্থিত এই হ্ৰদত বছৰৰ সকলো সময়তে পৰ্যটকৰ ভিৰ থাকে ।

বিশেষকৈ শীতকালত বৰফেৰে আৱৰি ৰখা এই অঞ্চলটো যেন সকলোৰে বাবে অনন্য হৈ পৰে । সেনা বাহিনীৰ জোৱানসকলে ডিচেম্বৰ মাহৰ পৰাই বৰফেৰে বন্ধ হোৱা পথ মুকলি কৰি পৰ্যটকসকলৰ আগমনত সহায় কৰে ।

Sungester Lake
সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৩,৭০৮ মিটাৰ উচ্চতাত আছে এই হ্ৰদ (ETV Bharat)

ছাংগেষ্টাৰ হ্ৰদৰ সৈতে বলিউডৰো এক ৰোমাঞ্চকৰ সম্পৰ্ক আছে । ৯০ দশকৰ জনপ্ৰিয় হিন্দী বোলছবি 'কয়লা'ৰ দৃশ্যগ্ৰহণ এই স্থানতে কৰা হৈছিল । সেই ছবিত অভিনেত্ৰী আছিল মাধুৰী দীক্ষিত । মাধুৰীৰ এক মনোমোহা নৃত্যই হ্ৰদটোক বিশ্বৰ মানচিত্ৰত এক সুকীয় স্থান দিবলৈ সক্ষম হৈছিল । তাৰ পিছৰে পৰা বহুতে এই হ্ৰদক 'মাধুৰী লেক' বুলি মাতিবলৈ আৰম্ভ কৰে । যদিও পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে ভৌগোলিক আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে ঐতিহাসিক নাম 'চাংগেষ্টাৰ হ্ৰদ'ক পুনৰুজ্জীৱিত কৰে ।

Sungester Lake
টাৱাং জিলাৰ সুউচ্চ পৰ্বতৰ বুকুত আছে ছাংগেষ্টাৰ হ্ৰদ (ETV Bharat)

ভাৰতীয় সেনাৰ প্ৰচেষ্টা আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটনমুখী দৃষ্টিভংগীয়ে এই স্থানৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিছে । যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে বৰ্তমান মোবাইল টাৱাৰ স্থাপন কৰা হৈছে, যাৰ ফলত সীমান্ত অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত হ'ব । ইয়ালৈ অহা পৰ্যটকসকলৰ বাবে সেনাৰ দ্বাৰা পৰিচালিত কেণ্টিনৰ ব্যৱস্থাও আছে, য'ত গৰম আহাৰ আৰু সতেজ চাহ পোৱা যায় ।

ছাংগেষ্টাৰ হ্ৰদ পৰিদৰ্শন কৰি আপ্লুত প্ৰতিগৰাকী পৰ্যটক । আগৰতলাৰ এজন পৰ্যটকে কয়, "এই ঠাইখন সঁচাই অপূৰ্ব । সীমান্ত অঞ্চলৰ ভিতৰত এনে পৰ্যটন গন্তব্য স্থান ভাৰতীয় একতাৰ প্ৰতীক । পৰিয়ালৰ সৈতে আহি এই ঠাইৰ শীতল আৰু শান্ত পৰিৱেশ উপভোগ কৰা এক জীৱনৰ অভিজ্ঞতা ।"

Sungester Lake
মাধুৰী লেক বুলিও জনাজাত ছাংগেষ্টাৰ হ্ৰদ (ETV Bharat)

কেন্দ্ৰীয় চৰকাৰে সীমান্ত অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ভাইব্ৰেণ্ট ভিলেজ প্ৰজেক্টৰ অধীনত এই এলেকাত বিভিন্ন কাম আৰম্ভ কৰিছে । পথৰ উন্নয়ন, সংযোগ ব্যৱস্থাৰ উন্নয়ন আৰু পৰ্যটন সুবিধাৰ উন্নয়নে অতি সোনকালেই ছাংগেষ্টাৰ হ্ৰদক ভাৰতৰ অন্যতম অগ্ৰণী সীমান্ত পৰ্যটন গন্তব্য স্থান হিচাপে প্ৰতিষ্ঠা কৰিব !

Sungester Lake
সীমান্তৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে মোবাইল টাৱাৰ স্থাপন (ETV Bharat)

টাৱাঙৰ পৰা প্ৰায় দুঘণ্টা আৰু বুমলাৰ পৰা ডেৰ ঘণ্টাৰ পথ অতিক্ৰম কৰি এই ছাংগেষ্টাৰ হ্ৰদ পোৱা যায় । একেদিনতে বুমলা পাছ আৰু হ্ৰদ দুয়োটা স্থানেই ভ্ৰমণ কৰিব পৰা যায় । সময় অনুযায়ী গৰম দিনত নৌকাত উঠিও হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি ।

Sungester Lake
সীমান্ত পৰ্যটনৰ এক আকৰ্ষণীয় গন্তব্য স্থান ছাংগেষ্টাৰ হ্ৰদ (ETV Bharat)

সঁচাকৈয়ে, ছাংগেষ্টাৰ হ্ৰদ হৈছে এক এনে স্থান-য'ত প্ৰকৃতি, ইতিহাস, সেনাৰ বীৰত্ব আৰু পৰ্যটনৰ সৌন্দৰ্য একেলগে মিলি গঢ়ি তুলিছে এক অনুপম সীমান্ত সৌন্দৰ্যৰ গাথা ।

লগতে পঢ়ক :কোনে আৰু কেতিয়া স্থাপন কৰিছিল অসমৰ প্ৰথমটো তেলুগু কলনী ?