ETV Bharat / bharat

সাগৰ তীৰত ১৫০০ কেজি আপেল আৰু বালিৰ ছাণ্টাক্ল’জৰ বলুকা ভাস্কৰ্য

বৰদিন উপলক্ষে বলুকা শিল্পী সুদৰ্শন পাটনায়কে এইবাৰ এক অনন্য ৰূপত ছাণ্টাক্ল’জ প্ৰস্তুত কৰি সমগ্ৰ বিশ্বক শুভেচ্ছা জনাইছে ।

Sudarsan pattnaik creates Santa claus sculpture with 1500 kg of apples and sand
পুৰীৰ বলুকা শিল্পী সুদৰ্শন পাটনায়কে সাগৰ তীৰত ছাণ্টাক্ল’জ প্ৰস্তুত কৰি বিশ্ববাসীক জনাইছে শুভেচ্ছা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 10:51 AM IST

|

Updated : December 25, 2025 at 11:16 AM IST

2 Min Read
Choose ETV Bharat

পুৰী (ওড়িশা) : আজি পবিত্ৰ বৰদিন ৷ বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে উদযাপন কৰিব বৰদিন ৷ কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব সমগ্ৰ বিশ্ব ৷ সজাই পৰা তোলা হৈছে গীৰ্জা ঘৰসমূহ ৷

বৰদিন উপলক্ষে পুৰীৰ বলুকা শিল্পী সুদৰ্শন পাটনায়কে সাগৰ তীৰত ছাণ্টাক্ল’জ প্ৰস্তুত কৰি বিশ্ববাসীক জনাইছে শুভেচ্ছা ৷ জানিব পৰা মতে, প্ৰখ্যাত বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে ১৫০০ কিলোগ্ৰাম আপেল আৰু বালি ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে এক ডাঙৰ ছাণ্টাক্ল’জৰ ভাস্কৰ্য ৷ এই ছাণ্টাক্ল’জৰ ভাস্কৰ্যটো নীলাদ্ৰী সাগৰৰ পাৰত তেওঁ নিৰ্মাণ কৰিছে ৷

সাগৰ তীৰত ১৫০০ কেজি আপেল আৰু বালিৰ ছাণ্টাক্ল’জৰ বলুকা ভাস্কৰ্য (ETV Bharat)

বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে কয়, "প্ৰতি বছৰে বৰদিনৰ দিনা মই আৰু মোৰ বলুকা কলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বালিৰে ছাণ্টাক্ল’জৰ প্ৰস্তুত কৰো ৷ ইয়াৰ দ্বাৰা আমি সমগ্ৰ বিশ্বক বৰদিনৰ শুভেচ্ছা জনালো ।"

Sudarsan pattnaik creates Santa claus sculpture with 1500 kg of apples and sand
পুৰীৰ বলুকা শিল্পী সুদৰ্শন পাটনায়কে সাগৰ তীৰত ছাণ্টাক্ল’জ প্ৰস্তুত কৰি বিশ্ববাসীক জনাইছে শুভেচ্ছা (ETV Bharat)

পাটনায়কে আৰু কয়, ‘‘এইবাৰ আমি বৃহৎ পৰিমাণৰ আপেলৰ দ্বাৰা ছাণ্টাক্ল’জ তৈয়াৰ কৰিছো । আমি ১.৫ টন আপেল ব্যৱহাৰ কৰি বালিৰে এইটো বনাইছো ৷ এই বলুকা শিল্পৰ উচ্চতা ২২ ফুট, দীঘল ৬২ ফুট আৰু বহল ৪৫ ফুট । আমি ইয়াক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈও আবেদন কৰিছো । এটা নিৰ্দিষ্ট তাৰিখলৈকে আমাৰ আৰ্ট কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে পৰ্যটকসকলে চাব পৰাকৈ বিভিন্ন বালিৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰিব ।’’

Sudarsan pattnaik creates Santa claus sculpture with 1500 kg of apples and sand
বৰদিন উপলক্ষে বলুকা শিল্পীৰ এক প্ৰয়াস (ETV Bharat)

উল্লেখ্য যে, প্ৰতি বছৰে বৰদিনৰ পূৰ্বে বলুকা শিল্পী সুদৰ্শনে বালিৰে এনেদৰে ছাণ্টাক্ল’জ প্ৰস্তুত কৰি বিশ্ববাসীৰ শুভেচ্ছা জনায় । যোৱা বছৰ তেওঁ ৫৫০ কিলোগ্ৰাম চকলেটে আৰু বালিৰে ছাণ্টাক্ল’জ প্ৰস্তুত কৰিছিল । তেওঁৰ সেই সৃষ্টিয়ে বহু প্ৰশংসাও লাভ কৰিছিল ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ বাবে পূৰ্বৰ উছাহ নাই গুৱাহাটীৰ বৰদিন উদযাপনত
Last Updated : December 25, 2025 at 11:16 AM IST