ষ্টাৰ্টআপ ইণ্ডিয়া এক 'ৰামধেনু ভিজন' : প্ৰধানমন্ত্ৰী মোদী
দেশৰ বাবে যি কাম প্ৰয়োজনীয়, সেয়া কোনোবাই কৰিবই লাগিব । গতিকে কোনোবাই বিপদাশংকা ল'ব লাগিব । প্ৰধানমন্ত্ৰীয়ে কয় ।

By ANI
Published : January 16, 2026 at 4:32 PM IST
নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কয় যে ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচী কেৱল এক আঁচনি নহয়, বৰঞ্চ ই হৈছে বিভিন্ন খণ্ডক নতুন সুযোগৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে এক ‘ৰামধেনু দৃষ্টিভংগী’ ।
ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ উদ্যোগী আৰু অংশীদাৰসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ বাবে কেৱল সংখ্যাতকৈ ষ্টাৰ্টআপৰ আত্মবিশ্বাস আৰু ধাৰণাই অধিক গুৰুত্বপূৰ্ণ । তেওঁ ভাৰতৰ ষ্টাৰ্টআপৰ বিপদৰ সৈতে মুখামুখি হ'ব পৰা ক্ষমতাকো প্ৰশংসা কৰে ।
"মই ধাৰাবাহিকভাৱে বিপদাশংকা লোৱাৰ ওপৰত গুৰুত্ব দি আহিছো, কাৰণ ই মোৰ দীৰ্ঘদিনীয়া অভ্যাসো হৈ আহিছে । যিবোৰ কাম কোনেও ল'বলৈ সাজু নাছিল, যিবোৰ কাম পূৰ্বৰ চৰকাৰসমূহে নিৰ্বাচন বা ক্ষমতা হেৰুওৱাৰ আশংকাত দশক দশক ধৰি এৰাই চলিছিল- মই সদায় সেইবোৰ গ্ৰহণ কৰাটো মোৰ দায়িত্ব বুলি গণ্য কৰি আহিছো । আপোনালোকৰ দৰে ময়ো বিশ্বাস কৰো যে দেশৰ বাবে যি কাম প্ৰয়োজনীয়, সেয়া কোনোবাই কৰিবই লাগিব । গতিকে কোনোবাই বিপদাশংকা ল'ব লাগিব ।" তেওঁ কয় ।
পূৰ্বতে বিপদাশংকা গ্ৰহণক নিৰুৎসাহিত কৰা হৈছিল যদিও আজি ই মূলসুঁতিত পৰিণত হৈছে বুলিও তেওঁ কয় । "মাহেকীয়া দৰমহাৰ ঊৰ্ধ্বলৈ গৈ কাম কৰা মানুহক কেৱল গ্ৰহণ কৰাই নহয়, সন্মানো কৰা হয় । এসময়ত অস্পৰ্শিত বুলি গণ্য কৰা বিপদাশংকা লোৱা ধাৰণাবোৰ এতিয়া ফেশ্বনলৈ পৰিণত হৈছে ।" তেওঁ লগতে কয় ।
Driven by innovation and enterprise, India’s Startups are shaping a self-reliant and resilient economy. Addressing a programme in Delhi marking #10YearsOfStartupIndia.
— Narendra Modi (@narendramodi) January 16, 2026
https://t.co/SY8JUUCvT7
বিশেষকৈ ষ্টাৰ্টআপত নেতৃত্বৰ ভূমিকাত মহিলাৰ অংশগ্ৰহণৰ কথাও তেওঁ চুই যায় । বৰ্তমান ভাৰতৰ ৪৫ শতাংশতকৈ অধিক স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ অন্ততঃ এগৰাকী মহিলা পৰিচালক বা অংশীদাৰ আছে বুলি তেওঁ সভাত উল্লেখ কৰে ।
"মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপ ফাণ্ডিঙৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ দ্বিতীয় বৃহত্তম ইক'ছিষ্টেমৰ গৌৰৱ অৰ্জন কৰিছে । ষ্টাৰ্টআপখণ্ডৰ ভিতৰত এই ক্ৰমবৰ্ধমান অন্তৰ্ভুক্তিয়ে দেশৰ সম্ভাৱনা বৃদ্ধি কৰিছে । আজি ভাৰতে চলিত ষ্টাৰ্টআপ বিপ্লৱত নিজৰ ভৱিষ্যত দেখা পাইছে ।"
তেওঁ লগতে কয়, "দহ বছৰৰ পূৰ্বে দেশত ৫০০ তকৈও কম ষ্টাৰ্টআপ আছিল; আজি এই সংখ্যা ২ লক্ষাধিক । ২০১৪ চনত ভাৰতত মাত্ৰ চাৰিটা ইউনিকৰ্ণ আছিল; আজি ভাৰতত প্ৰায় ১২৫ টা সক্ৰিয় ইউনিকৰ্ণ আছে ।"
"বিশ্বয়ো এই সফলতাৰ কাহিনী আশ্চৰ্যচকিত হৈ লক্ষ্য কৰি আছে । অনাগত সময়ত যেতিয়া ভাৰতৰ সফলতাৰ কাহিনী আলোচনা হ'ব, তেতিয়া ইয়াত বহি থকা বহু যুৱক-যুৱতী নিজেই একো একোটা উজ্জ্বল উদাহৰণ হ'ব ।" তেওঁ কয় । প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যমিতা ক্ষেত্ৰত অহা এই বিকাশৰ বাবে সামাজিক পৰিৱৰ্তনৰ কথাও দৃঢ়তাৰে উল্লেখ কৰে ।
তেওঁ কয় যে ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীয়ে বৃহৎ চহৰৰ পৰিধি ভেদ কৰি ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক গণতান্ত্ৰিক কৰি তুলিলে, য'ত দেশৰ যুৱক-যুৱতীসকলক উদ্ভাৱনৰ সুযোগ প্ৰদান কৰিলে ।
উল্লেখ্য যে, ২০১৬ চনৰ ১৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্টআপ ইণ্ডিয়াক এক ৰাষ্ট্ৰীয় আঁচনি হিচাপে আৰম্ভ কৰিছিল । ইয়াক উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগীকৰণক প্ৰসাৰিত কৰা আৰু বিনিয়োগ-চালিত বিকাশৰ বাবে এক ৰাষ্ট্ৰীয় কাৰ্যসূচী হিচাপে আৰম্ভ কৰিছিল । ইয়াৰ উদ্দেশ্য আছিল ভাৰতক সংস্থাপন বিচৰাতকৈ সংস্থাপন সৃষ্টিকাৰীৰ দেশ হিচাপে গঢ়ি তোলা ।
বিগত দশকত ষ্টাৰ্টআপ ইণ্ডিয়াই ভাৰতৰ অৰ্থনৈতিক আৰু উদ্ভাৱন স্থাপত্যৰ মূল শিলাস্ত হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয়, "ই প্ৰতিষ্ঠানিক ব্যৱস্থাক শক্তিশালী কৰিছে, মূলধন আৰু মাৰ্গদৰ্শনত প্ৰৱেশৰ পথ সম্প্ৰসাৰিত কৰিছে আৰু ষ্টাৰ্টআপসমূহক বিভিন্ন ক্ষেত্ৰ আৰু ভৌগোলিক ক্ষেত্ৰসমূহৰ মাজত বিকাশ আৰু পৰিসৰ বৃদ্ধিৰ বাবে এক সক্ষম পৰিৱেশ গঢ়ি তুলিছে ।
এই সময়ছোৱাত ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰই অভূতপূৰ্ব বিকাশ লাভ কৰিছে । বৰ্তমান সমগ্ৰ দেশতে ২ লক্ষাধিক ষ্টাৰ্টআপে স্বীকৃতি লাভ কৰিছে । এই উদ্যোগসমূহ নিয়োগ সৃষ্টি, উদ্ভাৱন-নেতৃত্বাধীন অৰ্থনৈতিক বিকাশ আৰু বিভিন্ন খণ্ডত ঘৰুৱা মূল্য শৃংখল শক্তিশালী কৰাৰ উল্লেখযোগ্য চালিকা শক্তি হৈ পৰিছে ।
উল্লেখ্য যে, শুকুৰবাৰৰ এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উজ্জীৱিত ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে । নিৰ্বাচিত ষ্টাৰ্টআপ প্ৰতিনিধিসকলে তেওঁলোকৰ উদ্যোগীকৰণ যাত্ৰাৰ পৰা অন্তৰ্দৃষ্টিও আদান-প্ৰদান কৰে ।

