ETV Bharat / bharat

এখন গাওঁ য'ত নাই কোনো যুৱক-যুৱতী, আছে কেৱল বৃদ্ধ লোক

১০০ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ মৃতদেহটো নিবলৈকো কোনো নাছিল । এছ এছ বিৰ জোৱানেহে সম্পন্ন কৰিলে শেষকৃত্য় ।

SSB JAWANS PERFORMED THE LAST RITES
উত্তৰাখণ্ডৰ পিথোৰাগড়ত এছ এছ বি জোৱানে শ্মশানস্থলীলৈ নিলে মৃতকক (Photo courtesy - Local villagers))
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 2:33 PM IST

3 Min Read
Choose ETV Bharat

পিথোৰাগড় (উত্তৰাখণ্ড): উত্তৰাখণ্ডৰ এখন গাঁও য'ত আছে কেৱল বয়স্ক পুৰুষ-মহিলা আৰু শিশু । যুৱক-যুৱতী একেবাৰেই নাই । পাহাৰীয়া জিলাখনৰ এই গাঁওখনত কাৰোবাৰ বিপদত মাতষাৰ দিবলৈও কোনো নাই । আনকি কোনো লোকৰ মৃত্য়ু হোৱাৰ পিছত মৃতকক শ্মশানস্থলীলৈ লৈ যাবলৈও নাই পৰ্যাপ্ত লোক ।

উত্তৰাখণ্ডৰ পাহাৰীয়া জিলাৰ লোকসকলে অত্যন্ত কঠিন জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । আনকি মৃত্যুৰ পিছতো কান্ধ আগবঢ়াবলৈ কোনো নাই । প্ৰব্ৰজনে পাহাৰীয়া গাঁওখন খালী কৰি পেলাইছে । ইয়াৰ শেহতীয়া উদাহৰণ দেখা গ’ল সীমান্ত জিলা পিথোৰাগড়ত।

জিলাখনৰ তাড়িগাঁও নামৰ গাঁওখনত ঝুপা দেৱী নামৰ ১০০ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ মৃতদেহটো নিবলৈকে কোনো আগবাঢ়ি অহা নাছিল । কেৱল বৃদ্ধ পুৰুষ আৰু মহিলা গাঁওখনত থকা বাবে শ্মশানস্থলীলৈ মৃতদেহটো কঢ়িয়াই নিব পৰা যুৱক-যুৱতী নাছিল । এই সময়তে এছ এছ বিৰ জোৱানসকল আহিল আগবাঢ়ি ।

বৃদ্ধাক কান্ধত নিবলৈ মানুহ নাছিল:

উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলবোৰ অবিৰত প্ৰব্ৰজনৰ বাবে খালী হৈ পৰিছে । চৰকাৰে প্ৰব্ৰজন আয়োগ গঠন কৰি কোটি কোটি মূল্যৰ আঁচনি আৰম্ভ কৰিলেও গাঁৱৰ পৰিস্থিতি বেলেগ । এতিয়া গাঁওখনত ৰোগীক চিকিৎসালয়লৈ নিবলৈ বা মৃতকক কান্ধ দিবলৈ মানুহ বিচাৰি পাবলৈ টান ।

জিলাখনৰ এই গাঁওখনত এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছত যেতিয়া বৃদ্ধাগৰাকীৰ মৃতদেহটো শ্মশানস্থলীলৈ কঢ়িয়াই নিব পৰা যুৱক-যুৱতী নাছিল বাবে অন্তিম ৰীতি-নীতি কৰিবলৈ এছ এছ বিৰ জোৱান আগুৱাই আহি শেষকৃত্য় সম্পন্ন কৰে ।

এছ এছ বিৰ জোৱানসকলে শেষ ৰীতি-নীতি সম্পন্ন কৰে:

মৃত বৃদ্ধাগৰাকীক কঢ়িয়াই শ্মশানস্থলীলৈ লৈ যাবলৈ পৰ্যাপ্ত লোক নথকাৰ বাবে সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ জোৱানসকলে এই দায়িত্ব গ্ৰহণ কৰি কেৱল কান্ধত কঢ়িয়াই নিয়াই নহয়, অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও কাঠ আনি শেষ ৰীতি-নীতি সম্পন্ন কৰে ।

এই সন্দৰ্ভত প্ৰাক্তন গাঁওবুঢ়া ভূপেন্দ্ৰ চান্দে কয়, "পিথোৰাগড়ৰ সদৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত তাড়িগাঁৱত যোৱা ৩১ ডিচেম্বৰত বৃদ্ধাগৰাকীৰ মৃত্যু হয় । তেওঁৰ মৃতদেহটো গাঁৱৰ পৰা প্ৰায় ডেৰ-দুই কিলোমিটাৰ নিলগৰ কালি নদীৰ পাৰলৈ লৈ গৈ দাহ কৰিব লাগিছিল; কিন্তু গাঁৱৰ কোনো মানুহেই শেষ ৰীতি-নীতি কৰিবলৈ সক্ষম নাছিল ।"

প্ৰব্ৰজনৰ প্ৰভাৱত পাহাৰে কাঢ়িছে হুমুনিয়াহ:

তাড়িগাঁৱত প্ৰব্ৰজনৰ মূল কাৰণ হৈছে পথ নিৰ্মাণত পলম হোৱা আৰু বন্যপ্ৰাণীৰ ভয় । উল্লেখ্য় যে যোৱা ২০১৯ চনত পঞ্চায়তখনে নিৰ্মাণ আৰম্ভ কৰা পকী পথটো এতিয়াও সম্পূৰ্ণ হোৱা নাই । আনহাতে বনৰীয়া গাহৰিয়েও শস্য ধ্বংস কৰিছে । নাহৰফুটুকী আৰু ভালুকেও অহৰহ সৃষ্টি কৰে ভাবুকিৰ ।

এই গাঁওখনত বিশ বছৰ আগতে ৩৭টা পৰিয়ালে বাস কৰিছিল । এতিয়া পিছে ১৩টা পৰিয়ালহে আছে । এই পৰিয়ালকেইটাৰ বেছিভাগেই আকৌ বৃদ্ধ আৰু শিশু । যদিহে চৰকাৰে প্ৰব্ৰজন বন্ধ কৰাৰ বাবে সময়োপযোগী আৰু সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ভৱিষ্যতে আন গাঁৱতো এনেধৰণৰ ঘটনা দেখা যাব পাৰে ।

লগতে পঢ়ক:ভাত-ভৰি নাথাকিলে কি হ'ল, অদম্য ইচ্ছাশক্তিৰে পায়েলে কৰিলে অসাধ্য সাধন

তুষাৰপাত চোৱাৰ হেঁপাহ; নৱবৰ্ষৰ পূৰ্বে মানালিত পৰ্যটকৰ ভিৰ