বিনামূলীয়াকৈ হ’ব হৃদৰোগত আক্ৰান্ত শিশুৰ অস্ত্ৰোপচাৰ
ভাৰতৰ এইখন হাস্পতালত জন্মগত হৃদৰোগত আক্ৰান্ত শিশুৰ কেৱল বিনামূলীয়া অস্ত্ৰোপচাৰ আৰু চিকিৎসাই নহয় থকা-খোৱাৰ সুবিধাও লাভ কৰিব পাৰে ।

Published : February 27, 2026 at 8:15 PM IST
ছিদ্দিপেট(তেলেংগানা): বৰ্তমান সময়ত দেশত হৃদৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । কম বয়সৰ যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈ হৃদৰোগৰ চিকাৰ হৈছে । কেৱল সেয়াই নহয় বহু কেঁচুৱা হৃদৰোগৰ সমস্যা লৈয়ে জন্মগ্ৰহণ কৰে । কিন্তু আপোনাৰ ঘৰত বা অঞ্চলটোত যদি তেনে কোনো শিশু আছে, তেনেহ'লে এক আশাৰ খবৰ । এতিয়াৰে পৰা বিনামূলীয়াকৈ হ'ব হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ আৰু চিকিৎসা ।
তেলেংগানাৰ ছিদ্দিপেট জিলাৰ কোণ্ডাপাকাৰ শ্ৰী সত্য সাই সঞ্জীৱনী চেণ্টাৰ ফ’ৰ চাইল্ড হাৰ্ট কেয়াৰ এণ্ড ৰিছাৰ্চে জন্মগত হৃদৰোগত আক্ৰান্ত শিশুৰ বাবে অপেন হাৰ্ট ছাৰ্জাৰী আৰু উন্নত চিকিৎসাৰ বিনামূলীয়া সেৱা প্ৰদান কৰিছে ।
এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ডাঃ চি শ্ৰীনিবাসে কয় যে জন্মগত হৃদৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে এই চিকিৎসালয়খন উৎসৰ্গিত । এতিয়ালৈকে ভাৰত আৰু ১৪ খন দেশৰ ২৩৩ টা শিশুৰ অপেন হাৰ্ট ছাৰ্জাৰী সফলতাৰে কৰা হৈছে ৷ আনহাতে, ১০৩ টা শিশুৱে হৃদযন্ত্ৰৰ উন্নত চিকিৎসাৰ সুবিধা লাভ কৰিছে, যাৰ ফলত মুঠ ৩৩৬ গৰাকী শিশুৰ জীৱন ৰক্ষা পৰিছে ।
২০২৪ চনৰ ২৩ নৱেম্বৰত কোণ্ডাপাকাত সঞ্জীৱনী হাৰ্ট হাস্পতালখন উদ্বোধন কৰা হৈছিল । এই চিকিৎসালয়খন উন্নত চিকিৎসা প্ৰযুক্তি, অভিজ্ঞ চিকিৎসক, সম্পূৰ্ণ ডিজিটেল লেবৰেটৰীৰে সজ্জিত । ইয়াৰোপৰি ২৪ ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ ।
চিকিৎসালয়খনত অত্যাধুনিক কেথেটাৰাইজেচন লেবৰেটৰী(কেথ লেব) আছে । ডাঙৰ ছিদ্ৰৰ প্ৰয়োজন হোৱা গতানুগতিক অস্ত্ৰোপচাৰৰ পৰিৱৰ্তে এই উন্নত সুবিধাই ক্ষুদ্ৰ ছিদ্ৰৰে চিকিৎসাৰ সুবিধা প্ৰদান কৰে । কেথেটাৰ নামৰ এডাল পাতল নলী হাত বা ভৰিৰ ৰক্তবাহী নলীৰ মাজেৰে পাৰ হৈ হৃদযন্ত্ৰলৈ লৈ যোৱা হয়, যাৰ ফলত কম বিষ আৰু দ্ৰুত আৰোগ্যৰ সৈতে ৰোগ নিৰ্ণয় আৰু চিকিৎসা সম্ভৱ হয় ।
ভাৰতত প্ৰতি বছৰে প্ৰায় ৩.৫ লাখ কেঁচুৱা হৃদযন্ত্ৰৰ লগত জড়িত বিসংগতিৰে জন্ম হয় আৰু সময়োপযোগী আৰু সুলভ চিকিৎসাৰ অভাৱত প্ৰায় ১ লাখ শিশুৰ মৃত্যু হয় । এনে পৰিয়ালৰ বাবে আশীৰ্বাদ হিচাপে থিয় দিছে এই সঞ্জীৱনী কেন্দ্ৰ ।
এই কেন্দ্ৰটোৱে কেৱল জন্মগত হৃদযন্ত্ৰৰ সমস্যাই নহয়, হৃদযন্ত্ৰৰ ছিদ্ৰ, তেজৰ প্ৰবাহৰ অস্বাভাৱিক অৱস্থাকে ধৰি প্ৰায় ১০০ প্ৰকাৰৰ হৃদযন্ত্ৰৰ সমস্যাৰ বাবে অস্ত্ৰোপচাৰ আৰু চিকিৎসাৰ সুবিধা আছে এই হাস্পতালত ।
ৰোগ নিৰ্ণয়, অস্ত্ৰোপচাৰ, ঔষধ, খাদ্য আৰু থকাৰ ব্যৱস্থাকে ধৰি সকলো সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হয় । শিশু আৰু পিতৃ-মাতৃ উভয়কে চিকিৎসাৰ সমগ্ৰ সময়ছোৱাত খাদ্য আৰু থকাৰ ব্যৱস্থা কৰা হয় । এই চিকিৎসালয়খন সত্য সাই হেল্থ এণ্ড এডুকেচনেল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত, যাৰ নয়া ৰায়পুৰ, পালৱাল আৰু নৱী মুম্বাইতো একেধৰণৰ ব্যৱস্থা আছে ।
স্বেচ্ছাসেৱকসকলে দুৰ্গম আৰু জনজাতীয় অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি গুৰুতৰ হৃদযন্ত্ৰৰ বিসংগতি থকা শিশুসকলক চিনাক্ত কৰি চিকিৎসাৰ বাবে কেন্দ্ৰলৈ আনে । চিকিৎসাৰ প্ৰয়োজন হোৱা শিশুৰ অভিভাৱকসকলে চিকিৎসালয়ৰ চৰকাৰী যোগাযোগ নম্বৰত ফোন কৰি এপইণ্টমেণ্ট ল'ব পাৰে । ৮০১০১-১৯০০০ নম্বৰত ফোন কৰি বা ৭০৭৫১-৩৭৭৩৩ নম্বৰত হোৱাটছ এপত মেছেজ কৰিও এপইণ্টমেণ্ট বুকিং কৰিব পাৰে ।
গতিকে আপোনাৰো যদি ঘৰত বা অঞ্চলত তেনে শিশু আছে, আপুনিও হাস্পতালখনত যোগাযোগ কৰি বিনামূলীয়া চিকিৎসাৰ সুবিধা ল'ব পাৰে ।
লগতে পঢ়ক: এটা ব্যতিক্ৰমী বেংক, য'ত টকাৰ পৰিৱৰ্তে জমা থোৱা হয় সময়

