ETV Bharat / bharat

খামেইনীৰ মৃত্যুত উত্তপ্ত লক্ষ্ণৌ; ৩ দিনীয়া শোক পালন কৰিব ছিয়া মুছলমানে

ইৰাণৰ সৰ্বোচ্চ নেতা খামেইনীৰ মৃত্যুৰ পিছতে লক্ষ্ণৌত ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ ছিয়া মুছলমানৰ ।

Shia Muslims mourn Iran supreme leader Khamenei's killing in US-Israel strikes
খামেইনীৰ মৃত্যুত উত্তপ্ত লক্ষ্ণৌ (PTI)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 6:31 PM IST

2 Min Read
Choose ETV Bharat

লক্ষ্ণৌ(উত্তৰ প্ৰদেশ): আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ পিছতে ছিয়া মুছলমানসকলৰ মাজত তীব্ৰ ক্ষোভ দেখা গৈছে । বিশ্বৰ বিভিন্ন দেশত ছিয়া মুছলমানসকলে নেতাগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে । বহু স্থানত ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ছিয়া মুছলমানসকল ।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ছিয়া সম্প্ৰদায়ৰ লোকসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । সমান্তৰালকৈ ছিয়া নেতৃত্বই ৩ দিনীয়া শোক পালনৰ ঘোষণা কৰিছে । ছিয়া নেতাগৰাকীৰ হত্যাৰ বিৰুদ্ধে লোকসকলে মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে ।

এক ভিডিঅ' বিবৃতিত ছিয়া ধৰ্মীয় নেতা মৌলানা কলবে জৱাড়ে আয়াতুল্লাহ খামেইনীক শ্বহীদ ঘোষণা কৰি ৩ দিনীয়া শোক পালনৰ কথা উল্লেখ কৰে । তেওঁ সমগ্ৰ মুছলমান সমাজ আৰু সকলো মানৱ দৰদীক তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈও আহ্বান জনায় ।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ছোটা ইমাম্বৰাত সন্ধিয়া ৮ বজাত শোক সভা অনুষ্ঠিত হ'ব বুলিও জৱাড়ে ঘোষণা কৰে । নেতাজনে সমগ্ৰ ভাৰতত ছিয়া সম্প্ৰদায়ৰ লোকসকলক নিজ নিজ ৰাজ্যত শোকসভা আৰু মমবাতি প্ৰজ্বলনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । ইফালে নেতাজনৰ ঘোষণাৰ পিছতে খামেইনীৰ হত্যাৰ প্ৰতিবাদত বন্ধ কৰি দিয়া হৈছে দৰগাহ হজৰত আব্বাছ ৰোড বিজনেছ ব'ৰ্ড ।

ছিয়া ব্যক্তিগত আইন ব'ৰ্ডৰ সাধাৰণ সম্পাদক তথা ছিয়া ধৰ্মীয় নেতা মৌলানা ইয়াছুব আব্বাছে কয় যে লক্ষ্ণৌৰ ছোটা ইমাম্বাৰাত আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ।

আন এগৰাকী ছিয়া ধৰ্মীয় নেতা মৌলানা ছাইফ আব্বাছ নকৱীয়ে নিহত ছিয়া নেতা আয়াতুল্লাহ খামেইনীক শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁ কেৱল ইৰাণৰ নেতাই নহয় বিশ্বৰ সকলো মুছলমানৰ নেতা ।

তেওঁ কয়, "ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে খামেইনীয়ে ইজৰাইলৰ পেলেষ্টাইন আক্ৰমণৰ বিৰুদ্ধে যিদৰে মাত মাতিছিল তেওঁ প্ৰতিজন দুৰ্বল, দৰিদ্ৰ, নিপীড়িত লোকৰ কণ্ঠস্বৰ আছিল । মই বিশ্বাস কৰোঁ যে আজি সমগ্ৰ বিশ্বই দেখিছে যে কেনেকৈ আমেৰিকা আৰু ইজৰাইলে সন্ত্ৰাসবাদৰ জৰিয়তে সমগ্ৰ মধ্যপ্ৰাচ্যক যুদ্ধৰ মাজত আবদ্ধ কৰিছে ।"

লগতে পঢ়ক: খামেইনীৰ মৃত্যুৰ পিছতে জম্মু-কাশ্মীৰত আমেৰিকা-ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ