১৯৮০চনৰ ভোটাৰ তালিকাত খামখেয়ালি, ছোনিয়া গান্ধীয়ে উত্তৰ দিবলৈ পালে সময়, পৰৱৰ্তী শুনানিৰ দিন ৭ ফেব্ৰুৱাৰী
নাগৰিকত্ব পোৱাৰ পূৰ্বেই ভোটাৰ তালিকাত নাম সোমাল ছোনিয়া গান্ধীৰ ৷ এই গোচৰৰ শুনানিৰ সময়ত ছোনিয়া গান্ধীৰ অধিবক্তাগৰাকীয়ে আবেদনৰ উত্তৰ দিবলৈ আদালতৰ ওচৰত সময় বিচাৰিছে ৷

Published : January 6, 2026 at 2:27 PM IST
নতুন দিল্লী : দিল্লীৰ ৰাউজ এভিনিউ আদালতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ ৷ অভিযোগ অনুসৰি, ছোনিয়া গান্ধীৰ নাগৰিকত্বৰ দাবী পৰীক্ষা কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল ৷ ১৯৮০ চনত ভোটাৰ তালিকাত নাম সংযোগ কৰাৰ অভিযোগত আদালতে গোচৰ পঞ্জীয়ন কৰি আদালতে আবেদনৰ উত্তৰ দাখিল কৰিবলৈ সময় প্ৰদান কৰিছে । বিশেষ ন্যায়াধীশ বিশাল গোগানে এই বিষয়ত পৰৱৰ্তী শুনানিৰ দিন ৭ ফেব্ৰুৱাৰীৰ দিন ধাৰ্য কৰিছে ।
আজি (মঙলবাৰে) এই গোচৰৰ শুনানিৰ সময়ত ছোনিয়া গান্ধীক প্ৰতিনিধিত্ব কৰা অধিবক্তাই আবেদনৰ উত্তৰ দিবলৈ সময় বিচাৰিছে । তেওঁ যুক্তি দিছিল যে নথি-পত্ৰবোৰ বহুত পুৰণি । ইয়াৰ পিছত আদালতে ৭ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে । মন কৰিবলগীয়া যে ২০২৫ চনৰ ৯ ডিচেম্বৰত আদালতে ছোনিয়া গান্ধী আৰু দিল্লী আৰক্ষীক জাননী জাৰি কৰিছিল ।
এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰসিয়াই আবেদন খাৰিজ কৰে । আৱেদনখনত উল্লেখ কৰা হৈছে যে ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱাৰ আগতেই ১৯৮০ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা হৈছিল । ইয়াৰ মাজতে ১৯৮২ চনত ভোটাৰ তালিকাৰ পৰা ছোনিয়া গান্ধীৰ নাম আঁতৰাই পিছত ১৯৮৩ চনত পুনৰ সংযোজন কৰা হয় । ১৯৮৩ চনত ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হয় ।
আবেদনখনত উল্লেখ আছে যে ১৯৮৩ চনৰ এপ্ৰিল মাহত ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । আৱেদনত যুক্তি দিয়া হৈছে যে ১৯৮৩ চনত ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হোৱাৰ বাবে ১৯৮০ চনত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ প্ৰৱঞ্চনামূলক নথি দাখিল কৰিছিল, যিটো এটা অপৰাধ । গতিকে আদালতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ নিৰ্দেশ দিব লাগে । এই বিষয়ত দণ্ডাধীশ আদালতে ছোনিয়া গান্ধী বা দিল্লী আৰক্ষীক কোনো জাননী জাৰি কৰা নাই ।

