ক'কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদস্থলীত সোণম ৱাংচুক, অনিৰ্দিষ্টকাললৈ অনশন আৰম্ভ ৱাংচুকৰ
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সমাজকৰ্মী, পৰিৱেশ বিজ্ঞানী সোণম ৱাংচুকে দেওবাৰৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকাললৈ অনশন ৷

Published : June 28, 2026 at 2:11 PM IST
নতুন দিল্লী : দিল্লীৰ যন্তৰ মন্তৰত ক'কৰোচ্ছ জনতা পাৰ্টীয়ে কৰি থকা প্ৰতিবাদত অংশগ্ৰহণ কৰিলে সমাজকৰ্মী, পৰিৱেশ বিজ্ঞানী সোণম ৱাংচুকে ৷ দেওবাৰে ক'কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে সমাজকৰ্মী, পৰিৱেশ বিজ্ঞানী সোণম ৱাংচুকে ৷
দিল্লীৰ যন্তৰ মন্তৰত ক'কৰোচ্ছ জনতা পাৰ্টীয়ে কৰা প্ৰতিবাদস্থলীত দেওবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ অনশন আৰম্ভ কৰিছে পৰিৱেশ বিজ্ঞানীগৰাকীয়ে ৷ আনহাতে ৱাংচুকৰ সৈতে সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ কেইবাজনো ছাত্ৰ নেতাইও অনশনত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷ ইফালে দেশৰ ৬৫০ টাতকৈও অধিক কৃষক সংগঠনে ক'কৰোচ্ছ জনতা পাৰ্টীৰ আন্দোলনৰ সমৰ্থনত দিল্লীত এক খাপ পঞ্চায়ত আহ্বান কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে ।
ফলস্বৰূপে ছাত্ৰ-ছাত্ৰী, কৃষক, সামাজিক সংগঠনসমূহ একক মঞ্চত একত্ৰিত হোৱাৰ ফলত আন্দোলন আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে । ক'কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই কয়, "দিল্লীত আন্দোলন আৰম্ভ হোৱাৰ দিনাই সোণম ৱাংচুকে উল্লেখ কৰিছিল যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এসপ্তাহৰ ভিতৰত পদত্যাগ নকৰিলে তেওঁ অনিৰ্দিষ্টকাললৈ অনশন কাৰ্যসূচী আৰম্ভ কৰিব । চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, সেয়েহে আজিৰ পৰা আৰম্ভ হৈছে অনশন ।"
ক'কৰোচ্ছ জনতা পাৰ্টীৰ মুখপাত্ৰ দীপক বালিয়ানে কয়, "এই আন্দোলনে সমগ্ৰ দেশৰ ৬৫০ টাতকৈও অধিক কৃষক সংগঠনৰ পৰা সমৰ্থন লাভ কৰিছে । কৃষকসকলে নিজৰ সন্তানৰ ভৱিষ্যতক মনত ৰাখি এই যুঁজত যোগদান কৰিছে । এনে পৰিপ্ৰেক্ষিতত আজি দিল্লীত এখন বৃহৎ খাপ পঞ্চায়ত অনুষ্ঠিত হ’ব, য’ত আন্দোলনক আগুৱাই নিয়াৰ কৌশল সম্পৰ্কে আলোচনা কৰা হ’ব ।"
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্ত আটাইকেইজনক গ্ৰেপ্তাৰ, পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, শিক্ষাখণ্ডৰ সংস্কাৰ, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ক'কৰোচ্ছ জনতা পাৰ্টীয়ে । চৰকাৰে উপযুক্ত ব্যৱস্থা সিদ্ধান্ত নোলোৱালৈকে আন্দোলন আৰু অনশন অব্যাহত থাকিব বুলি ক'কৰোচ্ছ জনতা পাৰ্টীৰ নেতৃত্বই উল্লেখ কৰিছে ৷
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী ১৩৫ সংখ্যক ‘মন কী বাত’; সাগৰৰ পৰা আকাশলৈ ভাৰত দ্ৰুতগতিত আগবাঢ়িছে : মোদী

