সমাজে নাৰীৰ ওপৰত ধাৰণা সলনি কৰাৰ প্ৰয়োজন : মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক শৈলজা কিৰণ
শৈলজা কিৰণে মহিলাসকলক সমান সুযোগ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পৰিয়ালে দেখুওৱা সাহসৰ বাবেই তেওঁ এই পৰ্যায়ত উপনীত হৈছে ।

Published : December 12, 2025 at 8:03 PM IST
হায়দৰাবাদ : মহিলাসকলে সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাইছে আৰু অগ্ৰণী হিচাপে আত্মপ্ৰকাশ কৰিছে । গতিকে তেওঁলোকৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি তেওঁলোকক সমান চকুৰে চোৱাৰ প্ৰয়োজন আছে । এই মন্তব্য মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক শৈলজা কিৰণৰ ।
বৃহস্পতিবাৰে তেলেংগানাৰ ৰাংগাৰেড্ডী জিলাৰ শংকৰপল্লীস্থিত আই চি এফ এ আই বিশ্ববিদ্যালয়ত আয়োজিত Women 5.0 (Power.. Progress.. Possibilities) সন্মিলনত ভাষণ প্ৰদান কৰি কিৰণে কয়, "সময় সলনি হৈছে আৰু মহিলাসকলে পুৰুষৰ সমতুল্য কাম কৰি আছে । তেওঁলোকক সহানুভূতিৰ প্ৰয়োজন নাই, বৰঞ্চ স্বীকৃতিৰহে প্ৰয়োজন । মহিলাৰ প্ৰতি সন্মান আৰু সুৰক্ষা আইনৰ পৰা নাহে । এইবোৰ সম্ভৱ কেৱল ঘৰৰ ধাৰণাৰ সলনিৰ পৰা, পৰিয়াল আৰু সমাজৰ পৰা । যদি পিতৃ, স্বামী আৰু সন্তানে সমৰ্থন আগবঢ়ায়, তেন্তে মহিলাসকলে অপৰিসীম আত্মবিশ্বাস গঢ়ি তুলিব পাৰে আৰু সাহসেৰে বিশ্বৰ সন্মুখীন হ'ব পাৰে ।"
সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থকা কিৰণে কয় যে পৰিয়ালে দেখুওৱা সাহসৰ বাবেই তেওঁ নিজেই এই স্তৰত উপনীত হৈছে । তেওঁ বুজাই দিয়ে যে মাৰ্গদৰ্শী চিট ফাণ্ডে এতিয়া ১০০ কোটি টকাৰ পৰা ১২ হাজাৰ কোটি টকাৰ ব্যৱসায় লাভ কৰিছে আৰু চাৰিখন ৰাজ্যত ১২৯ টা শাখা চলাই আছে ।
কিৰণে লগতে কয় যে ইতিহাসৰ গতিপথ সলনি কৰা মহিলাসকলৰ ভিতৰত বহুতো প্ৰেৰণাদায়ক ব্যক্তি আছে । সাবিত্ৰীবাই ফুলেয়ে শিক্ষাৰ জৰিয়তে সকলো সাধন কৰিব পৰাৰ দৃষ্টিভংগীৰে ১৮৪৬ চনত কিদৰে কন্যা শিক্ষাৰ প্ৰসাৰ ঘটাইছিল সেই কথা তেওঁ স্মৰণ কৰে । পুৰুষপ্ৰধান ক্ষেত্ৰৰ একমাত্ৰ মহিলা অভিযন্তা হিচাপে টেলকোত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা সুধা মূৰ্তি এতিয়া ইনফ’ছিছৰ মেৰুদণ্ড হৈ পৰিছে বুলিও কয় । তেওঁ লগতে কয় যে ক্ষেপণাস্ত্ৰ নিৰ্মাণত নিজৰ নাম উজলাই তোলা ডাঃ টেছি থমাছ সকলোৰে বাবে প্ৰেৰণা ।
তেওঁ লগতে কয়, "ভৱিষ্যতে ৰাজনীতি, বিজ্ঞান, প্ৰযুক্তি আৰু ক্ৰীড়াত মহিলাৰ ভূমিকা বৃদ্ধি পাব আৰু তেওঁলোক নীতিগত সিদ্ধান্ত লোৱাৰ স্তৰলৈ উন্নীত হ'ব ।"
কিৰণে কয় যে যুৱতীসকল আগবাঢ়ি আহিছে, নিজাববীয়াকৈ বিকাশ ঘটাইছে লগতে ব্যৱসায়িক খণ্ডত আনক পথ প্ৰদৰ্শন কৰিবলৈ নতুন পথ নিৰ্ধাৰণ কৰিছে । "ফৰ্চুন ৫০০ কোম্পানীসমূহৰ কমেও ১০ শতাংশত চি ই অ' হিচাপে মহিলা আছে আৰু নতুন কোম্পানী প্ৰতিষ্ঠা কৰা মহিলাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । ৫০ বছৰ বয়সত নাইকা (Nykaa) প্ৰতিষ্ঠা কৰা ফাল্গুণী নায়াৰ আৰু যুৱ উদ্যোগী ৰশ্নি নাদাৰ মালহোত্ৰা হৈছে ইয়াৰ শেহতীয়া উদাহৰণ ।"
কিৰণে কয়, "যদি মহিলাসকলে নেতৃত্ব দিয়ে তেন্তে সমাজখনৰ বিকাশ ঘটিব; যদি তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰে তেন্তে উদ্যোগসমূহ বৃদ্ধি পাব; আৰু যদি তেওঁলোকে অধিক সফলতা লাভ কৰে তেন্তে দেশখন আগবাঢ়ি যাব ।"
সন্মিলনত ভাষণ দি আই আই টি হায়দৰাবাদৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ৰাজ্যলক্ষ্মীয়ে প্ৰযুক্তিখণ্ডৰ উন্নতিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰে ।
আই চি এফ এ আই বিশ্ববিদ্যালয়ৰ ডীন সুনীতাৰাণীয়ে কয় যে যদিও মহিলাসকলে সমাজত অগ্ৰগতি লাভ কৰিছে, তথাপিও বহু প্ৰত্যাহ্বান আছে । ভাৰপ্ৰাপ্ত উপাচাৰ্য কোটিৰেড্ডীয়ে আঙুলিয়াই দিয়ে যে মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণ আৰু কৰ্মশক্তিত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ মূল কাৰক ।
হায়দৰাবাদৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰৰ অধ্যাপিকা দীপা শ্ৰীনিবাসে অন্যান্য অংশগ্ৰহণকাৰীসকলৰ লগতে অংশগ্ৰহণ কৰে ।

