চূড়ান্ত পৰ্যায়ত ‘স্মাৰ্ট ব’ৰ্ডাৰ’ নিৰ্মাণৰ কাম, শীঘ্ৰে ৭-৮ স্থানত পাইলট প্ৰজেক্ট আৰম্ভ হ’ব : অমিত শ্বাহ
প্ৰায় ৬৫০ কিলোমিটাৰ ফেন্সিঙৰ ভিতৰত ১১৯ কিলোমিটাৰ ফেন্সিং ১৫ বছৰতকৈও অধিক পুৰণি ৷ ইয়াক সলনি কৰাৰ বাবে ইতিমধ্যে চৰকাৰে অনুমোদন জনাইছে ৷

By ANI
Published : June 6, 2026 at 12:00 AM IST
আগৰতলা(ত্ৰিপুৰা): বিগত কিছুদিন পূৰ্বে পাকিস্তান আৰু বাংলাদেশৰ সৈতে ভাৰতে উন্নত সীমান্ত নিৰ্মাণ কৰাৰ কথা দেশৰ গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৷ সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা আয়োজিত বাৰ্ষিক ৰুষ্টমজী সোঁৱৰণী সভাত বক্তৃতা প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য প্ৰকাশ কৰিছিল ৷
শুকুৰবাৰে পুনৰ এক অনুষ্ঠানত গৃহমন্ত্ৰী শ্বাহে এই প্ৰসংগটো পুনৰ এবাৰ নিজৰ ভাষণত উল্লেখ কৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰি কয় যে “স্মাৰ্ট ব’ৰ্ডাৰ” অথবা উন্নত সীমান্ত নিৰ্মাণৰ ধাৰণাটো সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে ৷ অতি শীঘ্ৰে সাতৰ পৰা আঠটা স্থানত পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰা হ’ব ।
India will soon roll out a Smart Border pilot project, using drones, sensors, and smart fencing to enhance border security and surveillance. pic.twitter.com/UxMJ6fdz9i
— Amit Shah (@AmitShah) June 5, 2026
সীমান্তৰ ফেন্সিং ব্যৱস্থাৰ আধুনিকীকৰণৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ তেওঁ কয় যে প্ৰায় ৬৫০ কিলোমিটাৰ ফেন্সিঙৰ ভিতৰত ১১৯ কিলোমিটাৰ ফেন্সিং ১৫ বছৰতকৈও অধিক পুৰণি ৷ ইয়াক সলনি কৰাৰ বাবে ইতিমধ্যে চৰকাৰে অনুমোদন জনাইছে ৷
বিএছএফৰ লংকামুৰা সীমান্ত চকী ভ্ৰমণৰ সময়ত শ্বাহে কয়, ‘‘স্মাৰ্ট সীমান্ত নিৰ্মাণৰ ধাৰণাটো অন্তিম পৰ্যায়ত আছে ৷ দেশৰ বিভিন্ন সীমান্তৰ সাত-আঠ স্থানত একেলগে 'স্মাৰ্ট ব’ৰ্ডাৰ' নিৰ্মাণৰ বাবে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হ'ব । অত্যাধুনিক প্ৰযুক্তি, ড্ৰোণ, চেন্সৰ আৰু স্মাৰ্ট ফেন্সিং ব্যৱহাৰ কৰি এক অত্যাধুনিক বা স্মাৰ্ট নিৰাপত্তা ব্যৱস্থাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ।’’
বিএছএফক গুৰুত্বপূৰ্ণ সীমান্ত পহৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ভাষণত উল্লেখ কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বিএছএফ আৰু সশস্ত্ৰ সীমা বল(এছএছবি) নিয়োগ কৰা প্ৰতিটো স্থানতে ‘স্মাৰ্ট সীমান্ত’ গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে ।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ‘চতুৰ্ভূজ সুৰক্ষা ৰণনীতি’ ৰ অধীনত স্থানীয় প্ৰশাসন, উন্নত প্ৰযুক্তি আৰু নিৰাপত্তাৰক্ষীৰ প্ৰচেষ্টাক একত্ৰিত কৰি সীমান্তসমূহক অভেদ্য দুৰ্গলৈ পৰিণত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
स्थानीय प्रशासन, मॉडर्न टेक्नोलॉजी और BSF जवानों को साथ लेकर मोदी सरकार फुलप्रूफ सुरक्षा ग्रिड बना रही है। pic.twitter.com/aYaJSNRuC6
— Amit Shah (@AmitShah) June 5, 2026
মন্ত্ৰী শ্বাহে লগতে কয় যে পাইলট পৰ্যায়ত সন্মুখীন হোৱা প্ৰাৰম্ভিক প্ৰত্যাহ্বানসমূহ সমগ্ৰ সীমান্ত সামৰি ল’ব পৰাকৈ শৈলীটো সজাই তোলাৰ পূৰ্বে সমাধান কৰা হ’ব । ‘‘সীমান্তৰ নিৰাপত্তা অকলে এজন ব্যক্তিৰ অভিযান হ'ব নোৱাৰে’’ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, গাঁওবুঢ়া, আধুনিক তথা উন্নত প্ৰযুক্তি আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ যুটীয়া প্ৰচেষ্টাই এক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ সৃষ্টি কৰিব ।
শ্বাহে কয় যে সীমান্ত অঞ্চলত স্থানীয় প্ৰশাসনক একত্ৰিত নকৰাকৈ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাটো অসম্ভৱ ৷ তেওঁ গুৰুত্ব আৰোপ কৰে যে সীমান্ত সুৰক্ষা ফলপ্ৰসু কৰিবলৈ এক সমন্বিত, সৰ্বাংগীন দৃষ্টিভংগীৰ প্ৰয়োজন ।
পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কেইবাটাও বিষয়ত আলোকপাত কৰি কয় যে নিৰাপত্তাৰক্ষীৰ সুবিধা উন্নত কৰাৰ লক্ষ্যৰে আন আন কেইবাটাও প্ৰকল্প গ্ৰহণ কৰা হৈছে ৷ যেনে - সীমান্তৰ আউটপোষ্টত নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান, সেউজ শক্তিৰ পদক্ষেপ আৰু বিশুদ্ধ খোৱাপানীৰ উপলব্ধতা ৷ অৱশ্যে এই প্ৰকল্প গ্ৰহণ কৰাই নহয়, বৰং ইয়াৰ সকলো কাম সম্পূৰ্ণ হৈছে । গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ত্ৰিপুৰা সীমান্তই দেশৰ সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁ ত্ৰিপুৰাক তিনিফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰে আগুৰি থকা স্পৰ্শকাতৰ ৰাজ্য বুলি অভিহিত কৰে ।
প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি শ্বাহে কয় যে ভাৰতে ২০৪৭ চনৰ ভিতৰত এখন সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন ।
Addressed BSF personnel at Lankamura Border Outpost in Tripura.
— Amit Shah (@AmitShah) June 5, 2026
BSF stands guard over our borders and strengthens communities living along the borders with selfless service. The Modi government is continuously equipping the BSF with cutting-edge technologies, security… pic.twitter.com/8iRuVUxTlF
মন্ত্ৰী শ্বাহে যুৱক-যুৱতীসকলক সহজে প্ৰভাৱিত কৰিব পৰা চোৰাং ব্যৱসায়, মানৱ সৰবৰাহ আৰু ড্ৰাগছ সেৱনৰ দৰে কাৰ্যৰ পৰা আঁতৰত ৰাখি দেশখনক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই সকলোবোৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে বিস্তৃত পৰিসৰত “স্মাৰ্ট সুৰক্ষা ব্যৱস্থা” সৃষ্টিৰ বাবে কাম কৰি আছে । তেওঁ সীমান্ত বেৰ দিয়াৰ ধাৰণা আৰু নিৰাপত্তা বাহিনীৰ সামগ্ৰিক কৰ্ম সংস্কৃতি দুয়োটাতে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
কৰ্তব্যৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে সমাজত প্ৰভাৱ পেলোৱা সকলো প্ৰত্যাহ্বানৰ পৰা দেশ আৰু ইয়াৰ সীমান্তক ৰক্ষা কৰাটোৱে সৰ্বোচ্চ দায়িত্ব । এই অনুষ্ঠানটোত ভাষণ প্ৰদানৰ পূৰ্বে মন্ত্ৰী শ্বাহে বিএছএফ আৰু সীমান্তৰক্ষী জোৱানসকলৰ সৈতে মত বিনিময় কৰে ।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আগৰতলাত গছপুলি ৰোপণ অভিযানৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে এটা আগৰৰ পুলি ৰোপণ কৰে । এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ লগতে কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সচিব(সীমা ব্যৱস্থাপনা) আৰু বিএছএফৰ সঞ্চালকপ্ৰধানে ৷
লগতে পঢ়ক: অৰণ্যখনেই আমাৰ মাতৃগৃহ ! চিপকো আন্দোলনৰ জন্মদাত্ৰী গৌৰা দেৱীক মনত আছেনে ?

