ভাৰতীয় সেনাৰ কে-৯ যোদ্ধাৰ বিশেষ অনুশীলন, যুদ্ধ দক্ষতা প্ৰদৰ্শন
মণিপুৰৰ লেইমাখং সামৰিক ষ্টেচনত ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছৰ অধীনস্থ ৰেড শ্বিল্ড ডিভিজনৰ কে-৯ যোদ্ধাৰ বিশেষ অনুশীলন ।

Published : May 8, 2026 at 8:43 PM IST
তেজপুৰ: দেশৰ নিৰাপত্তা বাহিনীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে কে-৯ । কে-৯ হৈছে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ । যিয়ে বিস্ফোৰক উদ্ধাৰ, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান, নিৰুদ্দেশ হোৱা লোকৰ সন্ধান, অপৰাধস্থলীত প্ৰমাণ বিচাৰি উলিওৱা আদি বিভিন্ন দেশৰ সুৰক্ষাৰ সৈতে জড়িত কামত নিৰাপত্তা বাহিনীক সহায় কৰে ।
দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত এই কে-৯ৰ যথেষ্ট গুৰুত্ব আছে । সময়ে সময়ে এই কে-৯ যোদ্ধাসকলক প্ৰশিক্ষণ আৰু যিকোনো পৰিস্থিতিৰ বাবে তেওঁলোকৰ হেণ্ডলাৰৰ সৈতে সাজু কৰিবলৈ অনুশীলন চলোৱা হয় ।
তাৰ অংশ হিচাপে শুকুৰবাৰে ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছৰ অধীনস্থ ৰেড শ্বিল্ড ডিভিজনৰ কে-৯ যোদ্ধাসকলে মণিপুৰৰ লেইমাখং সামৰিক ষ্টেচনত অনুষ্ঠিত বিশেষ অনুশীলনত অংশগ্ৰহণ কৰে । য'ত তেওঁলোকে নিজৰ যুদ্ধ দক্ষতা আৰু কাৰ্যক্ষমতা প্ৰদৰ্শন কৰে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে এই কথা অৱগত কৰিছে । তেওঁ জনোৱা মতে এই উচ্চ পৰ্যায়ৰ বিশেষ অনুশীলনত ৫ টা ডগ স্কোৱাডৰ দলে অংশগ্ৰহণ কৰে ।

অনুশীলনটোৰ মূল উদ্দেশ্য হৈছে দ্ৰুত হেলিব'ৰ্ণ ইনছাৰ্চন ক্ষমতা বৃদ্ধি, অভিযানৰ সময়ত সমন্বয়, যুদ্ধৰ প্ৰস্তুতি আৰু কঠিন পৰিস্থিতিত সেনাৰ মাজত সমন্বিত কাৰ্যক্ষমতা অধিক শক্তিশালী কৰা । এই অনুশীলনত ডগ হেণ্ডলাৰ আৰু সামৰিক অভিযানত জড়িত কুকুৰবোৰৰ মাজৰ পেছাদাৰী দক্ষতা, আত্মবিশ্বাস আৰু দলীয় সমন্বয় প্ৰতিফলিত হয় । কে-৯ ইউনিটসমূহে কঠিন ভূখণ্ড আৰু বিপদসংকুল পৰিস্থিতিতো সফলভাৱে অভিযান চলাব পৰা সামৰ্থ্য প্ৰদৰ্শন কৰে, যিয়ে ভাৰতীয় সেনাৰ উচ্চমানৰ অভিযানৰ প্ৰস্তুতিক পুনৰ প্ৰতিফলিত কৰে ।

নিৰাপত্তা বাহিনীয়ে ব্যৱহাৰ কৰা এই কুকুৰবোৰ দুৰ্যোগ, অনুসন্ধান আৰু উদ্ধাৰ অভিযান, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । মুখপাত্ৰগৰাকীৰ মতে মণিপুৰত এই সফল অনুশীলনে আধুনিক সামৰিক অভিযান আৰু আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাত কে-৯ দলবোৰৰ গুৰুত্ব পুনৰ প্ৰতিফলিত কৰে ।
লগতে পঢ়ক :
উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত সেৱাৰ ৬৫ বছৰ সম্পূৰ্ণ BRO-ৰ প্ৰজেক্ট ভৰ্তকৰ

