ETV Bharat / bharat

নগা ছাত্ৰ সন্থাৰ গণতান্ত্ৰিক প্ৰতিবাদ আৰম্ভ: ছয় নগা পণবন্দীক উদ্ধাৰৰ দাবীত ইম্ফল অভিমুখে সমদল

ছয় নগা পণবন্দীক উদ্ধাৰৰ দাবীত গণ আন্দোলনৰ ঘোষণা মণিপুৰৰ সদৌ নগা ছাত্ৰ সন্থাৰ ৷

Six Naga people missing in Manipur, ANSAM to go for agitation
ছয় নগা পণবন্দীক উদ্ধাৰৰ দাবী প্ৰতিবাদী সমদল (PTI File Photo)
author img

By ETV Bharat Assamese Team

Published : June 4, 2026 at 4:27 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: মণিপুৰৰ সদৌ নগা ছাত্ৰ সন্থাই (All Naga Students’ Association চমুকৈ ANSAM) ছয়জন নগা পণবন্দীৰ সন্ধান আৰু সুৰক্ষাৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কথা ঘোষণা কৰিছে । সংগঠনটোৱে অভিযোগ কৰে যে, যোৱা ১৩ মে’ত লেইলন ভাইফেই গাঁৱৰ পৰা অপহৰণ হৈছিল ব্যক্তিকেইজন ৷ পণবন্দীসকলক উদ্ধাৰৰ বাবে বিগত ১৩ মে’ৰ পৰা এতিয়ালৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে এইক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ।

বৃহস্পতিবাৰে উখৰুল জিলা সদৰত অনুষ্ঠিত হোৱা এক জৰুৰী বৈঠকৰ অন্তত জাৰি কৰা এক বিবৃতিত সন্থাটোৱে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত গভীৰ হতাশা প্ৰকাশ কৰে । লগতে সন্থাটোৱে কয় যে চৰকাৰক পূৰ্বে দিয়া সময়ৰ ম্যাদ উকলি গৈছে, ইয়াৰ পাছতো পণবন্দী হৈ থকা লোকসকলৰ সুৰক্ষা আৰু অৱস্থাৰ সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট তথ্য প্ৰদান কৰাত ব্যৰ্থ হৈছে কৰ্তৃপক্ষ ।

Six Naga people missing in Manipur, ANSAM to go for agitation
মণিপুৰৰ অল নাগা ষ্টুডেণ্টছ এছ’চিয়েশ্ব’নৰ বিবৃতি (ETV Bharat)

৩ জুনত উখৰুল জিলা সদৰত অনুষ্ঠিত এক জৰুৰী সভাত এই বিষয়টোক লৈ বিস্তৃত আলোচনা হয় । টাংখুল কাটামনাও ছাকলং (Tangkhul Katamnao Saklong চমুকৈ TKS)-ৰ উদ্যোগত অনুষ্ঠিত এই সভাত উপস্থিত সদস্যসকলে পণবন্দী লোকৰ পৰিয়ালৰ মানসিক যন্ত্ৰণা আৰু উদ্বেগৰ বিষয়ত গভীৰ চিন্তা প্ৰকাশ কৰে ।

সভাত গৃহীত সিদ্ধান্ত অনুসৰি, বৃহস্পতিবাৰৰ পৰা উখৰুল-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ ২০২ৰে ইম্ফল অভিমুখে এক গণতান্ত্ৰিক পদযাত্ৰা আৰম্ভ কৰা হয় আৰু সংগঠনটোৰ সদস্যসকলে মাখান গাঁৱত পণবন্দীসকলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত যিকোনো সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পূৰ্বে নগা নাগৰিক সমাজৰ গোটসমূহৰ মাজত ব্যাপক আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰতো সন্থাটোৱে গুৰুত্ব আৰোপ কৰে । নগা অঞ্চলৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ আৰু যিকোনো পৰিস্থিতিৰ প্ৰত্যুত্তৰ দিবলৈ সংঘৰ প্ৰাক্তন নেতাসকলক লৈ এখন সমিতি গঠন কৰাৰ সংকল্প লয় সদৌ নগা ছাত্ৰ সন্থাই ।

বিবৃতিটোত সদৌ নগা ছাত্ৰ সন্থাই স্পষ্টভাৱে সকীয়াই দিয়ে যে ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণতান্ত্ৰিক পদযাত্ৰাৰ সময়ত সংঘটিত হোৱা যিকোনো অপ্ৰীতিকৰ ঘটনাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দায়ী হ’ব । সদৌ নগা ছাত্ৰ সন্থাই লগতে কয় যে ছয় পণবন্দীক সুৰক্ষিতভাৱে পৰিয়ালৰ কাষলৈ ঘূৰাই অনা আৰু তেওঁলোকৰ ন্যায় নিশ্চিত নোহোৱা পৰ্যন্ত সংগঠনটোৱে এই শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব ।

লগতে পঢ়ক : ছয় পণবন্দীক মুকলিৰ দাবীত নগা পিপলছ ইউনিয়নৰ প্ৰতিবাদ

লগতে পঢ়ক : মণিপুৰত ৩ নগাৰ ওপৰত আক্ৰমণ; স্থানীয় সংগঠনৰ তীব্ৰ গৰিহণা

লগতে পঢ়ক : সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বনবিভাগৰ শিবিৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ