ETV Bharat / bharat

নিৰাপত্তাৰক্ষীৰ অভিযানত উদ্ধাৰ ৬ টাকৈ মৃতদেহ; জব্দ অস্ত্ৰ, বিস্ফোৰক সামগ্ৰী

মণিপুৰ আৰক্ষী, চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত উদ্ধাৰ হৈছে মৃতদেহকেইটা ।

Manipur Police
মণিপুৰ আৰক্ষীৰ অভিযানত জব্দ অস্ত্ৰ-শস্ত্ৰ (x@manipurpolice)
author img

By ETV Bharat Assamese Team

Published : June 10, 2026 at 7:53 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : চলি থকা হিংসাৰ মাজতে মণিপুৰত নিৰাপত্তা বাহিনীৰ এক বৃহৎ অভিযান । প্ৰায় ২৪ ঘণ্টাত আৰক্ষীয়ে উদ্ধাৰ কৰে ৬ টাকৈ মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ কৰে । মণিপুৰ আৰক্ষীয়ে বুধবাৰে জনোৱা মতে প্ৰায় ২৪ ঘণ্টা ধৰি চলা এক ব্যাপক যৌথ তালাচী অভিযানত আৰক্ষীয়ে ৬ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এই অভিযানত মণিপুৰ আৰক্ষী, চিআৰপিএফ আৰু অসম ৰাইফলছৰ প্ৰায় ৪৫০ গৰাকী জোৱানে অংশগ্ৰহণ কৰে ।

আৰক্ষীৰ মতে অভিযানত বিশেষভাৱে প্ৰশিক্ষিত স্নিফাৰ ডগ আৰু ফৰেনছিকৰ দলেও সহযোগিতা আগবঢ়ায় । আৰক্ষীয়ে জানিবলৈ দিয়া মতে উদ্ধাৰ হোৱা মৃতদেহকেইটা ২০২৬ চনৰ ১৩ মে'ত লেইলন ভাইফেই অঞ্চলৰ পৰা অপহৃত হোৱা লোকসকলৰ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে । অৱশ্যে মৃতদেহকেইটা এতিয়াও চিনাক্ত কৰা হোৱা নাই ।

মণিপুৰ আৰক্ষীয়ে কয় যে মৃতদেহকেইটাৰ পৰিচয় নিশ্চিতকৰণ, মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য প্ৰয়োজনীয় আইনী ব্যৱস্থা সম্পন্ন কৰা হৈছে । ঘটনাটোৰ সৈতে জড়িত সকলো দিশৰ ওপৰত তদন্ত চলি আছে আৰু দোষীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰো প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

মণিপুৰ আৰক্ষীয়ে এই উদ্ধাৰ অভিযানক তদন্তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলি অভিহিত কৰি ঘটনাটোৰ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে । আনহাতে ৯ জুনত চান্দেল জিলাৰ চকপিকাৰং থানাৰ অন্তৰ্গত আইগেজাং অঞ্চলত চলোৱা আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।

উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে ১ টা .২২ ৰাইফল, মেগজিনসহ ১ টা হস্ত নিৰ্মিত ৯ এম এম পিষ্টল, ৫ টা চিএমজি, ৪ টা বন্দুক, প্ৰায় ১.২ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী আৰু ৩ টা বাওফেং ৰেডিঅ' ছেট । মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰাজ্যখনত শান্তি আৰু আইন-শৃংখলা পৰিস্থিতি বজাই ৰাখিবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :

জম্মু-কাশ্মীৰত আকস্মিক গ্ৰেনেড বিস্ফোৰণত ২ জোৱান নিহত