আপুনি ধুম্ৰপায়ী নেকি ? যদি চিগাৰেট হুপে তেন্তে জেপ গধুৰ কৰক
ধঁপাত, চিগাৰেট, পাণমচলাৰ ওপৰত নতুন চেছ ব্যৱস্থা ৷

Published : December 1, 2025 at 5:02 PM IST
নতুন দিল্লী: আপুনিও চিগাৰেট হুপে নেকি ? যদি আপুনি ধুম্ৰপায়ী তেন্তে আপোনাৰ খৰচ বাঢ়িল ৷ সোমবাৰে লোকসভাত উত্থাপন কৰা হয় ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক আৰোপ সম্পৰ্কীয় দুখনকৈ বিধেয়ক ৷ লগতে পাণমচলা নিৰ্মাণৰ ক্ষেত্ৰত নতুন চেছ উত্থাপনৰো বিধেয়ক উত্থাপন কৰা হয় ৷ কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়কখনে জি এছ টি ক্ষতিপূৰণ চেছৰ ঠাই ল’ব, যিটো বৰ্তমান চিগাৰেট, ধঁপাত, চিগাৰ, হোকা, জৰ্দা আৰু সুগন্ধি ধঁপাত আদিৰ ওপৰত আৰোপিত হৈ আছে ।
সংসদত আজি বিধেয়কখন উত্থাপন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জি এছ টি ক্ষতিপূৰণৰ চেছ শেষ হ’লেই ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্কৰ হাৰ বৃদ্ধিৰ বাবে চৰকাৰক বিত্তীয় স্থান দিয়াৰ বিষয়ে দোহাৰে ।
কেন্দ্ৰীয় আবকাৰী সংশোধনী বিধেয়কত চিগাৰ, চিগাৰেটৰ ওপৰত আবকাৰী শুল্ক প্ৰতি ১০০০ ষ্টিকত ৫,০০০–১১,০০০ টকাৰ ভিতৰত আৰোপ কৰিব বিচৰা হৈছে । লগতে অনিৰ্মিত ধঁপাতৰ ওপৰত ৬০-৭০ শতাংশ আৰু নিক'টিনজাতীয় সামগ্ৰীৰ ওপৰত ১০০ শতাংশ লেভীৰ প্ৰস্তাৱ আগবঢ়াইছে । বৰ্তমান চিগাৰেটৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি ৫ শতাংশ ক্ষতিপূৰণ চেছৰ লগতে প্ৰতি ১০০০ ষ্টিক চেছত ২,০৭৬-৩,৬৬৮ টকাৰ ক্ষতিপূৰণৰ চেছৰ ব্যৱস্থা আছে ।
বিধেয়কখনৰ উদ্দেশ্য আৰু কাৰণ সম্পৰ্কত কোৱা হৈছে যে জনস্বাস্থ্যৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে লক্ষ্যভিত্তিক ব্যৱহাৰ সক্ষম কৰাৰ উদ্দেশ্যৰ দিশত অৰিহণা যোগাবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা চেছ আৰোপ কৰাৰ প্ৰস্তাৱ কৰা হৈছে ।
বিৰোধীৰ আপত্তি:
ডি এম কেৰ সাংসদ কাথিৰ আনন্দই আৰম্ভণিৰ পৰ্যায়তে এই বিধেয়কৰ বিৰোধিতা কৰিছিল । "বিধেয়কখন কাৰিকৰীভাৱে সুস্থ যেন লাগিব পাৰে কিন্তু প্ৰথম অৱস্থাত ই ভাৰতৰ সাধাৰণ নাগৰিকৰ ওপৰত নতুন কঠোৰ আৰ্থিক বোজা জাপি দিব, সেয়েহে মই বিধেয়কখনৰ বিৰুদ্ধে আপত্তি কৰো ।" সাংসদ কাথিৰ আনন্দে কয় ৷
টি এম চিৰ সদস্য সৌগত ৰায়ে ধঁপাত ক্ষতিকাৰক বুলি বিধেয়ক দুখন উত্থাপন কৰাৰ বিৰোধিতা কৰে যদিও কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়কত সেই কথা উল্লেখ কৰা হোৱা নাই ।
ইতিহাস:
২০১৭ চনৰ ১ জুলাইত জি এছ টি প্ৰৱৰ্তনৰ সময়ত ২০২২ চনৰ ৩০ জুনলৈকে ৫ বছৰৰ বাবে ক্ষতিপূৰণ চেছ ব্যৱস্থা আৰম্ভ কৰা হৈছিল । ইয়াৰ দ্বাৰা জি এছ টি ৰূপায়ণৰ বাবে ৰাজ্যসমূহে মুখামুখি হোৱা ৰাজহৰ লোকচান পূৰণ কৰিব বুলি আশা কৰা হৈছিল । ২০২৬ চনৰ ৩১ মাৰ্চলৈ চাৰি বছৰৰ বাবে বৃদ্ধি কৰা এই লেভীৰ পৰা পোৱা ধনেৰে ক'ভিডৰ সময়ছোৱাত ৰাজ্যসমূহক জি এছ টিৰ ৰাজহৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰই লোৱা ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে । যিহেতু ডিচেম্বৰৰ কোনোবা এটা সময়ৰ ভিতৰত ঋণ পৰিশোধৰ সময়সূচী সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে ক্ষতিপূৰণৰ চেছৰ অস্তিত্ব নাইকিয়া হৈ যাব । ইয়াৰ পূৰ্বে ২০২৫ চনৰ ৩ ছেপ্টেম্বৰত জি এছ টি পৰিষদে সিদ্ধান্ত লৈছিল যে ধঁপাত আৰু পানমচলাৰ ক্ষতিপূৰণৰ চেছৰ সৈতে লোৱা ঋণ পৰিশোধ নোহোৱালৈকে চলি থাকিব ।

